ETV Bharat / state

বৃহৎ সমাবেশেৰে হ'ব কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মহাৰজত জয়ন্তী; তুলিৰামৰ ঘোষণা - FOUNDATION DAY OF KAAC

ৰক্তপাতবিহীনভাৱে লাভ কৰা দেশৰ দ্বিতীয় বৃহৎ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ।

foundation day of KAAC
কাৰ্বি আংলঙৰ পুৰোধা ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন তুলিৰাম ৰংহাঙৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 23, 2025 at 10:07 PM IST

3 Min Read

ডিফু : ৰক্তপাত অবিহনেই কাৰ্বি আংলঙৰ পুৰোধা ব্যক্তি ছেমছন ছিং ইংতি, খৰছিং তেৰাং আৰু ছাৰছিং তেৰণ লাংকুং হাবেৰ দৰে ব্যক্তিৰ প্ৰচেষ্টাত দেশৰ দ্বিতীয় বৃহৎ স্বায়ত্তশাসিত পৰিষদে স্বীকৃতি লাভ কৰিছিল । সেই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গৌৰৱোজ্জল ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ ছাৰছিং তেৰণ লাংকুং হাবে মেম'ৰিয়েল টাউন হলত অনুষ্ঠিত হয় ৷

কাৰ্যসূচী অনুযায়ী পুৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত পতাকা উত্তোলন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে ৷ ইয়াৰ পিছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন প্ৰক্ৰিয়াত অৱদান আগবঢ়োৱা পিতৃপুৰুষ ক্ৰমে প্ৰয়াত ছেমছনছিং ইংতি, খৰছিং তেৰাং আৰু ছাৰছিং তেৰণৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে তুলিৰাম ৰংহাং সমন্বিতে টীম কাৰ্বি আংলঙে ৷

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন (ETV Bharat Assam)

আনহাতে, মুকলিসভাত পৌৰোহিত্য কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিচোৱে । সভাত আদৰণি ভাষণ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়াই ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে কাৰ্বি আংলং জিলাত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকক প্ৰতিষ্ঠা দিৱসটিৰ শুভক্ষণত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জিলাখনত শান্তি আৰু বিকাশৰ প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ আহ্বান জনায় ৷

foundation day of KAAC
কাৰ্বি আংলঙৰ পুৰোধা ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন (ETV Bharat Assam)

তেওঁ কয়, "কাৰ্বি আংলং অটোনমাছ কাউন্সিল, আগতে আমাক মিকিৰ হিলছ ডিষ্ট্ৰিক্টছ অঞ্চল বুলি কৈছিল ১৯৫২ৰ ২৩ জুনতে পাইছিলোঁ । ভাৰতৰ ভিতৰত ছেকণ্ড লাৰ্জেষ্ট ছিক্স ছিডিউল অটোনমাছ ডিষ্ট্ৰিক্ট হ'ল কাৰ্বি আংলং । প্ৰথম হৈছে মেঘালয়ৰ জয়ন্তীয়া । আহি আহি আমি ১৯৭৪ লৈকে পাইছোঁ । আৰু ১৯৭৪ ৰ কাৰ্বি আংলঙৰ ছিক্স ছিডিউলৰ ভাৰত চৰকাৰে যিটো অনুমোদন দিছে সেইটো আমাৰ কাৰ্বিসকলে ইয়াত বসবাস কৰা স্থানীয় লোকসকলে নিজৰ কলা-সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত, নিজৰ ভাষা, কলা-সংস্কৃতিৰ লগতে ইয়াৰ পৰম্পৰা, ধৰ্ম সেই গোটেইখিনি চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে আমাক ছিক্স ছিডিউল জিলা হিচাপে অনুমোদন দিছে । "

foundation day of KAAC
কাৰ্বি আংলঙৰ পুৰোধা ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন তুলিৰাম ৰংহাঙৰ (ETV Bharat Assam)

আনহাতে, মহাৰজত জয়ন্তী উদযাপন সন্দৰ্ভত তেওঁ কয়, "অহা বছৰ প্লেটিনাম হ'ব, ৭৫ বছৰ । আমি প্ৰধানমন্ত্ৰী নহ'লে ভাৰতৰ ৰাষ্ট্ৰপতি নহ'লে গৱৰ্ণৰ আৰু চীফ মিনিষ্টাৰ এই চাৰিজনৰ ভিতৰত যিকোনো এজন আহিব । আমি ডাঙৰ কৰি পাতিম । ৭৫ বছৰৰ অনুষ্ঠানটো তাৰালাংছ'তে পাতিম । প্ৰায় ৫ লাখ গেদাৰিং কৰিবলৈ চেষ্টা কৰিম ।"

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন কাৰ্বি আংলং নিৰ্মাণত যথেষ্ট অৱদান আছে বুলি তেওঁ উল্লেখ কৰে ৷ তদুপৰি ৰংহাঙে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মহাৰজত জয়ন্তীৰ পূৰ্বে কাৰ্বি আংলঙত নিৰ্মীয়মাণ সকলো আঁচনিৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলিও কয় ৷

মুকলিসভাত সাংসদ অমৰছিং তিচো, বিধায়ক দৰছিং ৰংহাং, বিদ্যাছিং ইংলেং, পৰিষদৰ ই এম, এম এ চি আৰু বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :অসমৰ যুৱক-যুৱতীৰ দ্বাৰা প্ৰশাসনিক পদ দখলৰ লক্ষ্য আছুৰ - AASU TO SPONSOR UPSC ASPIRANTS
লগতে পঢ়ক :বাৰীচুকত সদলবলে বিজেপিৰ নেতা, মন্ত্ৰী-সাংসদ-প্ৰাক্তন সাংসদ - ONGC RIG GAS LEAKAGE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.