ETV Bharat / state

শিক্ষাগত অৰ্হতাক লৈ বিসংগতি; বিজেপি নেতাৰ পত্নীৰ মনোনয়ন নাকচ

নিৰ্বাচন খেলাৰ সপোন আছিল । কিন্তু শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ দিব নোৱাৰিলে । অৱশেষত বিজেপি নেতাৰ পত্নীৰ মনোনয়ন নাকচ ।

Candidate's nomination rejected
শিক্ষাগত অৰ্হতাক লৈ বিসংগতিৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন নাকচ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 5:36 PM IST

3 Min Read
Choose ETV Bharat

কলিয়াবৰ : কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাজ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নম্বৰ নলতলি প্ৰথম খণ্ডৰ গাঁও পঞ্চায়তৰ সদস্যৰ পদৰ বাবে দাখিল কৰা এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ হয় । প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত দিয়া শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ ভুৱা বুলি প্ৰমাণিত হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শুকুৰবাৰে প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । কিন্তু শনিবাৰে মনোনয়ন পত্ৰৰ পুনৰীক্ষণৰ সময়তে পোহৰলৈ আহে এই তথ্য ।

বিজেপি নেতাৰ পত্নীৰ মনোনয়ন নাকচ !

সমগ্ৰ বিষয়টোক লৈ ৰাজনৈতিক প্ৰতিক্ৰিয়াও আৰম্ভ হৈছে । কিয়নো প্ৰাৰ্থীগৰাকী হৈছে কলিয়াবৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া কৰুণা কুমাৰ ভূঞাৰ পত্নী জবামণি ভূঞা । একাংশই অভিযোগ কৰিছে যে মাজ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ সভাপতি আসনখনত চক্ৰান্তৰে নিজ পত্নীক বহুৱাব বিচাৰিছিল বিজেপি নেতাজনে ।

শিক্ষাগত অৰ্হতাক লৈ বিসংগতিৰ বাবে প্ৰাৰ্থীৰ মনোনয়ন নাকচ (ETV Bharat)

শিক্ষাগত অৰ্হতাৰ বিসংগতি

জানিব পৰা মতে জবামণি ভূঞাই শুকুৰবাৰে দাখিল কৰা মনোনয়ন পত্ৰত শিক্ষাগত অৰ্হতাৰ কথা উল্লেখ কৰা নাছিল । কুঁৱৰীটোল হাইস্কুলৰ এগৰাকী ছাত্ৰী হিচাপে নৱম শ্ৰেণীৰ পৰা দশম মান শ্ৰেণীলৈ উৰ্ত্তীণ বুলি বিদ্যালয় বদলি (School Transfer Certificate)ৰ এখন ফটোকপি মনোনয়ন পত্ৰৰ লগত দাখিল কৰিছিল প্ৰাৰ্থীগৰাকীয়ে । তদুপৰি জবামণি ভূঞাই দাখিল কৰা এখন শপতনামাত জবামণি ভূঞাই উচ্চ মাধ্যমিক উৰ্ত্তীণ বুলিও উল্লেখ কৰা হৈছিল । শনিবাৰে কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ পুনৰীক্ষণৰ সময়ত প্ৰাৰ্থীগৰাকীয়ে শিক্ষাগত অৰ্হতাৰ কোনো ধৰণৰ মূল প্ৰমাণ পত্ৰ দেখুৱাব নোৱৰাত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে । একেদৰে শাসকীয় বিজেপি দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ পত্নীগৰাকী মনোনয়ন পত্ৰ দাখিলৰ সময়ত দিয়া নাছিল জাতিগত প্ৰমাণপত্ৰ ।

Candidate's nomination rejected
বিজেপি নেতাৰ পত্নীৰ মনোনয়ন নাকচ (ETV Bharat)

উল্লেখ্য যে গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ নূন্যতম শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উৰ্ত্তীণ হ'ব লাগিব বুলি নিৰ্দেশনা আছিল আৰু যদিহে প্ৰাৰ্থীগৰাকী অনুসূচিত জাতি, অনুসূচীত জনজাতি অথবা অন্যান্য পিছপৰা জাতিৰ হয় তেনেহ'লে প্ৰাৰ্থীগৰাকী দশম শ্ৰেণী পৰ্যন্ত পঢ়া হ'ব লাগিব বুলি নিৰ্দেশনা আছিল । জবামণি ভূঞা যিহেতু সাধাৰণ শ্ৰেণীৰ, সেয়েহে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক আছিল ।

ইফালে জবামণি ভূঞাৰ ভাষ্য ল'বলৈ দিনৰ ১০ মান বজাৰ পৰা মনোনয়ন পত্ৰ পুনৰীক্ষণ কাৰ্যালয়ৰ সন্মুখত সংবাদকৰ্মীৰ উপস্থিতিৰ উমান পাই প্ৰাৰ্থী জবামণি ভূঞাই আত্মগোপন কৰি বিয়লি ৫ বাজি ২০ মিনিটত উপস্থিত হৈছিল মনোনয়ন পত্ৰ নিৰীক্ষণ কাৰ্যালয়ত । মনোনয়ন পত্ৰ পৰীক্ষাৰ সময়ত প্ৰাৰ্থী জবামণি ভূঞাই নিজৰ শিক্ষাগত অৰ্হতাৰ কোনো মূল প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰি সকলো নথি-পত্ৰ হেৰাল বুলি কৈ ওলায় আহিছিল । যাৰ বাবে জবামণি ভূঞাৰ মনোনয়ন পত্ৰ বৈধ নে নাকচ কৰা হ'ব সেই সন্দৰ্ভত শনিবাৰে নিশা পৰ্যন্ত সিদ্ধান্ত ল'ব নোৱাৰিলে মনোনয়ন পত্ৰ পুনৰীক্ষক বিষয়াগৰাকীয়ে । অৱশ্যে পৰৱৰ্তী সময়ত প্ৰাৰ্থীগৰাকীৰ মনোনয়ন নাকচ কৰা হয় ।

লগতে পঢ়ক :উত্তপ্ত টেঙাখাত;তেৰছ গোৱালাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ - PANCHAYAT ELECTION 2025