ETV Bharat / state

কাজিৰঙাৰ মাজেৰে চাৰিলেনযুক্ত পথ: ১৮ বছৰীয়া এক সংগ্ৰাম আৰু প্ৰত্যাশাৰ ফল

এসময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম ঘটিছিল । এই অনুমোদন পাবলৈ কাজিৰঙাবাসীক লাগিল সুদীৰ্ঘ ১৮ টা বছৰ আৰু মুখামুখি হ’ল বহু ঘাত-প্ৰতিঘাতৰ ৷

NH 715 four lane upgradation
কাজিৰঙাৰ মাজেৰে চাৰিলেনযুক্ত পথ; ১৮ বছৰীয়া এক সংগ্ৰাম আৰু প্ৰত্যাশাৰ ফল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 7:18 PM IST

6 Min Read
Choose ETV Bharat

কাজিৰঙা : এসময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম ঘটিছিল এই পথছোৱাৰ ৷ ১৮ বছৰৰ পাছত এতিয়া লাভ কৰিছে ‘এলিভেটেড কৰিড'ৰ’সহ চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণৰ অনুমোদন ৷

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কাজিৰঙা হৈ কলিয়াবৰৰ পৰা নুমলীগড়লৈকে ৭১৫ নং (পুৰণি ৩৭ নং) ৰাষ্ট্ৰীয় ঘাইপথছোৱা ‘এলিভেটেড কৰিড’ৰ’সহ চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণত অনুমোদন জনাইছে ৷ কিন্তু এই অনুমোদন পাবলৈ কাজিৰঙাবাসীক লাগিল সুদীৰ্ঘ ১৮ টা বছৰ আৰু মুখামুখি হ’ল বহু ঘাত-প্ৰতিঘাতৰ ৷

কাজিৰঙাৰ মাজেৰে চাৰিলেনযুক্ত পথ; ১৮ বছৰীয়া এক সংগ্ৰাম আৰু প্ৰত্যাশাৰ ফল (ETV Bharat Assam)

চাৰিলেনযুক্ত পথ দাবী সমিতিৰ যুটীয়া সম্পাদক তথা বৰ্তমান অসম পিছপৰা শ্ৰেণী আয়োগৰ উপাধ্যক্ষ দেৱপ্ৰদীপ বড়াই ক’লে- এসময়ত এই পথছোৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ স্বীকৃতি হেৰুৱাৰ উপক্ৰম হৈছিল ৷

গঠন হৈছিল চাৰিলেনযুক্ত পথ দাবী সমিতি

দেৱপ্ৰদীপ বড়াই কয়, "কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগতে বিভিন্ন দোহাই দি পূৰ্বৰ চৰকাৰে কলিয়াবৰৰ পৰা নুমলীগড়লৈকে এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ পৰা বিৰত আছিল । যাৰবাবেই বৃহত্তৰ কাজিৰঙাৰ ৰাইজৰ স্বাৰ্থত স্থানীয় সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম চাহ জনজাতি ছাত্ৰ সন্থা আদিকে ধৰি সকলো সংগঠন আৰু ৰাইজৰ স’তে আলোচনামৰ্মে চিত্ৰ নিৰ্মাতা তথা সংগঠক হেমচন্দ্ৰ বৰাক সভাপতি আৰু কুঠৰীৰ প্ৰবীণ বৰাক সাধাৰণ সম্পাদক হিচাপে লৈ কলিয়াবৰৰ পৰা নুমলীগড়লৈকে সামৰি ২০০৭ চনত চাৰিলেনযুক্ত পথ দাবী সমিতি গঠন কৰা হয় ।"

ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক সাক্ষাৎ

তেওঁ কয়, "ইয়াৰ পিছতে দাবী সমিতিৰ প্ৰতিনিধি দলে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ আমোলা-বিষয়া আদিক লগ ধৰি কলিয়াবৰৰ পৰা নুমলীগড় পৰ্যন্ত পথছোৱা চাৰিলেনযুক্ত পথলৈ উন্নীত কৰিবলৈ দাবী তোলে ৷"

বড়াই জানিব দিয়া মতে, দাবী সমিতিয়ে প্ৰথমে ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক লগ কৰে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ স্বাৰ্থত চাৰিলেনযুক্ত পথ সম্ভৱ নহ’ব বুলি তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

