৩ টাকৈ মূল্যবান বঁটাৰে সন্মানিত পদুমনিৰ জ্যোতিৰ্ময় বৰগোঁহাই
Award to Jyotirmoy Borgohain: সৰুপথাৰৰ এজন যুৱকৰ সাফল্য । সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা সেৱাৰ বাবে সৰুপথাৰ ১নং পদুমনিৰ জ্যোতিৰ্ময় বৰগোঁহাইলৈ আগবঢ়োৱা হয় "Best Youth Social Activist" বঁটা । চলিত বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত জ্যোতিৰ্ময়ে লাভ কৰিছিল "ৰাষ্ট্ৰীয় প্ৰেৰণা দূত বঁটা" ।

Published : February 20, 2024 at 9:37 PM IST
সৰুপথাৰ,২০ ফেব্ৰুৱাৰী: সামাজিক ক্ষেত্ৰখনৰে জৰিত হৈ বিভিন্ন বঁটাৰে জিলিকি উঠিছে সৰুপথাৰৰ এজন উদ্যমী যুৱক । ইটোৰ পিছত সিটো বঁটা লাভ সক্ষম হৈছে সৰুপথাৰ ১নং পদুমনিৰ সুনীল বৰগোঁহাই আৰু ইন্দিৰা বৰাৰ পুত্ৰ জ্যোতিৰ্ময় বৰগোঁহাই । যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা ব্যৱস্থাপনা বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ জ্যোতিৰ্ময়ে সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ নিজৰ প্ৰতিভাৰে লাভ কৰিছে এই সাফল্য ।
- " class="align-text-top noRightClick twitterSection" data="">
বিভিন্ন সেৱা আগবঢ়োৱাৰ বাবে ১৭ ফেব্ৰুৱাৰীত সদৌ অসম পৰ্যটন ছাত্ৰ সন্থাৰ ষষ্ঠ বাৰ্ষিক অধিৱেশনৰ লগতে উত্তৰ-পূব পৰ্যটন ছাত্ৰ সন্থাৰ সহযোগত গুৱাহাটীৰ পি ডব্লিউ ডি প্ৰশিক্ষণ আৰু সন্মিলন কেন্দ্ৰত আয়োজন কৰা দোকমোকালি বঁটা বিতৰণী অনুষ্ঠানত "Best Youth Social Activist" বঁটা প্ৰদান কৰে জ্যোতিৰ্ময় বৰগোঁহাইক ।
ইয়াৰ পূৰ্বে একেটা বিষয়ৰ বাবেই জ্যোতিৰ্ময় বৰগোহাঁইক জানুৱাৰী মাহত সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংগঠন ইয়ংগিস্তান ফাউণ্ডেশ্বনে মুম্বাইত "প্ৰাইড অৱ ইয়ং হিন্দুস্থান ২০২৪" বঁটা আৰু যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে বিহাৰৰ চাপৰা জিলাত অনুষ্ঠিত অষ্টম সংখ্যক বাৰ্ষিক নেচনেল য়ুথ এক্সেঞ্জ অনুষ্ঠানত ফেইচ অৱ ফিউচাৰ ইণ্ডিয়াই "ৰাষ্ট্ৰীয় প্ৰেৰণা দূত বঁটা" প্ৰদান কৰিছিল ।
২০২৪বৰ্ষৰ মাত্ৰ দুটি মাহ সম্পুৰ্ণ নৌহওতেই জ্যোতিৰ্ময় বৰগোহাঁইয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটাকৈ মূল্যবান বঁটা লাভ কৰি ধনশিৰিবাসীক গৌৰৱান্বিত কৰাত সকলোৱে জ্যোতিৰ্ময়ক অভিনন্দন আৰু প্ৰশংসাৰে ওপচাই তুলিছে ।
উল্লেখ্য যে, ধুবুৰীৰ শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি থকা সময়ৰ পৰাই জ্যোতিৰ্ময়ে সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ অসম চৰকাৰৰ অন্তৰ্গত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমৰ তৰফৰ পৰা ২০২০-২১ বৰ্ষৰ স্বেচ্ছাসেৱক শ্ৰেণীত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ 'অসম ৰাজ্যিক' বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল ৷ ছাত্ৰজনে শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী অধ্যয়ন কৰি থকা সময়ত সাধাৰণ সম্পাদক আৰু সাংস্কৃতিক সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।
লগতে পঢ়ক: সৰুপথাৰৰ জ্যোতিৰ্ময় বৰগোঁহাইলৈ ৰাষ্ট্ৰীয় প্ৰেৰণা দূত বঁটা

