ETV Bharat / state

হস্তনিৰ্মিত অলংকাৰৰ জড়িয়তে মোকলাইছে জীৱন যাত্ৰাৰ পথ

এগৰাকী উদ্যমী মহিলাই বুলিছে স্বাৱলম্বিতাৰ বাট । হস্তনিৰ্মিত অলংকাৰ নিৰ্মাণ কৰি আনকো স্বাৱলম্বী হোৱাৰ দিছে প্ৰেৰণা ।

Juri Rajkumari has become self-reliant by doing business with handmade jewelry
জুৰি ৰাজকুমাৰীয়ে বুলিছে স্বাৱলম্বিতাৰ বাট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 29, 2025 at 10:17 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: কোনোধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনেই একাগ্রতা, অধ্যৱসায় আৰু নিৰবিচ্ছিন্ন সাধনাৰে সপোন বাস্তৱত ৰূপায়িত কৰিছে গুৱাহাটী মহানগৰীৰ এগৰাকী উদ্যমী মহিলাই । হস্তনিৰ্মিত অলংকাৰেৰে মহানগৰীৰ ৰাজগড়ৰৰ বাসিন্দা জুৰি ৰাজকুমাৰীয়ে স্বাৱলম্বী হোৱাৰ লগতে আনকো স্বনিৰ্ভৰশীল হোৱাৰ পথ দেখুৱাইছে । উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ অলংকাৰৰ পৰম্পৰাগত ডিজাইনবোৰ আধুনিক ৰূপ দি প্ৰস্তুত কৰি আহিছে অলংকাৰ ।

জুৰি ৰাজকুমাৰীৰ হস্তনিৰ্মিত এই অলংকাৰে দেশ-বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । হস্তনিৰ্মিত অলংকাৰ প্ৰস্তুত কৰিবলৈ তেওঁ মাতৃৰ পৰাই শিকিছিল । সেয়া আছিল ২০০৮ চনৰ কথা । জুৰি ৰাজকুমাৰীয়ে মাতৃ ৰেণু ৰাজকুঁৱৰীৰ পৰা হস্তনিৰ্মিত অলংকাৰ বনাবলৈ শিকিছিল । তেতিয়াৰ পৰাই তেওঁ অলংকাৰ বনাই আহিছে ।

হস্তনিৰ্মিত অলংকাৰ নিৰ্মাণ কৰা জুৰি ৰাজকুমাৰী (ETV Bharat Assam)

এতিয়া তেওঁক অলংকাৰ প্ৰস্তুত কৰাত সহায় কৰিছে তেওঁৰ বৃদ্ধ মাতৃয়ে । দুয়ো মাতৃ কন্যাই মণি বেজীত সূতা ভৰাই সুন্দৰ সুন্দৰ অলংকাৰ তৈয়াৰ কৰে । অতি নিখুঁতভাৱে, একক ডিজাইনাৰ নেকলেছ, কাণফুলি, গলপতা, ব্ৰেচলেট আদিৰ লগতে ফেশ্বনেবল ভিন্ন প্ৰকাৰৰ আঙঠি তৈয়াৰ কৰে ।

Juri Rajkumari has become self-reliant by doing business with handmade jewelry
জুৰি ৰাজকুমাৰীয়ে নিৰ্মাণ কৰা অলংকাৰ (ETV Bharat Assam)

জুৰি ৰাজকুমাৰীয়ে ইটিভি ভাৰতৰ আগত কয়, "২০০৮ চনৰ পৰাই মাৰ পৰা শিকি এই অলংকাৰ প্ৰস্তুত কৰি আহিছো । হস্তনিৰ্মিত বস্তুৰ প্ৰতি আকৰ্ষণ থকাৰ বাবে এই কাম প্ৰায় দুই হেজাৰ টকাৰে আৰম্ভ কৰিছিলো । পৰম্পৰাগত আৰু জনজাতীয় ডিজাইনৰ ওপৰত ভিত্তি কৰি কিছুমান ডিজাইন কৰিবলৈ আৰম্ভ কৰিলোঁ । মই নিজেই সেই ডিজাইনবোৰ ভালপাওঁ আৰু মোৰ গহনা ডিজাইনবোৰত বিশেষকৈ উত্তৰ-পূবৰ পৰম্পৰাগত আৰু জনজাতীয় ডিজাইন দেখিবলৈ পোৱা যায় । এটা ডিজাইন তৈয়াৰ কৰিবলৈ মোক যথেষ্ট পৰিকল্পনা তথা সময়ৰ প্ৰয়োজন হয় ।"

Juri Rajkumari has become self-reliant by doing business with handmade jewelry
জুৰি ৰাজকুমাৰীয়ে নিৰ্মাণ কৰা অলংকাৰ (ETV Bharat Assam)

