কিয় পদত্যাগ কৰিলে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতিয়ে ?
যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি পদৰ পৰা পদত্যাগ প্ৰশান্ত গোস্বামীৰ । ৰাজনৈতিক হেঁচাত পৰি পদত্যাগ কৰা সম্ভাৱনা ।

Published : November 6, 2024 at 8:14 PM IST
যোৰহাট: যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে প্ৰশান্ত গোস্বামীয়ে । বুধবাৰে আনুষ্ঠানিকভাৱে এই কথা জানিবলৈ দিয়ে গোস্বামীয়ে । যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি হিচাপে পাঁচ বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱা পিছত পুনৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁক সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল যদিও দ্বিতীয় কাৰ্যকালৰ এটা মাহ সম্পূৰ্ণ নৌহওতেই হঠাৎ তেওঁ প্ৰাধিকৰণৰ সভাপতি পদৰ পৰা পদত্যাগ কৰা ঘটনাই আন এক ৰহস্য সৃষ্টি কৰিছে ।
আনহাতে প্ৰশান্ত গোস্বামীয়ে ৰাজনৈতিক হেঁচাত পৰি উন্নয়ন প্ৰাধিকৰণৰ সভাপতিৰ পদ ত্যাগ কৰিবলৈ বাধ্য হ'ল বুলি এক অভিযোগ উত্থাপিত হৈছে । ইতিমধ্যে প্ৰশান্ত গোস্বামী পদত্যাগৰ খবৰে সকলোকে হতচকিত কৰি তুলিছে । উল্লেখ্য যে, পূৰ্বতে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয় ভাড়াঘৰতেই আছিল আৰু ইয়াত থকা কৰ্মচাৰীসকলে নিয়মীয়া দৰমহা বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল ।

কিন্তু প্ৰশান্ত গোস্বামীয়ে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই ভাড়াঘৰৰ পৰা নিজা ভূমিত প্ৰাধিকৰণৰ কাৰ্যালয় স্থাপন কৰা হ'ল । লগতে তেওঁ কাৰ্যকালতেই প্ৰাধিকৰণৰ পুঁজি টনকিয়াল হৈছে আৰু এই পুঁজিয়ে বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিয়মীয়াকৈ কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰিবলৈও সক্ষম হৈছিল ।
লক্ষ্যণীয় যে, প্ৰশান্ত গোস্বামীয়ে ২৪ অক্টোবৰতেই গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল আৰু ব্যক্তিগত আৰু পেছাদাৰী কামৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি পদ ত্যাগ কৰিছোঁ বুলি পত্ৰত উল্লেখ কৰিছিল । পিছে ইয়াৰ আঁৰত ৰহস্য কি, তাক চলিছে এতিয়া সৰৱ চৰ্চা ।
লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰী 'লাপাতা' : পৃথ্বিৰাজ সাথে

