পাচি ভৰাই ফল-মূল, গামোচা লৈ মছজিদে মছজিদে সত্ৰাধিকাৰ: একতাৰ এনাজৰী ছিগো-ছিগো হওঁতেই বিৰল দৃশ্য
ৰমজানৰ অন্তিম ৰোজাৰ দিনটোত মছজিদত গামোচা আৰু ফলৰ টোপোলা আগবঢ়ালে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীবালিসত্ৰই ।

Published : March 30, 2025 at 8:32 PM IST
কলিয়াবৰ: নগাঁও জিলাখন বিভিন্ন সময়ত সম্প্ৰীতিৰ নিদৰ্শন হৈ আহিছে । প্ৰায় সকলো ধৰ্মৰ লোকে বাস কৰা জিলাখনৰ বিভিন্ন অঞ্চলৰ লোকে ভাতৃত্ববোধৰ উদাহৰণ দেখুৱাই আহিছে । পুনৰ তেনে উদাহৰণ দেখুৱালে কলিয়াবৰৰ একাংশ লোকে । কলিয়াবৰবাসীয়ে সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ধৰ্মীয় সম্প্ৰীতি অটুট ৰখাৰো সংকল্প বৰ্তাই ৰাখিছে ।
ভাতৃত্ববোধৰ নিদৰ্শন
উল্লেখ্য যে আহোম যুগৰে পৰা মুছলমান ধৰ্মাৱলম্বী লোকৰ অন্যতম বাসস্থলী জয়ন্তীপুৰ গাঁৱৰ চৌদিশে আছে কেইবাখনো সত্ৰ । একেবাৰে সমীপতে আছে সপ্তদশ শতিকাতে স্থাপিত শ্ৰীশ্ৰীবালিসত্ৰ । যিসময়ত সমগ্ৰ ভাৰত তথা অসমত হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক হিংসাই ছানি ধৰিছে, ধৰ্মৰ নামত কাজিয়া হৈছে, সাতাম পুৰুষীয়া একতাৰ এনাজৰীৰৰ ছিগো-ছিগো হৈছে তেনে সময়তে সম্প্ৰীতিৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে কলিয়াবৰৰ ঐতিহাসিক বালিসত্ৰই । ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি কুঁৱৰীটোলৰ জয়ন্তীপুৰ বৰ মছজিদ, জয়ন্তীপুৰ সৰু মছজিদকে ধৰি কেইবাটাও মছজিদ আৰু দৰগাহত ইছলাম ধৰ্মী লোকসকলক ফল-মূল বিতৰণ কৰি বিহুৱানেৰে বালিসত্ৰৰ বিষয়ববীয়াই জনালে পবিত্ৰ ঈদৰ শুভেচ্ছা । পবিত্ৰ ৰমজান মাহৰ অন্তিম ৰোজাৰ দিনটোত শ্ৰীশ্ৰীবালিসত্ৰৰ তৰফৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰা হয় ।
বিহুৱানেৰে ঈদৰ শুভেচ্ছা সত্ৰ সমাজৰ
সত্ৰৰ তৰফৰ পৰা ফল-মূল আৰু ঈদৰ শুভেচ্ছা লাভ কৰি উৎফুল্লিত হৈ পৰে ইছলামধৰ্মী লোকসকল । ইছলামধৰ্মী লোকসকলে হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰী মজবুত কৰিবলৈ শ্ৰীশ্ৰীবালিত্ৰৰ সত্ৰাধিকাৰ কুমুদ মহন্ত আৰু ডেকাসত্ৰীয়া মণিমাধৱ মহন্তই লোৱা এই পদক্ষেপক শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ।
এই সন্দৰ্ভত এগৰাকী ইমামে কয়, "আমাক যিখিনি শৰাই আগবঢ়ালে এইখিনি সন্মান পাই আমি নথৈ আনন্দিত । সমাজৰ সৰু-বৰ সকলোকে এই কথাই ক'ব বিচাৰো 'হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান' এই কথাষাৰৰ ওপৰত ভিত্তি কৰি সমাজখন আগুৱাই নিব আৰু আমিও সকলোৱে মিলি আগুৱাই যাম ।"
শ্ৰীশ্ৰীবালিত্ৰৰ সত্ৰাধিকাৰ কুমুদ মহন্তই কয়, "জয়ন্তীপুৰত থকা এই মছজিদত আমি ঈদৰ শুভেচ্ছা জনাবলৈ আহিছো ।"
সত্ৰৰ তৰফৰ পৰা লোৱা পদক্ষেপ সন্দৰ্ভত ডেকাসত্ৰীয়া মণিমাধৱ মহন্তই কয়, "এইখন বৰ অসম, মহাপুৰুষ শংকৰদেৱ-আজান পীৰে গঢ়া, সম্প্ৰীতিৰ এনাজৰীৰে গঢ়া, বিভিন্ন জাতি-জনগোষ্ঠীৰ এনাজৰীৰে থকা এই বৰ অসমখনৰ মধ্যস্থল কলিয়াবৰৰ ঐতিহ্যমণ্ডিত বালিসত্ৰৰ দুয়োকাষে সাতামপুৰুষীয়া ৫০০ বছৰৰো অধিক পুৰণি মছজিদ আছে য'ত তেওঁলোকে ৰমজান মাহ পালন কৰি আহিছে । এই পবিত্ৰ মুহূৰ্তত সত্ৰৰ তৰফৰ পৰা এনাজৰী, একতাৰ বাৰ্তা দিবলৈ আজি আমি মছজিদত একোখনকৈ গামোচা আৰু ফলৰ টোপোলা আগবঢ়াইছো । যাতে এই পৰম্পৰাই সমগ্ৰ অসমতে এটা নতুন নজিৰ সৃষ্টি কৰে ।"
লগতে পঢ়ক :ঢোল-পেঁপাৰ মাতত কঁপিছে তিনিচুকীয়া, গাভৰু ব্যস্ত তাঁতশালত - RONGALI BIHU PREPARATION

