প্ৰশ্ন কৰি বিপদত সাংবাদিক: পাণবজাৰ থানাত আবদ্ধ প্ৰশ্নকৰ্তা সাংবাদিকক
বাকৰুদ্ধ হ'ব নেকি সাংবাদিক ? সাংবাদিৰ মুখত তলা মৰাৰ চেষ্টা নেকি একাংশৰ ?


Published : March 25, 2025 at 10:33 PM IST
গুৱাহাটী: এপেক্স বেংকত সংঘটিত হৈ থকা কেলংকাৰী তথা অনিয়ম সন্দৰ্ভত পৰিচালন সঞ্চালকক প্ৰশ্ন কৰি বিপদত পৰিছে জেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰ । প্ৰশ্ন কৰাৰ বাবেই থানাত আবদ্ধ হৈ থাকিবলগীয়া হৈছে সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ । মঙলবাৰে দুপৰীয়া এপেক্স বেংকৰ ভিতৰছোৱাত সংঘটিত হৈ থকা অনিয়ম-কেলেংকাৰীৰ তদন্তৰ দাবীত পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল জাতীয় যুৱ শক্তিয়ে ।
সেই সময়তে উক্ত ঘটনা সন্দৰ্ভত এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত ল’বলৈ বেংকটোৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি বেংক কৰ্তৃপক্ষই পাণবজাৰ আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষীয়ে বাতৰি সংগ্ৰহৰ বাবে বেংকত উপস্থিত হোৱা সাংবাদিক দিলোৱাৰ হুছেইনক আটক কৰে । বৰ্তমান পাণবজাৰ থানাতে সাংবাদিকগৰাকীক ৰখা হৈছে ।
কাৰো সৈতে তেওঁক যোগাযোগ কৰিবলৈ দিয়া হোৱা নাই । ইফালে সাংবাদিকগৰাকীক এনেদৰে আটক কৰা কাৰ্যত সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে কৰ্তব্য সম্পাদনত বাধা দি সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰিবলৈ বিচৰা ৰজাঘৰীয়াৰ এনে প্ৰচেষ্টাক নিন্দা কৰিছে বিভিন্ন দল-সংগঠনে । সকলোৱে শীঘ্ৰে সাংবাদিকগৰাকীক মুকলি কৰি দিবলৈ দাবী জনাইছে ।
গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিক্ৰিয়া:
জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আটকত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে । আজি অসম কো অপাৰেটিভ এপেক্স বেংকত অসম জাতীয় পৰিষদৰ জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক, জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ থানালৈ ফোনযোগে মাতি নি আবদ্ধ কৰি ৰাখে ।
বৰ্তমানলৈ তেওঁৰ অপৰাধ কি জানিব পৰা হোৱা নাই । জানিব পৰা মতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁৰ লগত বৰ্তমান কথা পাতিবলৈও দিয়া নাই । গুৱাহাটী প্ৰেছ ক্লাবে ঘটনাটোত উদ্বেগ প্ৰকাশ কৰিছে । গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সম্পাদক সঞ্জয় ৰায়ে বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু অতি সোনকালে মজুমদাৰক মুকলি কৰি দিবলৈ আহ্বান জনাইছে ।
অসম জাতীয় পৰিষদৰ গৰিহণা:
কৰ্তব্যৰত সাংবাদিকক বাতৰি সংগ্ৰহ কৰিবলৈ নিদি ওলোটাই আটক কৰা কাৰ্যক তীব্ৰ গৰিহণা দিছে অসম জাতীয় পৰিষদে । দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই নিজৰ প্ৰতিক্ৰিয়াত কয়, "আজি দুপৰীয়া গুৱাহাটীৰ পাণবজাৰত থকা এপেক্স বেংকৰ মুখ্য কাৰ্যালয়ত অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে বেংকটোত হোৱা কেলেংকাৰীৰ তদন্তৰ দাবীত এটা ধৰ্ণা কাৰ্যসূচীৰ আয়োজন কৰিছিল ।"
তেওঁ লগতে কয়, "উক্ত কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দ্য ক্ৰছ কাৰেন্টৰ জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰে সাংবাদিকৰ ধৰ্ম অনুসৰি, এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত লবৰ বাবে বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল । কিন্তু বেংক কৰ্তৃপক্ষই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি আৰক্ষী মাতি দিয়ে আৰু আৰক্ষীয়ে বৰ্তমানে সংবাদিকগৰাকীক আটক কৰি নি পাণবজাৰ থানাত বহুৱাই থৈ দিছে ।"
আৰক্ষীৰ উক্ত কাৰ্য্যক সংবাদ মাধ্যমৰ কণ্ঠৰোধৰ ফেচিষ্ট অপপ্ৰয়াস বুলি উল্লেখ কৰি নেতাদ্বয়ে কয়, "অসমত এতিয়া দুৰ্নীতিমুক্ত পৰিৱেশ বিৰাজ কৰিছে আৰু সেয়ে ৰাজ্যত এতিয়া প্ৰতিবাদ নহয় বুলি অসম বিধানসভাত অলপতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা এটা স্পষ্ট মিথ্যাচাৰ । আজি সাংবাদিকগৰাকীয়ে দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল । কিন্তু তেখেতক আটক কৰি ভয় খুৱাব খোজাটোৱে প্ৰমাণ কৰে যে প্ৰতিবাদ হ'বলৈ দিয়া হোৱা নাই, দুৰ্নীতিৰ বাতৰি প্ৰচাৰ কৰিবলৈ দিয়া হোৱা নাই ।"

