ETV Bharat / state

ৰাজ্যৰ ভিতৰতেই কোনটো জিলা গ্ৰন্থাগাৰত পঢ়ুৱৈৰ সংখ্যা অধিক ?

জিলা গ্ৰন্থাগাৰত অধ্যয়ন কৰি সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে বহুতেই । কোনখন জিলাত আছে এই গ্ৰন্থাগাৰটো ?

Jorhat District library
যোৰহাট জিলা গ্ৰন্থাগাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 29, 2024 at 7:57 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: ৰাজ্য চৰকাৰৰ অধীনস্থ জিলা গ্ৰন্থাগাৰসমূহ পাঠক তথা পঢ়ুৱৈ সমাজৰ বাবে জ্ঞান সম্ভাৰৰ মূল আহিলা হিচাপে পৰিচিত আছিল । কিন্তু জিলা গ্ৰন্থাগাৰ সমূহত বিভিন্ন কাৰণবশতঃ পূৰ্বৰ তুলনাত পাঠকৰ সংখ্যা হ্ৰাস পোৱা বুলি অভিযোগ উত্থাপিত হৈ আছিল । তেনে এক অভিযোগক একাশৰীয়া কৰি জিলা গ্ৰন্থাগাৰসমূহে দেখুৱাইছে এক আশাৰ বতৰা ।

জিলা গ্ৰন্থাগাৰত অধ্যয়ন কৰি এতিয়া একাংশই সৰ্বভাৰতীয় বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে আৰু নিজ কৰ্ম ক্ষেত্ৰত উজলি উঠিছে । এনে এক বাৰ্তা দিছে যোৰহাট জিলা গ্ৰন্থাগাৰে । এই প্ৰসংগত যোৰহাট জিলা গ্ৰন্থাগাৰিক নয়নমণি দাসে কয়," কৰ’ণাৰ পিছৰ পৰাই পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাই আহিছিল যদিও পুনৰ পাঠকৰ সংখ্যা বৃদ্ধি পাইছে । মই বিভিন্ন ঠাইত কাম কৰি আহিছো । সেই অনুসৰি গুৱাহাটী গ্ৰন্থাগাৰত পঢ়ুৱৈৰ সংখ্যা কম, কিন্তু যোৰহাট জিলাত পঢ়ুৱৈৰ সংখ্যা অধিক । এয়া এক শুভ লক্ষণ ।" তেওঁ লগতে কয়, "জিলা গ্ৰন্থাগাৰলৈ অসম লোকসেৱা আয়োগ, সৰ্বভাৰতীয় লোক সেৱা আয়োগ, বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ পৰা আদি কৰি কৃষক বন্ধুসকল আহি গ্ৰন্থৰ সোৱাদ লোৱাৰ লগতে কিতাপৰ সৈতে ঘন্টা ধৰি ঘন্টা সময় অতিবাহিত কৰে ।"

যোৰহাট জিলা গ্ৰন্থাগাৰ (ETV Bharat Assam)

ইতিমধ্যে জিলা গ্ৰন্থাগাৰত পঢ়ি বিভিন্নজনে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ বিভিন্ন স্থানত কৰ্ম সম্পাদন কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয়, "জিলা গ্ৰন্থাগাৰ পুৱা ১১ বজাত খোলা হয়; কিন্তু ইয়াৰ আগতেই পঢ়ুৱৈ সমাজ ৰৈ থাকে । তেওঁলোকৰ বাবে আমি সন্ধিয়া ৬ বজা পৰ্যন্ত লাইব্ৰেৰী খুলি ৰাখিবলৈ বাধ্য হওঁ । তাৰ পিছতো তেওঁলোক যাবলৈ ইচ্ছা নকৰে ।"

তেওঁ লগতে কয়, "বৰ্তমান জিলা গ্ৰন্থাগাৰত লোকসেৱা আয়োগৰ পৰীক্ষাৰ সকলো ধৰণৰ কিতাপ থকাৰ লগতে কৃষকৰ বাবে প্ৰয়োজনীয় কিতাপ উপলব্ধ আছে । পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি হোৱা বাবে যোৰহাট জিলাৰ গ্ৰন্থাগাৰৰ পৰিসৰ বৃদ্ধি কৰাৰো চিন্তা-চৰ্চা চলি আছে । জিলা গ্ৰন্থাগাৰে সৰ্বভাৰতীয় পৰীক্ষাৰ দৰে পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে এক যোগ্য প্লেটফ'ৰ্ম দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।"

লগতে পঢ়ক:তিনিবছৰে বন্ধ লখিমপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ: মেৰামতিত বিসংগতিৰ অভিযোগ - LAKHIMPUR DISTRICT LIBRARY - LAKHIMPUR DISTRICT LIBRARY

জৰাজীৰ্ণ ভাৰাঘৰত জোনাইৰ মহকুমা পুথিভঁৰাল কাৰ্যালয় - Jonai Sub Divisional Library - JONAI SUB DIVISIONAL LIBRARY