ETV Bharat / state

লকআপৰ ভিতৰতে চুৰিকাণ্ডৰ অভিযুক্তৰ চৰম সিদ্ধান্ত

ভোগদৈ আৰক্ষীয়ে শনিবাৰে আটক কৰি অনা যুৱকজনক যোৰহাট সদৰ থানাৰ লকআপত ৰখা হৈছিল ।

Jorhat Police station incident
লকআপৰ ভিতৰত যোৰহাটৰ যুৱকৰ চৰম সিদ্ধান্ত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 8:00 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট : যোৰহাটত ৰহস্যজনক ঘটনা । যোৰহাট সদৰ আৰক্ষী থানাৰ লকআপত এজন যুৱকে ল'লে চৰম সিদ্ধান্ত ! যুৱকজন যোৰহাট কেন্দুগুৰি ২ নং চেঙেলি গাঁৱৰ প্ৰীতম দত্ত বুলি জানিব পৰা গৈছে । এটা চুৰি ঘটনাৰ অভিযুক্ত আছিল প্ৰীতম দত্ত । সমগ্ৰ ঘটনাক লৈ যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে, যুৱকজনক ভোগদৈ আৰক্ষী চকীৰ আৰক্ষীয়ে শনিবাৰে নিশা আটক কৰি আনিছিল । তাৰ পিছতে যুৱকজনক জেৰাৰ বাবে শনিবাৰেই যোৰহাটত সদৰ থানালৈ অনা হৈছিল ।

লকআপৰ ভিতৰতে চুৰিকাণ্ডৰ অভিযুক্তৰ চৰম সিদ্ধান্ত (ETV Bharat)

চুৰি গোচৰৰ অভিযুক্ত যুৱকজনক সদৰ থানাৰ লকআপতে ৰখা হৈছিল । কিন্তু লকআপৰ ভিতৰতে যুৱকজনে চৰম সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছে । ইফালে এই ঘটনাক সহজভাৱে ল'ব পৰা নাই যুৱকজনৰ পৰিয়ালে । থানাৰ লকআপত কেনেকৈ এজন যুৱকে এই ঘটনা সংঘটিত কৰিব পাৰে ? সকলোৰে মনত ইয়াক লৈ প্ৰশ্নৰ উদয় হৈছে ।

এই সন্দৰ্ভত যুৱকজনৰ ভাতৃয়ে কয়, "ভোগদৈ আৰক্ষী চকীৰ আৰক্ষীয়ে মোৰ ভাতৃ প্ৰীতম দত্তক চুৰিৰ এক ঘটনা সংক্ৰান্তত ঘৰৰ পৰা আটক কৰি লৈ আহিছিল । তাৰ পিছত ভোগদৈৰ পৰা তেওঁক যোৰহাট সদৰ থানালৈ অনা হয় আৰু আজি পুৱা প্ৰায় ১০ বজাত আৰক্ষীয়ে আমাক খবৰ দিয়ে যে প্ৰীতম দত্ত ঢুকাইছে । আগতে সি জেল গৈছে কিন্তু এতিয়া ঘৰতে আছিল । সি এতিয়া ড্ৰাগছৰ লগতো জড়িত নাই । এই কেইদিন ঘৰতে আছে সি । ঘৰত কাম কৰি আছে । আমিও কিবা কিবি দিও । কিন্তু আজি পুৱা খবৰটো পাই বেয়া লাগিছে ।"

পৰিয়ালৰ লোকে এই ঘটনাত ৰহস্যৰ সন্দেহ কৰিছে আৰু সঠিক তদন্তৰ দাবী জনাইছে । উচিত তদন্ত বিচাৰি পৰিয়ালৰ লোকে যোৰহাট আৰক্ষী থানাত এজাহাৰো দাখিল কৰিব বুলি জানিবলৈ দিছে । কিন্তু যুৱকজনে সঁচাকৈয়ে চৰম সিদ্ধান্ত ল'লে নে ? যদি সঁচা হয়, কি পৰিস্থিতিত যুৱকজনে এই সিদ্ধান্ত ল'লে ? আৰক্ষীৰ কৰ্তব্যত অৱহেলাৰো অভিযোগ উঠিছে । ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনৰ মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে, যোৰহাটত এনে ঘটনা এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও যোৰহাট আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছিল ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক :ইউ পি এছকলৈ সৰৱ অসম চৰকাৰৰ কৰ্মচাৰী : প্ৰতিবাদৰ বাবে পুনৰ সাজু কৰ্মচাৰী সংস্থা