আমি কিমান টকা পাওঁ আপোনালোক সকলোৱে অৱগত: দিলোৱাৰ হুছেইন মজুমদাৰ
কেনেকৈ ক্ৰয় কৰিছিল ডাম্পাৰ ? বিশাল অট্টালিকাৰ ৰহস্য কি ? নিজৰ সম্পত্তিৰ খতিয়ান দাঙি ধৰিলে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰে ৷

Published : March 30, 2025 at 8:40 AM IST
|Updated : March 30, 2025 at 10:01 AM IST
গুৱাহাটী: জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ কেনেকৈ হ'ল ডাম্পাৰৰ মালিক ? কেনেকৈ বনালে বিশাল অট্টালিকা ? বিগত দুটা দিনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে সামাজিক মাধ্যমত এইসমূহ প্ৰশ্ন উত্থাপন কৰিছিল বহুতে । ইয়াৰ পিছতে শনিবাৰে কাৰাগাৰৰ পৰা ওলাই নিজৰ সম্পত্তিৰ খতিয়ান দিলে দিলোৱাৰ হুছেইন মজুমদাৰে ।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, "আমাৰ সাংবাদিকৰ চাকৰি সুৰক্ষিত বুলি ক’ব নোৱাৰি, আৰ্থিক নিৰাপত্তা নাই । মই যেতিয়া এটা ছেটেলাইট চেনেল বাদ দিছিলো তেতিয়া PPF আৰু PF ৰ কিছু টকা লাভ কৰিছিলোঁ । বেংকৰ পৰা ৯০ শতাংশ ঋণ লৈ মই মোৰ দুগৰাকী কন্যাৰ নামত দুখন গাড়ী কিনিছিলোঁ । যাতে আজি যদি মোৰ কিবা হৈ যায় তেতিয়া তেওঁলোক পথৰ ভিক্ষাৰী হৈ নাযায় । নিজৰ পঢ়া-শুনাখিনি কৰি ল'ব পাৰে তাৰ বাবে মই গাড়ী দুখন কিনিছিলোঁ ।"
লগতে কয়, "তাৰোপৰি যিটো ঘৰৰ কথা কোৱা হৈছে সেইটো মোৰ ঘৰ নহয় । মোৰ পৰিয়ালৰ দাদা-ভাইহঁতৰ ঘৰ । মোৰ ভাগত এতিয়া অসম টাইপ এটা ঘৰ পৰিছে যদিও মই গুৱাহাটীতে থাকোঁ । গতিকে সেইটো ঘৰ মই বনোৱা মিছা কথা । আপোনালোকে সকলোৱে জানে যে এজন সাংবাদিকে মাটি-বাৰী কিনি এনেকৈ ঘৰ দুৱাৰ বনোৱা সহজ নহয় । কাৰণ আমি কিমান টকা পাওঁ আপোনালোকে সকলোৱে অৱগত ।"
আনহাতে সাংবাদিকৰ সমান্তৰালকৈ ওকালতি কৰা সন্দৰ্ভত কয়, "এই বিষয়ত ছুপ্ৰিম ক'ৰ্টে আমাক কোনো ধৰণৰ বাধা আৰোপ কৰা নাই । ৰাজ্যত এই লাইনত আমাৰ কেবাগৰাকীও সতীৰ্থ আছে যিয়ে সাংবাদিকৰ সমান্তৰালকৈ আদালতত ওকালতি কৰি আছে । আমি সাত, আঠ ঘণ্টা ডিউটি কৰাৰ পিছত যদি অলপ কাৰ্যালয়ত বহি আইনৰ চৰ্চা কৰোঁ, কিবা নজনা কথা এটা জ্যেষ্ঠজনৰ পৰা শিকিবলৈ চেষ্টা কৰো সেইটো কেনেকৈ অনৈতিক হ’ব পাৰে ? যেতিয়া ছুপ্ৰিম ক'ৰ্টে কৰিব নোৱাৰে বুলি কয় তেতিয়া নকৰোঁ, কিন্তু এই মুহূৰ্তলৈকে ছুপ্ৰিম ক'ৰ্টে সেই বাধা আৰোপ কৰা নাই ।"

