ETV Bharat / state

গুৱাহাটীত ব’লব’ম বা শাওণ মেলা পৰিচালনাৰ বাবে প্ৰশাসনৰ বিশেষ বৈঠক - Bolbom 2024

Shravan Mela in Assam 2024: শাওনলৈ মাজত মাথোঁ কেইটামান দিন । শাওণ সোমালেই আৰম্ভ হ’ব ব’লব’ম ৷ সেয়েহে শিৱভক্তসকলৰ সুৰক্ষাৰ বাবে মহানগৰীত স্বেচ্ছাসেৱকৰ পৰা আৰম্ভ কৰি খোৱাপানী, পোহৰ আদি সকলো ব্য়ৱস্থা কৰিবলৈ সাজু হৈছে কামৰূপ (ম) জিলা প্ৰশাসন ।

SHRAVAN MELA IN ASSAM
Shravan Mela in Assam 2024 (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 10, 2024 at 1:47 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ১০ জুলাই: সমাগত পৱিত্ৰ শাওন মাহ । লোকবিশ্বাস অনুসৰি শাওনত ভগৱান শিৱৰ জন্ম হৈছিল । সেয়ে শাওনত শিৱৰ ভক্তসকলে শিৱক আৰাধনা কৰে । সমান্তৰালভাৱে এই পৱিত্ৰ শাওন মাহত ঠায়ে ঠায়ে ব'লব'ম অনুষ্ঠিত হয় । লগতে শাওণ মেলাও অনুষ্ঠিত হৈ আহিছে । গুৱাহাটী মহানগৰীত শাওণ মেলা প্ৰস্তুতি সন্দৰ্ভত মঙলবাৰে কামৰূপ (ম) জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

উক্ত বৈঠকত শাওণ মেলা সুচাৰুৰূপে পালন কৰাৰ লগতে মহানগৰীৰ মূল তিনিটা শিৱ মন্দিৰ শুক্ৰেশ্বৰ দেৱালয়, বশিষ্ঠ মন্দিৰ আৰু পামহীৰ ভীমশংকৰ মন্দিৰত শাওণ মেলা তথা ব'লব'মৰ সময়ত মন্দিৰত ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছাসেৱক নিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । লগতে উক্ত বৈঠকতে এপিডিচিএলে মন্দিৰৰ দাঁতিকাষৰীয়া ঠাইসমূহত ষ্ট্ৰীট লাইটৰ উপযুক্ত ব্যৱহাৰ,পাৰ্কিঙৰ যথাযথ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পামহীৰ ভীমশংকৰ মন্দিৰতো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপৰ সিদ্ধান্ত লোৱা হয় । ব'লব'মৰ সময়ত যিহেতু ভক্তসকলে মূলতঃ বশিষ্ঠ মন্দিৰৰ পৰা শুক্ৰেশ্বৰ দেৱালয়লৈ পদপথে যায়, সেয়ে এই সময়ত ভক্তৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে মহানগৰীৰ মূল তিনিটা স্থানত স্বাস্থ্য় শিবিৰৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে ।

ভক্তসকলৰ অসুবিধা নহ'বৰ বাবে স্বাস্থ্য সেৱা যুটীয়া সঞ্চালকে দিছপুৰ সচিবালয়, কমাৰ্চ কলেজ আৰু এছ বি দেওৰা কলেজত স্বাস্থ্য় শিবিৰৰ ব্যৱস্থা কৰা হ'ব । পৱিত্ৰ শাওণ মেলা শান্তিপূৰ্ণ আৰু সুশৃ্ংখলিতভাৱে পালন কৰা সন্দৰ্ভত অনুষ্ঠিত এই বৈঠকখন জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হয় ।

উক্ত বৈঠকত উপস্থিত থাকে মহকুমা দণ্ডাধীশ কংকন শৰ্মা, মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আয়ুক্ত ধ্ৰুব বৰা, যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ লগতে স্বাস্থ্য় সেৱাৰ যুটীয়া সঞ্চালক, আবকাৰী পৰিদৰ্শক, ৰাজহ চক্ৰ বিষয়া, অতিৰিক্ত জিলা আয়ুক্তকে ধৰি বিভিন্ন বিভাগৰ বিষয়া, বশিষ্ঠ মন্দিৰৰ সভাপতি-সম্পাদক, শুক্ৰেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল ।

লগতে পঢ়ক:পৰিবহণ বিভাগৰ নিৰ্দেশনাৰ বাবেই সমস্যাত বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি - Ambubachi Mela 2024

মাল গোঁসাই পূজা : উজলিল ৰজাদিনীয়া পৰম্পৰাগত সংস্কৃতি - Traditional