ETV Bharat / state

পদূলিত হেঁপাহৰ ৰঙালী; খিতিক খিতিক কৰি তাঁত বোৱাত ব্যস্ত শিপিনী গাঁৱৰ লাহৰী - BOHAG BIHU 2025

বহিঃৰাজ্যৰ গামোচাক প্ৰত্যাহ্বান জনাবলৈ সাজু শিপিনী গাঁও ৷ কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱৰ শিপিনীৰ শালে-শালে এতিয়া দেখিবলৈ পোৱা গৈছে আপোন বিহুৱানখন ৷

Kaliabor Shipini Gaon weaver busy in weaving  Assamese traditional gamocha
পদূলিত হেঁপাহৰ ৰঙালী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 28, 2025 at 1:36 PM IST

3 Min Read

কলিয়াবৰ : পদূলি মুখত হেঁপাহৰ ৰঙালী ৷ এতিয়া সকলোতে শুনিবলৈ পোৱা গৈছে কেৱল ঢোল, পেঁপা, গগণাৰ মাতৰ লগতে ঢেকী আৰু তাঁতশালৰ শব্দ ৷ কোনোৱে যদি বিহু বুলি কৰিছে বিহুনাচ, ঢোল বাদনৰ আখৰা, আন কোনো আকৌ ব্যস্ত পিঠা-পনা বনোৱাত ৷ ইফালে লাহৰীৰ কথাটো ক’বই নালাগে, বিহু বুলি তাঁতৰ পাতৰ পৰা যেন মূৰ তুলি আলিবাটলৈয়ো চাবলৈ আহৰি নাই ৷

আগৰ বাৰৰ দৰে এইবাৰো বিহু বুলি লাহৰীয়ে তাঁতশালত লগাইছে মৰমৰ দীঘ আৰু আদৰৰ বাণীৰে বোৱা বিহুৱানখনি ৷ কিয়নো ব’হাগৰ বিহুত জ্যেষ্ঠজনৰ ডিঙিত পুৱাই ন বিহুৱানখন দিয়াৰ আমেজে কিছু সুকীয়া ৷ আনকি ব’হাগৰ বিহু বুলি চেনাইৰ ঢোলৰ গামোচাখন সলাই দিবলৈয়ো তাঁতৰ পাতত ব্যস্ত সেই লাহৰীজনীয়ে ৷

বহিঃৰাজ্যৰ গামোচাক প্ৰত্যাহ্বান জনাবলৈ সাজু শিপিনী গাঁও (ETV Bharat Assam)

অৱশ্যে সময়ৰ তাগিদা আৰু আধুনিকতাৰ ধামখূমীয়াত যেন ক’ৰবাত হেৰাই যাব ধৰিছে পুৰণি সেই পৰম্পৰা ৷ ক্ৰমাৎ যেন কমি আহিছে থলুৱা শিপিনীয়ে বোৱা গুটিফুলৰ গামোচাৰ প্ৰচলন ৷ যাৰ ফলত বহিঃৰাজ্যত মেচিনত প্ৰস্তুত হোৱা গামোচাই এতিয়াই দখল কৰি আছে অসমৰ বজাৰ ৷

Rongali Bihu 2025
অসমৰ স্বাভিমান গামোচা (ETV Bharat Assam)

অৱশ্যে অসমৰ কিছু গাঁৱৰ শিপিনীয়ে আকৌ পাহৰা নাই নিজৰ অস্তীত্ব ৷ কমকৈ হ'লেও কিছু গাঁৱত অসমীয়া জীয়ৰী-বোৱাৰীৰ শালত দেখিবলৈ পোৱা যায় অসমীয়াৰ স্বাভিমান গামোচাখন । হাতেবোৱা এই গামোচাৰ চাহিদা কিন্তু অতি বেছি ৷ সেই চাহিদা পূৰণ কৰিব পৰাকৈ অসমত পৰ্যাপ্ত শিপিনীও নাই বা আগ্ৰহো নাই । অৱশ্যে তাৰে মাজতে কলিয়াবৰৰ এখন গাঁও কিছু আনতকৈ কিছু পৃথক ৷ ব’হাগ বিহু বুলিলেই গাঁৱৰ অধিকাংশ জীয়ৰী-বোৱাৰী ব্যস্ত হৈ পৰে গামোচা বোৱাত ৷ তাঁতৰ শব্দত খিত খিত কৰি থকা এই গাঁওখনৰ নাম ‘‘শিপিনী গাঁও’’ ৷

