ETV Bharat / state

অসম বিৰোধী মন্তব্য়: কৰ্ণাটকৰ কংগ্রেছী মন্ত্রীক ক্ষমা খোজাৰ দাবী জনাই পুত্তলিকা দাহ - Anti Assam remarks

Controversial remarks of congress leader: অসমত দক্ষতাৰ অভাৱ বুলি এগৰাকী কংগ্ৰেছী নেতাই মন্তব্য় কৰাৰ পিছতেই সৃষ্টি হৈছে বিতৰ্কৰ । এইগৰাকী নেতা হৈছে কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ পুত্ৰ ।

All Assam Unemployed Association protest
সদৌ অসম নিবনুৱা সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 28, 2024 at 5:45 PM IST

2 Min Read
Choose ETV Bharat

লখিমপুৰ, ২৮ ছেপ্টেম্বৰ : ৰাজ্য়ত এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে নহয়, বিতৰ্কিত মন্তব্য়ৰ বাবেহে জ্বলিল কংগ্রেছী নেতাৰ পুত্তলিকা । শনিবাৰে অসম বিৰোধী মন্তব্য় কৰা বাবে কৰ্ণাটকৰ কংগ্রেছী মন্ত্রীৰ পুত্তলিকা দাহ কৰি সকীয়াই দিলে সদৌ অসম নিবনুৱা সন্থাই । সন্থাৰ কেন্দ্রীয় সমিতিয়ে আজি বিয়লি লখিমপুৰ নগৰত কৰ্ণাটকৰ কংগ্রেছী মন্ত্রী প্ৰিয়াংক খাৰ্গেৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্য়স্ত কৰে ।

প্রিয়াংক খার্গেৰ অসম বিৰোধী মন্তব্য়

উল্লেখ্য, দীর্ঘদিনৰ মূৰত অসমলৈ উদ্যোগীকৰণ ব্যৱস্থাই ৰাজ্য়ৰ নিবনুৱাসকলৰ সংস্থাপনৰ পথ সুগম কৰিছে । জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ জৰিয়তে অসমৰ ৩০ হেজাৰ নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভৰ আশাৰ সঞ্চাৰ হৈছে । এনে সময়তে শুক্ৰবাৰে কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্রী প্রিয়াংক খার্গেই অসমত দক্ষতাৰ অভাৱ আৰু গৱেষণাৰ কোনো পৰিৱেশ নাই বুলি মন্তব্য কৰে । এই মন্তব্যই ক্ষুন্ন কৰি তোলে সদৌ অসম নিবনুৱা সন্থাক। সেয়ে সন্থাই লখিমপুৰ নগৰত মন্ত্রী প্ৰিয়াংক খাৰ্গেৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় ।

সদৌ অসম নিবনুৱা সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী

প্রিয়াংক খাৰ্গেৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে খাৰ্গেক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ নিবনুৱা সন্থাই দাবী জনায় । সন্থাৰ কেন্দ্রীয় সমিতিৰ সম্পাদক জীৱন ৰাজখোৱাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি কংগ্রেছ দলক সমালোচনা কৰাৰ লগতে মন্ত্রী প্ৰিয়াংক খাৰ্গেৰ মন্তব্যক গৰিহণা দিয়ে । তেওঁ প্ৰদেশ কংগ্রেছৰ নেতৃত্বকো সমালোচনা কৰি কয়," প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, ৰকিবুল হুছেইন,গৌৰৱ গগৈ আদিয়ে খাৰ্গেৰ এই অসম বিৰোধী মন্তব্যৰ বাবে কিয় নিমাতে আছে ?"

কংগ্ৰেছক শীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈ দাবী

তেওঁলোকক এইক্ষেত্ৰত শীঘ্ৰে স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাই তেওঁ কয়," কংগ্রেছৰ এনে ভূমিকাৰ বাবে অসমৰ ৰাইজে উচিত শিক্ষা দিব । আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিবলৈ কংগ্রেছ দল সাজু থাকক । " অসমত ছেমি কণ্ডাক্টৰ স্থাপনৰ প্ৰয়োজনীতা, মানুহৰ দক্ষতা আছে নে চাই যাবলৈ তেওঁ প্ৰিয়ংকা খাৰ্গেক আহ্বান জনায় । প্ৰদেশ কংগ্রেছে এইক্ষেত্ৰত উচিত বক্তব্য আৰু স্থিতি স্পষ্ট নকৰিলে ৰাইজৰ সহযোগত সদৌ অসম নিবনুৱা সন্থাই ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলিও সন্থাৰ কেন্দ্রীয় সম্পাদক জীৱন ৰাজখোৱাই কংগ্রেছক সকীয়াই দিয়ে ।

লগতে পঢ়ক:বিতৰ্কিত মন্তব্য: ৰাজ্যজুৰি ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰিলে বিজেপিয়ে

উত্তাল কাৰ্বি পাহাৰ; জ্বলিল কংগ্ৰেছ নেতা দেৱব্রত শইকীয়াৰ পুত্তলিকা