তেওঁ লগতে কয়, "Tangled beads নামেৰে মোৰ ব্ৰেণ্ডটো নামাকৰণ কৰি এই ব্ৰেণ্ডৰ ডিজাইনসমূহেৰে সকলো বয়সৰ লোকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ । মোৰ তাত ২০ টকাৰ পৰা আৰম্ভ কৰি দুহেজাৰ টকা পৰ্যন্ত অলংকাৰৰ আছে । হস্তনিৰ্মিত গহণা গ্ৰাহকৰ প্ৰয়োজন অনুসৰি ৰূপ দিয়া হয় । মিছিং, খাচীয়া, নগা, মিজো, বাদো, আপাতানি, কুকি, আদিকে ধৰি অসমীয়া অলংকাৰ ডিজাইনত অলংকাৰ ঘৰতে তৈয়াৰ কৰো ।"

Juri Rajkumari has become self-reliant by doing business with handmade jewelry
জুৰি ৰাজকুমাৰীয়ে নিৰ্মাণ কৰা অলংকাৰ (ETV Bharat Assam)

ৰাজকুমাৰীয়ে লগতে কয়, "উত্তৰ-পূবৰ বিভিন্ন পৰম্পৰাগত কাপোৰৰ লগত ৰজিতা খুৱাই অলংকাৰ তৈয়াৰ কৰো । এই হাতেৰে প্ৰস্তুত কৰা অলংকাৰবোৰৰ চাহিদা যথেষ্ট আছে । অলংকাৰবোৰ বনাবলৈ প্ৰয়োজনীয় মণিবোৰ ডিফু, অৰুণাচল আৰু দিল্লীৰ পৰা অৰ্ডাৰ দি অনা হয় ।"

Juri Rajkumari has become self-reliant by doing business with handmade jewelry
জুৰি ৰাজকুমাৰীয়ে নিৰ্মাণ কৰা অলংকাৰ (ETV Bharat Assam)
Juri Rajkumari has become self-reliant by doing business with handmade jewelry
জুৰি ৰাজকুমাৰীয়ে নিৰ্মাণ কৰা অলংকাৰ (ETV Bharat Assam)

উল্লেখ্য যে, তেওঁ প্ৰতি বছৰে গুৱাহাটী বিভিন্ন মেলা তথা প্ৰদৰ্শনীত প্ৰদৰ্শন কৰাৰ উপৰি দিল্লীত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীত অলংকাৰ প্ৰদৰ্শন কৰি আহিছে । তেওঁ অলংকাৰ উত্তৰ-পূৰ্বাঞ্চলৰৰ উপৰিও দিল্লী, বেংগালুৰু, লণ্ডণ আদিলৈও গৈছে । তেওঁ অনলাইন বিক্ৰীৰ ব্যৱস্থা কৰা নাই যদিও গ্ৰাহকে ফোনযোগে অৰ্ডাৰ দিলে কাষ্টমাইজ কৰি দিয়ে । আনহাতে বিভিন্ন বেচৰকাৰী সংস্থাই আয়োজন কৰা কৰ্মশালাত হস্তনিৰ্মিত অলংকাৰৰ প্ৰশিক্ষণ দি আহিছে ।

Juri Rajkumari has become self-reliant by doing business with handmade jewelry
জুৰি ৰাজকুমাৰীয়ে নিৰ্মাণ কৰা অলংকাৰ (ETV Bharat Assam)

জুৰি ৰাজকুমাৰীয়ে কয়, "চৰকাৰে উদ্যমীসকলৰ বাবে বহু সুবিধা দিছে যদিও আমি সেই সুবিধাবোৰ পোৱা নাই । অধিক নথি-পত্ৰৰ প্ৰয়োজনৰ বাবে আমি চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈছো ।" ইয়াৰোপৰি জুৰি ৰাজকুমাৰীয়ে পেলনীয়া সামগ্ৰীৰ পৰাও বহু শিল্প কৰ্ম সৃষ্টি কৰিছে । যেনে পুৰণা গাড়ীৰ টায়াৰক ডিজাইন কৰি বহিব পৰাকৈ অনান্য ৰূপ দিছে । বেগ বনোৱাৰ উপৰিও শাৰীৰ পৰা কাৰ্পেট, ড'ৰমেট আদি তৈয়াৰ কৰি আহিছে ।

Juri Rajkumari has become self-reliant by doing business with handmade jewelry
জুৰি ৰাজকুমাৰীয়ে নিৰ্মাণ কৰা অলংকাৰ (ETV Bharat Assam)

লগতে পঢ়ক: পানী আহিলে মুধচৰ ওপৰেদি নহয় তামোল গছৰ ওপৰেদি পানী যাব : পলাশ চাংমাই - PROTEST AGAINST NHPC

প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ : কিন্তু কিয় ? - ASSAM CONGRESS MP GAURAV GOGOI