শিল্পগ্ৰামৰ বাকৰিত এদল সাংবাদিকৰ তয়াময়া ৰণ
শনিবাৰে গুৱাহাটীৰ কেইজনমান সাংবাদিকে ল'লে অন্য এক ৰূপ । কলম, বুম, কেমেৰা এৰি হাতত ল'লে অস্ত্ৰ । পঢ়ক এই প্ৰতিবেদন ।

Published : March 16, 2025 at 9:21 PM IST
গুৱাহাটী: "সাংবাদিকে ভাওনাও কৰিব পাৰে ! এইটো এটা ভাবিব নোৱৰা কথা । গুৱাহাটী প্ৰেছ ক্লাৱে এইটো সম্ভৱ কৰি তুলিলে । যিজন ব্যস্ত মানুহ তেৱেঁই সকলো কাম কৰিব পাৰে ৷" এই মন্তব্য জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাৰ । হাতত বুম নাই আছে গদা-তৰোৱাল, নাই কেমেৰা আছে গাণ্ডীৱ-অসি । মেকআপ লৈ সোমাই আহিছে, ষ্টুডিঅ'লৈ নহয় অগ্নিগড়ত সেৱা লৈ নাটঘৰলৈ ।
প্ৰথমে নাটক, তাৰ পিছত বিহু আৰু এইবাৰ অসম্ভৱকো সম্ভৱ কৰি তুলিবলৈ উঠিপৰি লাগিল সাংবাদিক । দিনটোৰ হেজাৰ ব্যস্ততাৰ মাজতো প্ৰায় এমাহজোৰা আখৰাৰ অন্তত প্ৰায় চাৰিঘণ্টা সময় ৫০০ৰো অধিক দৰ্শকক সন্মোহিত কৰি ৰাখিলে এদল সাংবাদিকে । গুৱাহাটী মহানগৰীৰ শিল্পগ্ৰামৰ বাকৰিত কেৱল সাংবাদিকসকলৰ দ্বাৰা মঞ্চস্থ কৰা হ'ল মাতৃভাষাৰ ভাওনা 'গান্ধাৰীৰ অভিশাপ' ।
গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত আৰু NEZCC ৰ সহযোগত সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতি মানি, শিল্পগ্ৰামৰ বাকৰিত অস্থায়ীভাৱে নামঘৰ প্ৰতিষ্ঠা কৰি শনিবাৰে পৰিৱেশন কৰা হয় 'গান্ধাৰীৰ অভিশাপ' নামৰ মাতৃভাষাৰ ভাওনাখনি ।

জ্যেষ্ঠ সাংবাদিক ঋতুপৰ্ণ দাসৰ পৰিকল্পনাৰে ড৹ দীপেন দাসৰ পৰিচালনাৰে অসমৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক-সংবাদকৰ্মীয়ে অভিনয় কৰে ভাওনাখনিত । সহকাৰী পৰিচালক হিচাপে ভাওনাখনিত অনন্য অৰিহণা আগবঢ়াই লুকু কোঁৱৰে ।

ভাওনাখনিত সুত্ৰধাৰ হিচাপে অভিনয় কৰে এন ই নিউজৰ ইমন অনুৰাগে, কৃষ্ণৰ চৰিত্ৰত এন ডি ২৪ ৰ বিমল ভূষণ মহন্ত, শকুনিৰ চৰিত্ৰত নিউজ লাইভৰ অভিজিৎ গোস্বামী, গান্ধাৰীৰ চৰিত্ৰত এন ডি ২৪ ৰ এঞ্জেলা চাংমাই, কুন্তীৰ চৰিত্ৰত প্ৰাগ নিউজৰ প্ৰণামী মহন্ত, দ্ৰৌপদীৰ চৰিত্ৰত প্ৰতিদিন টাইমৰ আইচেংফা কোঁৱৰ, পদ্মাৰ চৰিত্ৰত প্ৰথম খবৰৰ হিমাদ্ৰী ৰেখা ভৰালী, যুধিষ্ঠিৰৰ চৰিত্ৰত প্ৰথম খবৰৰ ভাস্কৰ শইকীয়া, ভীমৰ চৰিত্ৰত নিউজ লাইভৰ নৱ মুক্তিয়াৰ, অৰ্জুনৰ চৰিত্ৰত এন কে টিভিৰ জগদীশ ডেকা, নকুল আৰু সহদেৱৰ চৰিত্ৰত প্ৰতিদিন টাইমৰ পুলক মহন্ত আৰু পল্লৱ দ্বীজেন, অভিমন্যুৰ চৰিত্ৰত এন কে টিভিৰ কল্পজিৎ শইকীয়া, ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত ডি ৱাই-৩৬৫ ৰ মৃগাংক শইকীয়া, সঞ্জয়ৰ চৰিত্ৰত প্ৰাগ নিউজৰ দীপাংকৰ শইকীয়া, দুৰ্যোধনৰ চৰিত্ৰত এন বি নিউজৰ দেৱপ্ৰতিম বৰুৱা, কৰ্ণৰ চৰিত্ৰত প্ৰতিদিন টাইমৰ শোণিত কুমাৰ ভূঞা, দুঃশাসনৰ চৰিত্ৰত আকাশবাণী গুৱাহাটীৰ সত্যজিৎ গগৈ, শৈল্যৰ চৰিত্ৰত দূৰদৰ্শন কেন্দ্ৰ, গুৱাহাটীৰ সাৰংগপাণি ভূঞা, কৌৰৱ সেনাৰ চৰিত্ৰত এন ডি ২৪ ৰ পংকজ বৰা আৰু পাণ্ডৱ সেনাৰ চৰিত্ৰত ই টিভি ভাৰতৰ শৰৎ শৰ্মাই ।

উল্লেখ্য যে ভাওনাখনিৰ প্ৰযোজনা নিয়ন্ত্ৰণৰ দায়িত্বত থকা তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংস্কৃতিক সম্পাদক পল্লৱী বৰাৰ নেতৃতত পূৰ্বে নাটক 'ইত্যাদি' আৰু তাৰ পিছত বিহুদল গঠন কৰি ৰাজধানী চহৰ দিল্লীত পৰিৱেশন কৰাৰ পাছত এয়া আছিল এক অত্যন্ত প্ৰতাহ্বান পূৰ্ণ অভিযোজনা ।

যি সফলৰূপে সম্পন্ন হৈছে বুলি ইতিমধ্যে ভাওনাখনি উপভোগ কৰা প্ৰতিগৰাকী দৰ্শকে উল্লেখ কৰে । প্ৰযোজনা নিয়ন্ত্ৰণত নিউজ লাইভৰ সাংবাদিক তপন ভূঞাকে আদি কৰি আন কেইবাজনৰো ভূমিকা আছিল অনবদ্য ।

শনিবাৰে পৰিৱেশিত হোৱা ভাওনাখনি উদ্বোধন কৰে সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক শাৰদী শইকীয়াই । ভাওনাখনি পৰিৱেশন কৰাৰ প্ৰাকমুহূৰ্তত এই পদক্ষেপক শলাগ লৈ ভাষণ প্ৰদান কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী আলেখ্য দাস, জ্যেষ্ঠ অভিনেত্ৰী চেতনা দাস, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাকে আদি কৰি আন কেইবাজনেও । ভাওনাখনিত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীসকলৰ লগতে আয়োজকৰ ব্যৱস্থাপনাক ভূয়সী প্ৰশংসাৰে ওপচাই তোলে সকলোৱে ।

