'২৫ ৰ ভিতৰত বি টি আৰ চুক্তিৰ দীৰ্ঘম্য়াদী দফা সমাধানৰ বাবে চৰকাৰ আগবাঢ়িছে : কাতিৰাম বড়ো
নিকাছি আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণিত বিটিআৰৰ অধ্যক্ষই ক'লে নতুন বছৰৰ পৰিকল্পনাৰ কথা ।

Published : December 30, 2024 at 1:07 PM IST
বাক্সা : "২০২০ চনত তৃতীয় বি টি আৰ চুক্তি হৈছিল ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু প্ৰমোদ বড়োৰ নেতৃত্বত বড়ো ৰাইজৰ মাজত ৷ ইতিমধ্যে চুক্তিৰ কেবাটাও দফা সমাধান হৈছে যদিও কিছুমান দফা এতিয়াও কাৰ্যকৰী হ'বলৈ বাকী আছে ৷" বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে এইদৰে মন্তব্য় কৰে । বাক্সা জিলাৰ নিকাছি আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰি বি টি আৰৰ অধ্যক্ষগৰাকীয়ে এইদৰে কয় ।
বি টি আৰৰ অধ্যক্ষগৰাকীয়ে আৰু কয়, "প্ৰমোদ বড়োৰ নেতৃত্বত চলা বি টি আৰ চৰকাৰে অহা ২০২৫ চনৰ ভিতৰত বি টি আৰ চুক্তিৰ দীৰ্ঘম্য়াদী দফাসমূহ সমাধান কৰিবলৈ আগবাঢ়িছে ৷" তেওঁ পুনৰ কয়," ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ জন্ম হৈছিল আৰু আজি ৫৭ বছৰ ধৰি বড়ো ৰাইজৰ সৰ্বাংগীণ উন্নয়ন, অধিকাৰৰ হকে কাম কৰি আছে ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম, প্ৰয়াত ছৌমলাও বসুমতাৰী, ইউ জি ব্ৰহ্ম, ৰবিৰাম নাৰ্জাৰী,ৰণগৌৰা নাৰ্জাৰীকে ধৰি বৰ্তমানৰ সভাপতি দ্বীপেন বড়োৱে অবিৰতভাৱে কাম কৰি আহিছে ৷"
অধ্যক্ষ কাতিৰাম বড়োৱে কয়,"স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ’ল যদিও বড়োসকলৰ অধিকাৰৰ বিষয়ে কোনেও মাত মতা নাছিল ৷ বৰ্তমান বি টি আৰ চুক্তি অনুসৰি বড়োসকলৰ ভূমিৰ সমস্যা ইতিমধ্যে সমাধান হৈছে আৰু কিছুমান সমস্যা সমাধান হ'বলৈ গৈ আছে ৷"
উল্লেখ্য যে বাক্সা জিলাৰ নিকাছি আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সোণালী জয়ন্তী অনুষ্ঠান তিনিদিনীয়া কাৰ্যসূচীৰে ২৭,২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হয় ৷ নিকাছি আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ সভাপতি ৰজেন দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিখিল বড়ো ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দীনেশ ব্ৰহ্ম, বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বড়ো মাতৃ সংগঠনৰ প্ৰচাৰ সম্পাদিকা লীলা বসুমতাৰী, বাক্সা জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দীপক বসুমতাৰী উপস্থিত থাকে ৷

