ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে শুভেচ্ছা জনোৱা চৰ্চিত জ্যোতি-বিষ্ণুৰ ছবিখনৰ আঁৰত কোন ? - Jyoti Brishnu painting

Artist Nirjuraj Das: বৰ্তমান সমগ্ৰ ৰাজ্যবাসীৰ মাজত জ্যোতি-বিষ্ণুৰ এখন ছবিক লৈ ব্যাপক চৰ্চা ৷ মুখ্যমন্ত্ৰীৰো শুভেচ্ছাবাণী এগৰাকী বিশেষ চিত্ৰশিল্পীলৈ । ছবিখনৰ আঁৰৰ চিত্ৰশিল্পীগৰাকীয়ে E TV ভাৰত অসমৰ আগত প্ৰকাশ কৰিলে তেওঁৰ প্ৰতিক্ৰিয়া । কোন এইগৰাকী চিত্ৰ শিল্পী আৰু তেওঁ ছবিখনৰ প্ৰসংগত কি ক'লে ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Jyoti-Bishnu painting's Artist reacted over the painting which has been highlighted in all over Assam
জ্যোতি-বিষ্ণুৰ এখন ছবিক লৈ ব্যাপক চৰ্চা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 19, 2024 at 5:37 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা,১৯ জুন: গ্ৰাম্য পৰিৱেশত জ্যোতি-বিষ্ণুৰ যুগল ফটো অংকন কৰি চৰ্চাত বৰপেটাৰ যুৱ শিল্পী নিৰ্জুৰাজ দাস ৷ নিৰ্জুৰাজ দাসে ডিজিটেল মাধ্যমত অঁকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ছবি এখনে এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ছবি অংকনৰ ক্ষেত্ৰত বিভিন্ন সম্পৰীক্ষা চলাই অহা বৰপেটা চহৰৰ ২৪ বছৰ বয়সীয়া যুৱ চিত্ৰ শিল্পী নিৰ্জুৰাজ দাসে অংকন কৰা জ্যোতি-বিষ্ণুৰ ছবিখন সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ।

জ্যোতি-বিষ্ণুৰ এখন ছবিক লৈ ব্যাপক চৰ্চা (ETV Bharat Assam)

ইয়াৰোপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো ছবিখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পিচতে ছবিখনক লৈ আগ্ৰহ বাঢ়িছে চিত্ৰপ্ৰেমীৰ মাজত ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্জুৰাজ দাসৰ ছৱিখন শ্বেয়াৰ কৰি লিখিছে—"ৰূপান্তৰেহে জগত ধুনীয়া কৰে...নতুন প্ৰজন্মৰ ৰং-তুলিকাত চিৰপ্ৰোজ্বল মনীষা জ্যোতি-বিষ্ণুৰ এখন ছবি সামাজিক মাধ্যমযোগে পাই খুবেই আপ্লুত হ'লোঁ। ৰূপকোঁৱৰৰ জন্মবার্ষিকীৰ দিনটোত তথা ৰাভাদেউৰ মৃত্যু বার্ষিকীৰ মাত্ৰ দুটি দিন পূর্বে দেখা এই ছবিখন সঁচাকৈ এখন অনন্য নিপুণতাৰ চানেকি।

"বৰপেটাৰ শ্ৰী নিৰ্জুৰাজ দাস নামৰ ২৪ বছৰীয়া যুৱকজনৰ মন-মগজুত উদ্ভৱ হোৱা সৃষ্টিশীলতাত এখন পুৰণি গ্ৰাম্য সমাজ, দুগৰাকী বৰেণ্য অসমীয়াক এনেধৰণে তুলি ধৰা দেখি যুৱ শিল্পীগৰাকীৰ শলাগ ল'লোঁ । সৃষ্টিশীলতাৰ বাটেৰে নতুনে আগুৱাই গ'লে সঁচাকৈয়ে মনটিত এক বিশেষ অনুভূতি জাগে । নিৰ্জুৰাজ, তোমাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ ৷ " মুখ্যমন্ত্ৰীৰ এই বাৰ্তাৰ পিচতে বুধবাৰে নিজে অংকন কৰা ছবিখনক লৈ নিৰ্জুৰাজ দাসে ব্যক্ত কৰে নিজৰ মনৰ অনুভৱ ।

চিত্ৰশিল্পীগৰাকীয়ে সকলো অসমবাসী তথা মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি কয়, "এই ছবিখনে ইমান সমাদৰ লাভ কৰিব পাৰিব মই ভবা নাছিলোঁ । মাত্ৰ মনৰ হাবিয়াস পূৰ কৰাৰহে চেষ্টা চলাইছিলোঁ । সৰুৰে পৰা বিষ্ণু-জ্যোতিৰ সৃষ্টিৰাজী, তেওঁলোকৰ বিপ্লৱী সত্বাৰ বিষয়ে পঢ়ি আহিছিলোঁ । গতিকে তেওঁলোকৰ প্ৰতি এয়া মোৰ শ্ৰদ্ধাঞ্জলিহে ।"

লগতে পঢ়ক: চিত্ৰ শিল্পৰ মাধ্যমেৰে শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি চিত্ৰশিল্পীৰ - Death Anniversary Of Parag Das