
যোগ-পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে ধেমাজিত উপস্থিত মহীশূৰৰ যুৱক - Yoga and environment awareness
Awareness for yoga and environment: যোগ আৰু পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য জোনাইত উপস্থিত কৰ্ণাটকৰ মহীশূৰৰ কৃষ্ণ নায়ক ৷ পদব্ৰজে দুই প্ৰতিবেশী ৰাষ্ট্ৰ ক্ৰমে নেপাল আৰু ভূটানলৈ যাত্ৰা কৰাৰো পৰিকল্পনা পুহি ৰাখিছে যুৱকজনে ৷ জোনাইত শিক্ষাৰ্থীসকলৰ মাজত মত বিনিময় কৰে নায়কে ৷

Published : August 9, 2024 at 3:47 PM IST
জোনাই, 9 আগষ্ট: নৱপ্ৰজন্মৰ শাৰীৰিক তথা মানসিক বিকাশৰ বাবে যোগৰ লগতে প্ৰাণায়ম অতীব প্ৰয়োজন - এই উদ্দেশ্যে আগত ৰাখিয়েই দুবছৰ পূৰ্বে সমগ্ৰ দেশজুৰি পদযাত্ৰা আৰম্ভ কৰিছিল কৰ্ণাটকৰ মহীশূৰৰ এজন যুৱকে ৷ যুৱকজনৰ নাম কৃষ্ণ নায়ক ৷ যোগ আৰু পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্য কৃষ্ণাই ভাৰতৰ লগতে কেইবাখনো বহিঃৰাষ্ট্ৰও পদব্ৰজে ভ্ৰমণ কৰে ৷
পদব্ৰজে বিদেশী ৰাষ্ট্ৰত ভৰি দিয়াৰ সপোন কৃষ্ণা নায়কৰ
ভাৰতৰ বিভিন্ন ৰাজ্যৰ উপৰিও পদব্ৰজে দুই প্ৰতিবেশী ৰাষ্ট্ৰ ক্ৰমে নেপাল আৰু ভূটানলৈ যাত্ৰা কৰাৰো পৰিকল্পনা পুহি ৰাখিছে যুৱকজনে ৷
উল্লেখযোগ্য যে, 2022 চনৰ 16 অক্টোবৰত কৰ্ণাটকৰ মহীশূৰৰ পৰা দুভৰিৰে যাত্ৰা আৰম্ভ কৰিছিল অদম্য কৃষ্ণ নায়কে ৷
19 নম্বৰ স্থানত অসম
মহীশূৰৰ যুৱকজনে তেওঁৰ সন্দৰ্ভত ক’লে, "বৰ্তমান পৰ্যন্ত মই 12,000 কি.মি. খোজ কাঢ়িছো ৷ ইয়াৰ পূৰ্বে মই 18 খন ৰাজ্য ভ্ৰমণ কৰিলো পদব্ৰজে ৷ অসম 19 নম্বৰ ৰাজ্য ৷ অসমৰ পূৰ্বে তেলেংগানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড়, পশ্চিমবংগ আদি ৰাজ্যত পদব্ৰজে উপস্থিত হৈছিলো ৷"
বুধবাৰে জোনাইত উপস্থিত
ভাৰতৰ প্ৰতিগৰাকী লোকৰ মনত যোগ শিক্ষাৰ প্ৰসাৰ আৰু পৰিৱেশ সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য দুবছৰ পূৰ্বে পদযাত্ৰা আৰম্ভ কৰা কৃষ্ণ নায়কে ভাৰতৰ বিভিন্ন ৰাজ্যত উপস্থিত হোৱাৰ পাছত বুধবাৰে অসমৰ ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তৰ জোনাইত উপস্থিত হয় ।
যুৱকজনে জোনাইত নিশা কটোৱাৰ পিছতে বৃহস্পতিবাৰে জোনাই বালিকা মহাবিদ্যালয়ত উপস্থিত হৈ ছাত্ৰী-ছাত্ৰীসকলৰ মনত যোগৰ সমান্তৰালভাৱে পৰিৱেশ সম্পৰ্কীয় সজাগতা সন্দৰ্ভতো বক্তব্য প্ৰদান কৰে ৷
যোগ সন্দৰ্ভত মহীশূৰৰ যুৱকজনে কয়, "যোগ হৈছে,শৰীৰ আৰু মনক প্ৰণালীৱদ্ধভাবে প্ৰশিক্ষণ দি শৰীৰ, মন আৰু আত্মাৰ মাজত সংহতি, ঐক্য স্থাপন কৰাৰ এক প্ৰক্ৰিয়া ৷" যোগৰ প্ৰয়োজনীয়তা আৰু বৈজ্ঞানিক দৃষ্টিভংগী সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই কৃষ্ণই ছাত্ৰসকলৰ মাজত কেবাটাও গুৰুত্বপূৰ্ণ যোগ প্ৰদৰ্শন কৰে ৷

