ETV Bharat / state

সুঁৱেৰি পালনৰে সামৰণি পৰিল ২৪০ বছৰীয়া কালাগ দৌল উৎসৱৰ

২৪০ বছৰীয়া কালাগ দৌল মহোৎসৱৰ বাঁহ ভঙা পৰ্বত হাজাৰ হাজাৰ লোকৰ সমাগম ।

nalbari holi festival 2025
২৪০ বছৰীয়া কালাগ দৌল উৎসৱৰ সামৰণি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 2:28 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: পাঁচদিনীয়াকৈ অনুষ্ঠিত নলবাৰীৰ ঐতিহাসিক কালাগ দৌল মহোৎসৱৰ শনিবাৰে সামৰণি পৰে ৷ বাঁহ ভঙা উৎসৱৰ লগতে সুঁৱেৰিৰে সামৰণি পৰে কালাগৰ শ্ৰীশ্ৰীশ্যামৰায় নামঘৰত অনুষ্ঠিত এই দৌল মহোৎসৱ ।

২৪০ বছৰীয়া কালাগ দৌল মহোৎসৱ এইবেলি পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় । হাজাৰ হাজাৰ ভক্তৰে উথপথপ হৈ আছিল দৌল মহোৎসৱৰ বাকৰি ।

সুঁৱেৰি পালনৰে সামৰণি পৰিল ২৪০ বছৰীয়া কালাগ দৌল উৎসৱৰ (ETV Bharat Assam)

এই কালাগ দৌল মহোৎসৱ বুলিলেই পোনচাটেই মনলৈ আহে সুঁৱেৰি উৎসৱৰ কথা । আয়োজক সমিতিৰ এগৰাকী বিষয়ববীয়াই সদৰী কৰা অনুসৰি, ‘‘অঞ্চলটোৰ ডেকা-বুঢ়া সকলোৱে লগলাগি একোডাল গোটা বাঁহ ভাঙি কলিয়া বাবাৰ গীত জুৰে । ঘুনুচাৰ গৃহৰ পৰা প্ৰভু শ্ৰীকৃষ্ণ নিজ গৃহলৈ উভতি আহোতে লক্ষ্মী আইৰ সমৰ্থকসকলে প্ৰভুক বাঁহেৰে বাটভেটি ধৰি বাধা প্ৰদান কৰে’’ ৷

NALBARI HOLI FESTIVAL 2025
বাঁহ ভঙা পৰ্বত হাজাৰ হাজাৰ লোকৰ সমাগম (ETV Bharat Assam)

‘‘আনহাতে, শ্ৰীকৃষ্ণৰ সমৰ্থকসকল সেই বাধা ভাঙি প্ৰভুক স্ব-গৃহলৈ উভতাই অনাত সহায় কৰে ৷ সেই বাঁহ ভঙা পৰ্বকে মুখ্য় বিষয় হিচাপে লৈ ঐতিহাসিক বৰভাগৰ কালাগ দৌল উৎসৱত পালিত হৈ আহিছে সুঁৱেৰি উৎসৱ’’ বুলি বিষয়ববীয়াগৰাকীয়ে লগতে কয় ।

NALBARI HOLI FESTIVAL 2025
সুঁৱেৰিৰ দিনা সমবেত ৰাইজ (ETV Bharat Assam)

লোকবিশ্বাস অনুসৰি, বিয়া কৰাবলৈ যাওঁতে দৰাঘৰীয়া লোকক কইনাঘৰৰ লোকসকলে আদবাটতে প্ৰশ্ন সোধাৰ চলেৰে যেনেকৈ আগভেটি ধৰে, ঠিক তেনেদৰে উক্ত দৌল মহোৎসৱৰ সুঁৱেৰিত প্ৰভু শ্ৰীকৃষ্ণই ঘুনুচাক বিয়া কৰাবলৈ যোৱাত লক্ষ্মী আইৰ সমৰ্থকসকলে বাঁহেৰে আদবাটতে বাধা প্ৰদান কৰিছিল ।

NALBARI HOLI FESTIVAL 2025
শ্ৰীশ্ৰীশ্যামৰায় নামঘৰ (ETV Bharat Assam)

সেই আধ্যাত্মিক পৰম্পৰা ৰক্ষা কৰি ২৪০ বছৰ ধৰি কালাগৰ শ্যামৰায় নামঘৰত পালন কৰি অহা হৈছে দৌল উৎসৱ । এই উৎসৱত বহু দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে অংশগ্ৰহণ কৰে ৷

NALBARI HOLI FESTIVAL 2025
বাঁহ ভঙা পৰ্ব (ETV Bharat Assam)

এইবেলিও কেইবাসহস্ৰাধিক লোকৰ সমাগমেৰে এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় কালাগ দৌল উৎসৱত । প্ৰভু শ্ৰীকৃষ্ণৰ এই গৃহযাত্ৰাৰ সময়ত আতচবাজী প্ৰদৰ্শনৰ লগতে ভক্তৰ প্ৰাৰ্থনাৰে মুখৰিত হৈ পৰে সমগ্ৰ বৰভাগ ।

লগতে পঢ়ক: হোলীগীতৰ লহৰ-সত্ৰীয়া পৰম্পৰাৰে উখল-মাখল বৰপেটা সত্ৰ - BARPETA HOLI FESTIVAL