বেকী নৈৰ চৰত ২০ টা শিবিৰত ৬ হাজাৰ পশুধনসহ জলবন্দী ২০ হাজাৰ পৰিয়াল - Assam Flood 2024
Kalgachia Flood : কলগাছিয়া ৰাজহ চক্ৰৰ বিভিন্ন প্ৰান্তত অপৰিৱৰ্তিত বেকী নৈৰ বান পৰিস্থিতি । এতিয়াও বেকী নৈৰ চৰত ২০ টা শিবিৰত ৬ হাজাৰ পশুধনসহ জলবন্দী ২০ হাজাৰ পৰিয়াল । বান শিবিৰত পশুধনৰ সৈতে সহাৱস্থান বানাক্ৰান্তৰ । শিবিৰসমূহত দেখা গৈছে খাদ্য সংকট ৷ আনকি শিবিৰসমূহত নাই বিশুদ্ধ খোৱাপানী, নাই কোনো চিকিৎসাৰ ব্যৱস্থা ৷

Published : July 4, 2024 at 12:21 PM IST
জনীয়া, ৪ জুলাই : বানত বুৰ গৈছে ৰাজ্য ৷ অধিক শোচনীয় হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি ৷ শেহতীয়াকৈ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন এলেকাত বানে লৈছে সংহাৰী ৰূপ । কলগাছিয়া ৰাজহ চক্ৰৰ ২৫ খন গাঁৱৰ ৰাইজ সম্প্ৰতি ব্ৰহ্মপুত্ৰ আৰু বেঁকী নৈৰ বানৰ কবলত পৰি দিশহাৰা হৈ পৰিছে ।
বিশেষকৈ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কিছমত মইনবড়ি, ফুলৰা, চতলা, গাদেশালী, তাৰাকান্দি, বান্দৰমোৰা, বালিকুৰি, কাটাখালী, জয়পুৰ পাথাৰ, খন্দকাৰপাৰা, কয়াকুছি গাঁও, কয়াকুছিপাথাৰ, বৰহাওৰা, নিজ মইনবড়ি, পাম মইনবড়ি, দেউলদী আদি গাঁওসমূহ এতিয়া পানীৰ তলত বুৰ গৈছে ৷ ফলত ২০ টা শিবিৰত প্ৰায় ২০ হাজাৰটা পৰিয়াল আৰু ৬ হাজাৰ পশুধন ব্ৰহ্মপুত্ৰ নৈৰ চৰৰ মাজত জলবন্দী হৈ পৰিছে ।

লগতে পঢ়ক : কাজিৰঙাত মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ - Assam Flood 2024
শেহতীয়া তথ্য অনুসৰি, বানাক্ৰান্ত ৰাইজে বিগত ৩ দিন ধৰি বান শিবিৰত মানুহ আৰু পশুধন একেলগে সহাৱস্থান কৰি আছে ৷ এই শিবিৰসমূহত এতিয়া খাদ্য সংকটে দেখা দিছে । কেৱল খাদ্য সংকটেই নহয়, এটোপাল বিশুদ্ধ খোৱাপানীৰ অভাৱতো হাহাকাৰ কৰিব লগা পৰিস্থিতি আহি পৰিছে । ফলত শিবিৰসমূহত বহু বেমাৰ-আজাৰে দেখা দিছে ।

বানাক্ৰান্ত ৰাইজে উল্লেখ কৰা অনুসৰি, বান শিবিৰসমূহত বৰ্তমানলৈকে নাই কোনো চিকিৎসাৰ ব্যৱস্থা । সেয়ে শিবিৰত থকা বানাক্ৰান্ত ৰাইজে তেওঁলোকৰ লগতে পশুধনৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰিও চিকিৎসাৰ ব্যৱস্থা কৰি দিবৰ বাবে দাবী উত্থাপন কৰিছে ।
উল্লেখ্য যে, বলিয়া বানৰ ফলত বুধবাৰৰ দিনটোত ৮ গৰাকী লোকৰ মৃত্যু হৈছে ৷ যাৰ ফলত চলিত বছৰত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ গৰাকীলৈ বৃদ্ধি পাইছে ৷
লগতে পঢ়ক : একেদিনাই ৮ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱালে বানত, কিমানদিনলৈ চলিব এই বিভীষিকা ! - ASSAM FLOOD 2024