ইয়াৰ পিছতো নিৰাশ ন'হৈ প্ৰতিনিধি দলে ২০০৭ চনত ভাৰত চৰকাৰৰ স্থল আৰু পৰিবহণ মন্ত্ৰী টি আৰ বালুক সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰিছিল বুলি জানিব দি বড়াই কয়, "সেই সময়ত ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱাল, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত আদিয়ে সহযোগিতা আগবঢ়াইছিল ৷ পৰৱৰ্তী সময়ত তাহানিৰ পৰিৱেশ মন্ত্ৰী জয়ৰাম ৰমেশৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰণৱ মুখাৰ্জীক চাৰিলেনযুক্ত পথ সন্দৰ্ভত সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰা হৈছিল ৷"

কেউফালে নিৰাশা

বন্যপ্ৰাণীৰ সুৰক্ষাৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বৃহত্তৰ এলেকাৰ জনগণৰ উন্নয়নৰ বাবে সুদীৰ্ঘ দিন ধৰি পথ উন্নীত কৰিবলৈ দাবী জনায় ৷ কিন্তু বৃহত্তৰ এলেকাটোৰ ৰাইজৰ দাবী-অনুৰোধেও কাম কৰা নাছিল ৷

বড়াই কয়, “পূবৰ বেলি পশ্চিমত ওলালেও কাজিৰঙাইদি চাৰিলেনযুক্ত পথ নাযাব বুলিও তাহানি তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মন্তব্য কৰিছিল ৷” যাৰবাবেই আমি বিভিন্নজনৰ ইতিকিং, ঠাট্টাৰ সন্মুখীন হৈছিলোঁ আৰু আমাৰ সংগ্ৰামত ৰাজনৈতিক ৰহণ সনা হৈছিল বুলিও কয় বড়াই ৷

ৰাষ্ট্ৰীয় ঘাইপথৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম

চৰকাৰৰ সঁহাৰি নাপালেও বৃহত্তৰ অঞ্চলটিৰ ৰাইজৰ সহযোগত কলিয়াবৰ, কুঠৰী, বোকাখাত, নুমলীগড়, ৰজাবাৰী আদি এলেকাত সমিতি গঠন কৰি এই সমিতিৰ দ্বাৰা চাৰিলেনযুক্ত পথ বিচাৰি ধাৰাবাহিক আন্দোলন তথা যুক্তি প্ৰদৰ্শন অব্যাহত ৰাখে দাবী সমিতিয়ে ৷ বড়াই কয়, ইয়াৰ মাজতে এই পথছোৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম ঘটিছিল ৷

তেওঁ কয়, "নুমলীগড় ৰিফাইনেৰী ঘোষণা হোৱাৰ সময়ত কিছুমান চৰ্ত বান্ধি দিয়া হৈছিল, ইয়াৰ ভিতৰত এটা আছিল যে পুৰণি ৩৭ নং অৰ্থাৎ বৰ্তমানৰ ৭১৫ নং এই পথছোৱাইদি ৰিফাইনেৰীৰ সা-সামগ্ৰী, মেচিন আদি অনা-নিয়া কামত ব্যৱহাৰ কৰিব নোৱাৰিব ৷ তাৰবাবে নতুন ৰাস্তা তৈয়াৰ কৰিব দিয়াৰ লগতে পুৰণি ৩৭ নং পথছোৱাত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ‘ট্ৰেফিক কণ্ট্ৰ’ল’ কৰিবৰ বাবে বন বিভাগক হস্তান্তৰ কৰিবলৈ দিছিল ৷"

অৰ্থাৎ পথটোক ‘ডিন’টিফাই’ কৰিবৰ বাবে চৰ্তত আছিল ৷ বড়াই লগতে কয়, "এই সম্পৰ্কে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত এক গোচৰত আমি দাবী সমিতিয়ে পক্ষ লৈ প্ৰায় পাঁচ বছৰকাল যুঁজিবলগা হৈছিল ৷ ৰাইজৰ গাঁঠিৰ ধন ভাঙি কৰা যুঁজত অৱশেষত ন্যায়ালয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ স্বীকৃতি বাহাল থকা সন্দৰ্ভত ৰায়দান কৰে ৷"

