ETV Bharat / state

চৰকাৰী সা-সুবিধা অবিহনে মৃৎশিল্পৰ পৰম্পৰা ৰক্ষা কৰা এখন বিশেষ গাঁও

Diyas lighting in jorhat : প্ৰত্য়াহ্বানৰ মাজতো এৰিব খোজা নাই আজোককাৰ বৃত্তি । ১৫০ টা পৰিয়ালে জীৱিকাৰ একমাত্ৰ সম্বল মৃৎশিল্প ।

Jorhat Nimati Bhitar Kokila Kumar village
চাকি অবিহনে যেন পোহৰৰ উৎসৱ আধৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 27, 2024 at 6:49 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: দীপাৱলীৰ সময়ত বজাৰৰ জাকজমকীয়া লাইটেৰে বাসগৃহ সজাই তুলিলেও মাটি-চাকি অবিহনে যেন পোহৰৰ উৎসৱ আধৰুৱা । সেয়ে যিমানেই চীনা সামগ্ৰীয়ে চমক নিদিয়ক কিয় এই উৎসৱত সদায়েই সমাদৰ লাভ কৰে মাটিৰ চাকিয়ে । বিগত কেইবাবছৰৰ পৰা অসমৰ মৃৎশিল্পলৈ প্ৰত্য়াহ্বান আহি পৰিলেও এতিয়াও ৰাজ্য়খনৰ বহু ঠাইত আজোককাৰ বৃত্তিটোকে সাৱতি ৰক্ষা কৰিছে পৰম্পৰা ।

দীপাৱলীলৈ মাজত কেইটামান দিন । সমগ্ৰ দেশৰ লগতে অসমতো ঘৰে ঘৰে এই উৎসৱৰ প্ৰস্তুতি চলাইছে । যোৰহাট জিলাৰ এখন উল্লেখযোগ্য় ঠাই হৈছে নিমাতী ভিতৰ ককিলা কুমাৰ গাঁও । এই গাঁৱৰ কুমাৰ জনগোষ্ঠীয়ে অতীতৰে পৰা চলি অহা তথা শতিকা পুৰণি মৃৎশিল্পক চৰকাৰী সা-সুবিধা অবিহনে পৰাম্পৰাগতভাৱে ৰক্ষা কৰাত মনোনিবেশ কৰিছে ।

চাকি অবিহনে যেন পোহৰৰ উৎসৱ আধৰুৱা (ETV Bharat Assam)

এই শিল্পটোকে প্ৰায় ১৫০ টা পৰিয়ালে জীৱিকাৰ একমাত্ৰ সম্বল হিচাপে গ্ৰহণ কৰি আহিছে। গাঁওখনৰ এজন বাসিন্দাই কয়," অতীতৰে পৰাই এই শিল্পৰ লগত আমি জড়িত হৈ আছো । সকলো প্ৰজন্মই প্ৰত্যাহ্বানৰ মাজতেই এই শিল্পক জীয়াই ৰখাত ব্ৰতী হৈ আছে ।"

  • মাটি সংগ্ৰহৰ বাবে পৰিশোধ কৰিব লাগে ধন

আনহাতে,পৰম্পৰাগতভাৱে মহিলাসকলে কুমাৰ মাটিৰ পৰা বাচত-বৰ্তন তৈয়াৰ কৰে । পুৰুষসকলে বহু কষ্ট স্বীকাৰ কৰি মাটি সংগ্ৰহ কৰে । বহু দূৰৈৰ পৰা তেওঁলোকে মাটি সংগ্ৰহ কৰিবলৈ বাধ্য । এই মাটি সংগ্ৰহৰ বাবে ধন পৰিশোধ কৰিব লগা হয় । মাটিৰ বাচত-বৰ্তনবোৰ মহিলাসকলে আকাৰ দিয়াৰ পিচত বিশেষ ব্যৱস্থাৰ জৰিয়তে প্ৰাকৃতিক পদ্ধতিৰে জুই জ্বলাই ইয়াৰ আকৃতি পৰিশোধ কৰে । শেষত বহু কষ্টৰ মাজেৰে সেইসমূহ সামগ্ৰী বজাৰলৈ উলিয়াই দিয়ে । এনেদৰে এইসকল কুমাৰ সম্প্ৰদায়ৰ লোকে নিজৰ ঐতিহ্য ৰক্ষা কৰি আহিছে ।

  • চৰকাৰৰ পৰা নাপাই সাহাৰ্য

আজোককাৰ দিনৰ পৰম্পৰা ৰক্ষাত মনোনিবেশ কৰা এগৰাকী মহিলাই কয়, "পুৱা এই মৃৎশিল্প লগত জড়িত হৈ পৰো ,কিন্তু এই শিল্প ৰক্ষাৰ বাবে ক’ৰবাত প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ । চৰকাৰৰ পৰা কোনো প্ৰয়োজনীয় সা-সুবিধা নোপোৱাৰ বাবেই এনে হয় । লগতে ব্ৰহ্মপুত্ৰৰ দাঁতিত কুমাৰ মাটি পোৱা যায় যদিও গৰাখহনীয়াৰ বাবে এই মাটি সংগ্ৰহত চৰকাৰে বাধা আৰোপ কৰিছে । ফলত বিভিন্ন স্থানত মাটি কিনি সেয়া সংগ্ৰহ কৰিবলগীয়া হয় । সেয়েহে চৰকাৰে এই প্ৰাচীন শিল্পটোক জীয়াই ৰখাত আমাক সহায় কৰক ।"

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীৰ মংগল কামনাৰে যোৰহাটত এক লাখৰো অধিক বন্তি প্ৰজ্বলন

আহোম ৰজাই স্থাপন কৰা গাঁওখনৰ আলোকময় যাত্ৰা