Rongali Bihu 2025
হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ ব্যস্ত শিপিনীসকল (ETV Bharat Assam)

লগতে পঢ়ক : থলুৱা লোকবাদ্যৰ সম্ভাৰেৰে অসমীয়া সংস্কৃতিক চহকী কৰি ৰখাৰ এক সপোন

লগতে পঢ়ক : ব'হাগ বিহুৰ SOP নহয়, ফটোৱা জাৰি কৰিছে ! কোনে, কিয় ক'লে ?

এই গাঁওখনৰ শিপিনীসকলে অতিজৰে পৰা তাঁত বৈ আহিছে যদিও যোৱা ২০১৭ চনৰ পৰা তেওঁলোকে আৰু দুগুণ উৎসাহেৰে ব’ৱলৈ ধৰে ৷ কাৰণ ২০১৭ চনৰ পৰা গাঁওখনৰ শিপিনীসকলক কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা গামোচা ব’ৱলৈ সূতা যোগান ধৰি সহায় কৰি আহিছে । শিপিনীসকলৰ এই কাৰ্যৰ প্ৰতি সন্মান জনাই কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁওখনক ছাত্ৰ সন্থাই ‘‘শিপিনী গাঁও’’ ৰূপে স্বীকৃতি প্ৰদান কৰিছে ।

Rongali Bihu 2025
ব’হাগক আদৰিবলৈ সাজু শিপিনী (ETV Bharat Assam)

অসমীয়াৰ জাতিৰ সন্মান বিজড়িত গামোচাৰ থলুৱা উৎপাদনৰ লক্ষ্যৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৰাজ্যৰ বজাৰত বহিঃৰাগত গামোচাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে থলুৱা শিপিনীসকলক এক উপাৰ্জনৰ পথ মুকলি কৰি দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ বিগত বছৰসমূহত কলিয়াবৰৰ নিজ চিলাবন্ধা (বৰ্তমান শিপিনী গাঁও) গাঁৱৰ শিপিনীসকলে কিছু পৰিমাণে থলুৱা গামোচাৰ চাহিদা পূৰণ কৰিবৰলৈ সক্ষম হৈছে ৷

Rongali Bihu 2025
শিপিনীসকল ব্যস্ত তাঁতশালত (ETV Bharat Assam)

এই গাঁৱৰ শিপিনীসকলে কয়, ‘‘বছৰৰ বিহুটিৰ বাবে এনেদৰেই পূৰ্বৰে পৰা বিহুৱান বৈ আহিছো । পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা কণিষ্ঠজনলৈ আনকি বিহুৰ সময়ত ঘৰলৈ অহা অতিথিজনকো নিজ হাতে বোৱা এখন বিহুৱান দিবলৈ পালে বহুত সুখ আৰু আনন্দ পাওঁ । এনেদৰেই তাঁতত গামোচাকে ধৰি আন কাপোৰ-কানি বৈ আহিছো । জীয়াৰী-বোৱাৰী-শাহু সকলোৱে একেলগে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আগবঢ়োৱা সূতাৰে তাঁতবাতিৰ কৰি আহিছো ।’’

লগতে পঢ়ক : পত্নীক সহায় কৰিবলৈ গৈ দক্ষ শিপিনী হ'ল অনিল শইকীয়া

লগতে পঢ়ক : ২৫ হাজাৰ টকাত নিলাম হ'ল এখন বিশেষ গামোচা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.