ৰাজনাথ সিং, নৰেন্দ্ৰ মোদীৰ আশ্বাস

আনহাতে, বড়াই কয়, "২০১১ চনৰ নিৰ্বাচনৰ সময়ত ৰাজনাথ সিং আহোঁতে কেন্দ্ৰলৈ আমাৰ চৰকাৰ হ’লে আমি নিশ্চয় এই দিশত আগবাঢ়িম বুলি আশ্বাস দিছিল ৷ পৰৱৰ্তী সময়ত চৰকাৰ হোৱাৰ পাছত ২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বোকাখাতলৈ আহোঁতে চাৰিলেনযুক্ত পথ কৰিম বুলি আশ্বাস দিয়ে ৷ ইয়াৰ পাছতে ক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত আজিৰ এই পৰ্যায় পালে আৰু কেন্দ্ৰৰ অনুমোদন লাভ কৰিলে ।" এই কথা প্ৰকাশ কৰি তেওঁলোকৰ প্ৰতি বড়াই কৃতজ্ঞতা প্ৰকাশ কৰে ৷

অৱশেষত আহিল অনুমোদন

বড়াই কয়, "দাবী সমিতিয়ে বিচৰা ধৰণেই পথছোৱা অৱশেষত আহিল ৷ কেন্দ্ৰীয় চৰকাৰে এই পথছোৱা নিৰ্মাণৰ বাবে অনুমোদন দিলে ৷ এক সুদীৰ্ঘ সময়ৰ অন্তত কাজিৰঙালৈ এই প্ৰাপ্তিত আমি সুখী ।"

লগতে বড়াই প্ৰয়াত আছু নেতা দাদুল বৰা, প্ৰয়াত কংগ্ৰেছ নেতা মুনীন্দ্ৰ নাথ শৰ্মা, কালিদাস উপাধ্যায়, শম্ভূ শইকীয়া আদিৰ লগতে আনিছুৰ ৰহমান, জিতু শৰ্মা ৰাজখোৱা, বিপন গগৈ, ফটিক বৰা আদিৰ লগতে এই সংগ্ৰামত সহযোগ কৰাসকলৰ বিষয়েও উল্লেখ কৰে ৷

পৰ্যটন ব্যৱসায়ী কল্যাণ সমিতিৰ কৃতজ্ঞতা

ইফালে কাজিৰঙা পৰ্যটন ব্যৱসায়ী কল্যাণ সমিতিৰ সভাপতি তুলসী বৰদলৈয়ে চাৰিলেনযুক্ত পথৰ অনুমোদনত চৰকাৰক ধন্যবাদ জনাই কয় যে এই পথৰ উন্নয়নৰ লগে লগে কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ে অধিক গতিশীলতা লাভ কৰিব ৷ পথৰ উন্নয়নৰ ফলত পৰিবহণ সময় কম হোৱাৰ লগে লগে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলিও আশাবাদী বুলি প্ৰকাশ কৰে বৰদলৈয়ে ৷

হোটেল-ৰিজ’ৰ্ট এছোচিয়েচনৰ আদৰণি

কাজিৰঙাৰ হোটেল-ৰিজ’ৰ্ট এছোচিয়েচনৰ বিষয়ববীয়া পংকজ গগৈয়ে চৰকাৰ সিদ্ধান্তক আদৰণি জনাই কয়, ই পৰ্যটন ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব ৷ তেওঁ এলিভেটেড কৰিড'ৰ হ’লে বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰৰ দিশে বন্যপ্ৰাণীবোৰ সুকলমে পাৰ হ’ব পাৰিব বুলি প্ৰকাশ কৰি কয়, কাজিৰঙাত বানৰ সময়ত উজনি-নামনিৰ যাতায়াত ব্যৱস্থা ব্যাহত হয় ৷ টাইম কাৰ্ডৰ ব্যৱস্থাৰ বাবে এই পথছোৱা অতিক্ৰম কৰিবলৈ ৩-৪ ঘণ্টা সময়ৰ প্ৰয়োজন হয় । কিন্তু এলিভেটেড কৰিড'ৰসহ চাৰিলেন পথ হ’লে যাত্ৰীৰ বাবে সেই সমস্যা নোহোৱা বুলি মন্তব্য কৰি গগৈয়ে চৰকাৰক আধুনিক প্ৰযুক্তিৰে পথছোৱা নিৰ্মাণ কৰিবলৈও আহ্বান জনায় ৷

লগতে পঢ়ক :কাজিৰঙাত হ'ব ৩৪ কিঃমিঃ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড'ৰ: কেন্দ্ৰই জনালে অনুমোদন
লগতে পঢ়ক :প্ৰথমবাৰলৈ এইবাৰ পূজাৰ পূৰ্বে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান