ETV Bharat / state

জেতুকা নহ'লে কিহৰ বিহু ! মেহেন্দীৰ প্ৰকোপত অসমীয়াই পাহৰিলে জেতুকাক - RONGALI BIHU 2025

যোৰহাটত পিঠা, লাড়ু প্ৰস্তুত কৰাত ব্যস্ত মহিলাসকল । হাতত জেতুকা লৈ বিহু নাচিবলৈ সাজু যুৱতীসকল ।

Rongali Bihu 2025
ৰঙালীৰ পৰম্পৰা ৰক্ষাত ব্যস্ত যোৰহাটৰ যুৱতী-মহিলা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 14, 2025 at 8:00 PM IST

2 Min Read

যোৰহাট: ৰঙালী বিহুক লৈ ৰাজ্যত ব্যাপক উছাহ দেখা গৈছে । বিহুক লৈ সকলো ব্যস্ত । বিহু দলবোৰো সাজু হৈছে । একেদৰে গাঁৱৰ ঘৰে ঘৰে গৃহিণীসকলে পিঠা, লাড়ুকে ধৰি বিহুৰ বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছে । পৰম্পৰা ৰক্ষা কৰি যোৰহাটত একাংশ মহিলাই সমূহীয়াভাৱে পিঠা পুৰিছে, লাড়ু বনাইছে । গ্ৰামাঞ্চলৰ নিভাঁজ পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াস কৰিছে মহিলাসকলে ।

সমূহীয়াকৈ পিঠা প্ৰস্তুত

ৰঙালীৰ পৰম্পৰা ৰক্ষাত ব্যস্ত যোৰহাটৰ যুৱতী-মহিলা (ETV Bharat)

যোৰহাট নগৰৰ পৰা নাতিদূৰৈৰ চিহাপীখোলাত যান্ত্ৰিকতাৰ মাজত হেৰাই যোৱা গ্ৰাম্য সমাজৰ পৰম্পৰা ধৰি ৰখাত ব্যস্ত যুৱতী-মহিলাসকল । একত্ৰিতভাৱে পিঠাগুৰি খুন্দিছে । পিঠা আৰু লাড়ু প্ৰস্তুত কৰিছে । তেওঁলোকৰ মাজত যেন সীমাহীন ব্যস্ততা । তাৰ মাজতে তেওঁলোকে গাইছে পুৰণি বিহুনাম ।

জেতুকা অবিহনে আধৰুৱা ৰঙালী বিহু

নিভাজ গ্ৰাম্য পৰম্পৰাত উদ্ভাসিত এই দৃশ্যই লৈ গৈছে তাহানিৰ পৰিৱেশৰ মাজলৈ । ইফালে জেতুকা অবিহনে ৰঙালী বিহুৱেই যেন আধৰুৱা । যাৰ বাবে গাঁৱৰ গাভৰুসকলে হাতত লগাবলৈ জেতুকা প্ৰস্তুত কৰাত ব্যস্ত হৈছে । আজিৰ প্ৰজন্মৰ বহুতেই হয়তো জেতুকা গছ-পাত একোৱেই চিনি নাপায় ৷ মেহেন্দীৰ প্ৰকোপত যেন পাহৰণিৰ গৰ্ভত হেৰাই গৈছে জেতুকা ! তেনে সময়তে কিন্তু তেওঁলোকে পটাত পিচিছে জেতুকা আৰু সকলোৱে হাতত জেতুকা লৈ বিহুলৈ ওলাই যাবলৈ সাজু হৈছে ।

গাওঁখনৰে এগৰাকী মহিলাই কয়, "এটা স্থানত একেলগে সমবেত হৈ পিঠা, লাড়ুৰ লগতে বিহুৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ প্ৰস্তুত কৰা পৰম্পৰা আমাৰ মাজত ক্ৰমান্বয়ে নাইকীয়া হৈ গৈছে । কাৰণ, আজিকালি বোৱাৰীয়ে ৰঙীন পিঠাৰ মাজতেই সীমাবদ্ধ থাকে । সেয়েহে অতীজৰ পৰা আমি ককা-আইতাৰ পৰা দেখি অহা পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰিছো । লগতে তেওঁ কয়, "আমাৰ গাভৰুসকলে এতিয়া জেতুকা পিচাত ব্যস্ত আৰু সকলোৱে একেলগে জেতুকা লগাব । কাৰণ জেতুকা অবিহনে বিহু আধৰুৱা যেন লাগে ।"

লগতে পঢ়ক :গৰু বিহুৰ দিনা অসমবাসীক কি প্ৰতিশ্ৰুতি দিলে অখিল গগৈয়ে ? - MLA AKHIL GOGOI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.