অৱশেষত উদ্ধাৰ হ’ল কুজীয়া নৈত পৰি নিখোজ হোৱা জুনমণি ৰাভাৰ মৃতদেহ - Teenager Drown In kujia river
Drowning in kujia river in chirang: অৱশেষত উদ্ধাৰ হল বায়েকৰ ঘৰলৈ ফুৰিবলৈ আহি কাকাৰা গাঁও ৰাভাপাৰা সংযোগী কুজীয়া নৈত পৰি নিখোজ হোৱা জুনমণি ৰাভাৰ মৃতদেহ ৷ NDRF-SDRF ৰ অভিযানত পুৱাই উদ্ধাৰ হয় স্কুটীখন ।

Published : July 12, 2024 at 10:13 PM IST
চিৰাং, 12 জুলাই: চৰকাৰ-প্ৰশাসনৰ গাফিলতিৰ ফলত উন্মুক্ত নলাত পৰি প্ৰাণ হেৰুওৱা অবিনাশ সৰকাৰৰ মৰ্মন্তদ ঘটনাৰ দুদিন নৌহওঁতেই পুনৰ ৰাজ্যত আন এক শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ চৌদিশে বিকাশ-উন্নয়ন হোৱা বুলি দাবী কৰি অহা ৰাজ্য চৰকাৰৰ দ্বিতীয়টো শাসনকালত জৰাজীৰ্ণ এখন দলঙৰ বাবেই মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল চিৰাং জিলাৰ জুনমণি ৰাভা (18) ই ।
কি হৈছিল
জানিব পৰা মতে, বৃহস্পতিবাৰৰ বিয়লি 3 বজাত চিৰাং জিলাৰ কাকৰাগাঁও ৰাভাপাৰাৰ কুজীয়া নৈৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলঙেৰে স্কুটী চলাই 2 বছৰীয়া ভাগিনীৰ লগত আহিছিল জুনমণি ৰাভা ৷ বায়েক-ভিনিহিয়েকৰ ঘৰলৈ ঢেকিয়াজুলিৰ পৰা ফুৰিবলৈ অহা জুনমনি ৰাভা আৰু ভাগিনীয়েকজনী জৰাজীৰ্ণ দলঙখনৰ পৰা দ’ পানীত সৰি পৰে ৷ ইয়াৰ পিচতে আৰক্ষী-প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ 2 বছৰীয়া বিদিশা ৰাভাক জীৱন্তে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰোৱাই যদিও নিখোজ হৈ পৰিছিল জুনমণি ৰাভা ।
কেবাঘণ্টা জুৰি চলিল উদ্ধাৰ অভিযান
এচ ডি আৰ এফ আৰু এন ডি আৰ এফে অভিযান চলাই বৃহস্পতিবাৰে উদ্ধাৰ কৰিব নোৱাৰিলে জুনমনি ৰাভাৰ লগতে তেওঁৰ স্কুটীখন । শুকুৰবাৰৰ পুৱাৰে পৰা আকৌ অভিযান চলাই পুৱা 9 মান বজাত নৈৰ পৰা উদ্ধাৰ হয় এ এচ 26 ই 7769 নম্বৰৰ স্কুটীখন । তাৰ পিচত দিনটো উদ্ধাৰ অভিযান চলোৱাৰ অন্তত বিয়লি 4 বজাত জুনমনি ৰাভাৰ নিথৰ দেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে ।
স্থানীয় দল-সংগঠনৰ ক্ষোভ প্ৰকাশ
এই ঘটনাৰ পাচতে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজে ৷ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰাৰ সময়ত কেৱল এখন জৰাজীৰ্ণ দলঙৰ বাবেই বায়েকৰ ঘৰলৈ ফুৰিবলৈ আহি মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা ঘটনাই ৰাজ্যৰ তথা দেশৰ উন্নয়নৰ প্ৰকৃত ছবিখনহে উদঙাই দেখুৱাইছে বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে সচেতন লোকে ।
এই ঘটনাবোৰৰ দায়িত্ব কোনে ল’ব বুলি প্ৰশ্ন উত্থাপন কৰি দল-সংগঠনৰ নেতৃত্বই এই ঘটনাটো সংঘটিত হোৱা স্থানডোখৰ ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীৰ ঘৰৰ সমীপৰ বুলি উল্লেখ কৰে । সমান্তৰালভাবে দীৰ্ঘদিন ধৰি বিধায়ক হৈ থকা তথা বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰীৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চলৰ ঘটনা বুলি বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজ্যবাসীয়ে প্ৰকৃত উন্নয়নৰ পোহৰ কেতিয়া লাভ কৰিব বুলি চৰকাৰ-প্ৰশাসনলৈ প্ৰশ্ন তোলে ৷

