প্ৰাপ্যৰ দাবীত দিছপুৰৰ মজিয়া কঁপাবলৈ সাজু কলিতা জনগোষ্ঠী
দীর্ঘদিন দাবী জনাই অহাৰ পাছতো চৰকাৰে গুৰুত্ব নিদিয়াত সৰৱ হৈছে কলিতা জনগোষ্ঠী সন্মিলন । চৰকাৰক সকীয়নি প্ৰতিবাদকাৰীৰ ।

Published : March 26, 2025 at 5:51 PM IST
লখিমপুৰ: প্ৰাপ্য় অধিকাৰ বিচাৰি ওলাই আহিল কলিতা জনগোষ্ঠীৰ লোক । দীৰ্ঘদিন ধৰি প্ৰাপ্য় অধিকাৰৰ পৰা বঞ্চিত হোৱা এইসকল কলিতা জনগোষ্ঠীৰ লোকে বুধবাৰে ৰাজ্য়জুৰি সাব্য়স্ত কৰিলে প্ৰতিবাদ । ধৰ্ণা কাৰ্যসূচীৰে সকীয়ালে চৰকাৰক ।
এইবাৰ নিজৰ প্ৰাপ্যৰ দাবীত দিছপুৰৰ মজিয়া কঁপাবলৈ সাজু হৈছে কলিতাসকল । কলিতা জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ হকে দীর্ঘদিন দাবী জনাই অহাৰ পাছতো চৰকাৰে গুৰুত্ব নিদিয়াত এনেধৰণৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনগোষ্ঠীটোৰ নেতৃত্বই চৰকাৰক সকীয়াই দিয়ে ।
উল্লেখ্য যে, বুধবাৰে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত কলিতা জনগোষ্ঠী সন্মিলনে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । আন জিলাৰ সমান্তৰালভাৱে লখিমপুৰতো জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কলিতা জনগোষ্ঠী সন্মিলনৰ লখিমপুৰ জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে ।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্রহণ কৰি সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি যোগেশ্বৰ কলিতাই কয়, "কলিতা জনগোষ্ঠীটোক দীৰ্ঘদিন ধৰি বঞ্চনা কৰি অহা হৈছে । বিশেষ একো সুবিধা নাই কলিতা জনগোষ্ঠীৰ । যি আছে অতি সামান্য । কলিতা জনগোষ্ঠীৰ লোকসকলৰ নিৰাপত্তা, ভূমিৰ অধিকাৰ, ছাত্র-ছাত্রীৰ পঢ়াৰ সুবিধা,চাকৰি আদিৰ বিশেষ একো সুবিধা নাই । সেয়ে আমি ৯ দফীয়া দাবী পূৰণ কৰিবলৈ আহ্বান জনাইছো ।"

সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সভাপতিগৰাকীয়ে কলিতা জনগোষ্ঠীক জনজাতি হিচাপে স্বীকৃতি দিয়া, প্ৰাগজ্যোতিষপুৰ স্বায়ত্ত পৰিষদ হিচাপে স্বীকৃতি,বছৰি ১ কোটিকৈ অনুদান দিয়া, ট্ৰাইবেল বেল্টত বসবাস কৰা কলিতা জনগোষ্ঠীৰ লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী জনায় । অন্যথা ‘‘দিছপুৰ চলো’’ৰ দৰে কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে ।
এই ধৰ্ণাৰ অন্তত জিলা আয়ুক্তৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবী সমূহ পুৰণৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । এই ধৰ্ণা কাৰ্যসূচীত জিলা সমিতিৰ সভাপতিৰ উপৰি ৰাজ্যিক সমিতিৰ সহকাৰী সম্পাদক প্ৰদীপ তামুলী, জিলাৰ উপ-সভাপতি ড৹ লক্ষীৰাম ভূঞা, কাৰ্যকৰী সভাপতি মাধৱ হাজৰিকাই অংশগ্রহণ কৰে ।

