যোৰহাট : যোৰহাট আৰক্ষী ওপৰত সৰ্বত্ৰে সমালোচনা চলাৰ সমান্তৰালভাৱে ঘটিছিল ক্ষোভৰ উদ্গীৰণ । ৰাইজ আৰু জনপ্ৰতিনিধি দ্বাৰা সমালোচিত হোৱাৰ পিছতেই হঠাতে যেন ৰং সলনি হৈ পৰিছে যোৰহাট আৰক্ষীৰ । লগে লগে অপৰাধীৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে যোৰহাট আৰক্ষী । ঘটনাৰ কাৰণ হৈছে বিহু অনুষ্ঠানত এজন যুৱকক একাংশ উদণ্ড যুৱকে বৰ্বৰভাৱে মৰিয়াই হত্যা কৰা । কিন্তু এই হত্যাকাণ্ড সংঘটিত হোৱাৰ তিনিদিনলৈকে আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাছিল অভিযুক্তক ।
২০ এপ্ৰিলত যোৰহাটত অনুষ্ঠিত এক বিহুৰ অনুষ্ঠানত একাংশ উদণ্ড যুৱক কাজিয়াত লিপ্ত হৈছিল । সেই কাজিয়া ভাঙিবলৈ যোৱাৰ বাবেই দেৱাংগ ভূষণ বৰুৱা নামৰ নিৰীহ যুৱকজনক আব্দুল নুৰ ওৰফে ৰিজুৰ নেতৃত্বত অহা ১০-১৫ জনীয়া উন্মাদৰ দলে মৰিয়াই মৰিয়াই হত্যা কৰিছিল । বৰ্তমান দেৱাংগ ভূষণ বৰুৱাৰ (ধন) হত্যাৰ লগত জড়িত মূল অভিযুক্ত আব্দুল নুৰ ওৰফে ৰিজুসহ ১০ জন অভিযুক্তক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
উল্লেখ্য যে হত্যাৰ লগত জড়িত থকা অধিকাংশৰ ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ অভিযোগ আছে । আনহাতে, বুধবাৰে মূল অভিযুক্ত আব্দুল নুৰ ওৰফে ৰিজুক যোৰহাট আৰক্ষীয়ে তদন্তৰ বাবে নিয়াৰ সময়তে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় । ফলত উপায়ন্তৰ হৈ আৰক্ষীয়ে আব্দুল নুৰলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ গুলীয়ে আব্দুলৰ ভৰিত আঘাত কৰে ।
আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত অপৰাধী আব্দুল নুৰ ওৰফে ৰিজুক তৎক্ষাণিকভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হয় । আনহাতে, আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত আব্দুলৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি আৰক্ষীৰ এক বিশেষ সূত্ৰই জানিবলৈ দিছে ।
উল্লেখ্য যে যোৱা ২০ এপ্ৰিলত যোৰহাটৰ চন্দন নগৰত অনুষ্ঠিত বিহু অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল স্থানীয় যুৱক দেৱাংগ ভূষণ বৰুৱা ওৰফে ধন । উক্ত বিহু অনুষ্ঠানত একাংশ উদণ্ড আৰু নিচাসক্ত যুৱক কাজিয়াত লিপ্ত হৈছিল । সেই কাজিয়া ভাঙিবলৈ গৈছিল দেৱাংগ ভূষণ বৰুৱা । কাজিয়া ভাঙিবলৈ যোৱাৰ অপৰাধতে আব্দুল নুৰ ওৰফে ৰিজুৰ নেতৃত্বত থকা দলটোৱে দেৱাংগ ভূষণক মৰিয়াই মৰিয়াই মুমূৰ্ষু অৱস্থাত পেলাই থৈ যায় ।
সেইদিনা নিশাতেই দেৱাংগ ভূষণ বৰুৱাক যোৰহাট মিছন হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু মূৰৰ আঘাত গুৰতৰ হোৱাৰ বাবে চিকিৎসাধীন অৱস্থাতে মঙলবাৰে পুৱাৰ ভাগত মৃত্যুক আঁকোৱালি লয় দেৱাংগ ভূষণ বৰুৱাই ।
আনহাতে, পুত্ৰৰ মৃত্যুৰ ঘটনাত জড়িত এজনক আৰক্ষীয়ে এনকাউণ্টাৰ কৰাত ভাল পাইছোঁ বুলি উল্লেখ কৰি শোকত ম্ৰিয়মাণ পিতৃয়ে । তেওঁ থোকাথুকি মাতেৰে তথা তীব্ৰ ক্ষোভেৰে কয়, "দৃষ্টান্তমূলক শাস্তি দিব লাগে । সেইটো মই ভালেই পাইছোঁ । অন্তত শিক্ষা এটা পাইছে । আৰু বাকীকেইজনকো এৰি দিব নালাগে । যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ নৃশংস... যি ধৰণে নৃশংস অৱস্থা কৰিছে, মই এতিয়া ক'ব নোৱাৰো... মুখত কঠিন বস্তুৰে মাৰি ভাঙি পেলাইছে... দাঁত, মুখ, চকু সব... সেইকাৰণে কৈছোঁ, তেওঁলোককো যাতে ভৱিষ্যতে মনত থকাকৈ ভৰি এটা ছিঙি থলেও বেয়া নহয়, হাত এখন ছিঙি থলেও বেয়া নহয় । নজনেই শাস্তি পাব লাগে ।"