একাংশ জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী: ১৪ জনক আটক, ৪ জনক জেললৈ
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি যোৰহাটত দাখিল ৫ খনকৈ এজাহাৰ ৷ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব বিচৰা কেইবাজনো আৰক্ষীৰ জালত ৷

Published : September 24, 2025 at 7:42 PM IST
যোৰহাট: সমগ্ৰ অসমবাসীক চিৰদিনৰ বাবে কন্দুৱাই আমাৰ মাজৰ পৰা গুচি গ’ল অসমীয়াৰ আবেগ, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ৷ যাৰ ফলত কেইবাদিনৰো বাবে একপ্ৰকাৰ স্তব্ধ হৈ পৰে সমগ্ৰ অসম ।
ইয়াৰ মাজতেই নিজকে অনুৰাগী বুলি দাবী কৰা একাংশ লোকে জুবিন গাৰ্গৰ শৱদেহ যোৰহাটলৈ অনাৰ দাবীৰে প্ৰায় ২০ ঘণ্টাতকৈ অধিক সময় ধৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল ৷ কেৱল এয়াই নহয়, ২৫ টা বৰ্ষত ভৰি দিবলৈ ওলোৱা যোৰহাট প্ৰেছ ক্লাবটো ভাঙি দিয়াৰো হুংকাৰ দিছিল উক্ত লোকসকলে ৷ যোৰহাটত সংঘটিত এনে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ জৰিয়তে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা লোকসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰো আশ্বাস দিয়ে ৷ ইয়াৰ পিছতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা একাংশ লোকক ভিডিঅ’ ফুটেজৰ আধাৰত আটক কৰে যোৰহাট আৰক্ষীয়ে ৷ এতিয়ালৈকে যোৰহাট আৰক্ষীয়ে ১৪ জনক আটক কৰি ইয়াৰে চাৰিজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

এই সন্দৰ্ভত জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই কয়, ‘‘জুবিনৰ প্ৰতি সকলোৰে আবেগ আছিল ৷ সেইখিনিলৈকে আমি ৰাইজক সহযোগ কৰিছিলো আৰু আমিও শ্ৰদ্ধাঞ্জলি জনাইছিলো ৷ কিন্তু ইয়াৰ পিছত একাংশই আইন হাতত তুলি লৈ যোৰহাটৰ অজন্তা বাইপাছৰ ওচৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ লগতে মহিলা আৰক্ষীৰ গাতো হাত দিছিল ৷ এই সন্দৰ্ভত আমি ভিডিঅ’ ফুটেজৰ ভিত্তিত এতিয়ালৈকে ১৪ জনক আটক কৰি ইয়াৰে চাৰিজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছো ৷’’

উল্লেখ্য যে, ইতিমধ্যে এই সংক্ৰান্তত পুলিবৰ আৰক্ষী থানাৰ ১২২/২৫ নম্বৰ গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ ৪৯/ ১২১(২)/৭৪/৭৫(২)/১৮৯(২)/১৮৯(৩)/১৯০/২৮৫/১২৬(২)/২২৩/১৩২ ৰ অধীনত ৰুজু হৈছে গোচৰ ৷ আটক বা গ্ৰেপ্তাৰ হ'বলগীয়া তালিকাখন দীঘল হ’ব ৷ আৰক্ষীয়ে ইতিমধ্যে ৯ জনীয়া এটা টীমক লৈ এই ঘটনা সন্দৰ্ভত SIT গঠন কৰাৰ কথা জানিবলৈ দিয়ে ৷
শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে পুনৰ কয়, ‘‘জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি যোৰহাটত ৫ খনকৈ এজাহাৰ দাখিল হৈছে ৷ ইতিমধ্যে এজাহাৰ দাখিল কৰা লোকসকলৰ ভাষ্য গ্ৰহণ কৰিছে CID ৰ দলে ।’’
কংগ্ৰেছ-কৃষক মুক্তিৰ নেতাৰ বিৰুদ্ধেও এজাহাৰ
যোৰহাটতে জুবিন গাৰ্গৰ অন্তিম যাত্ৰা হ’ব লাগে বুলি সকলো যোৰহটীয়া ৰাইজে দাবী কৰিছিল ৷ যোৰহটীয়া ৰাইজৰ আবেগ-অনুভূতিক সন্মান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাত সঁহাৰি জনাইছিল যদিও পৰিয়ালৰ লোকে জুবিন গাৰ্গৰ অন্তিম যাত্ৰা গুৱাহাটীত কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ৷ ফলত সেয়া সম্ভৱ নহ’ল ৷ কিন্তু একাংশই উক্ত বিষয়ক লৈ আন্দোলনমুখী পৰিৱেশৰ সৃষ্টি কৰে ৷ এই অভিযোগ আনি সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে বুধবাৰে যোৰহাট সদৰ থানাত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিজিৎ ফুকন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দিব্যজোতি শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
লগতে পঢ়ক: চৰকাৰে জুবিনদাৰ সৃষ্টিসমূহ অথলে যাবলৈ নিদিয়ে: কাহিলিপাৰাৰ বাসগৃহত মন্ত্রী পীযুষ হাজৰীকা

