ETV Bharat / state

উপায়হীন ! শাসক দলৰ বিধায়কেই দিলে প্ৰশাসনৰ ব্যৰ্থতাৰ ইংগিত - JORHAT YOUTH MURDER

"মোৰ ঘৰৰ ওচৰতেই ড্ৰাগছৰ বেচা-কিনা চলা কথা ভিডিঅ' আকাৰে আৰক্ষীক দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।" কোন ক্ষুব্ধ বিধায়কে ক'লে ?

Drugs smuggling in Jorhat
শাসকীয় বিধায়কে দিলে প্ৰশাসনৰ ব্যৰ্থতাৰ ইংগিত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 3:05 PM IST

3 Min Read

যোৰহাট : "ড্ৰাগছৰ ৰেকেট চলি থকা কথাটো নতুন খবৰ নহয় । ৬-৭ মাহৰ পৰা এইটো খুব বেছি হৈছে । এইবিলাক কথাত মই নিজেও ভুক্তভোগী ।" এয়া কোনো সাধাৰণ নাগৰিকৰ মন্তব্য নহয় । উপায়হীন শাসকীয় বিধায়কৰ মন্তব্য । নিজৰ সমষ্টিতে ড্ৰাগছৰ সৰবৰাহৰ ঘটনা বৃদ্ধি হোৱাত অতিষ্ঠ বিধায়কগৰাকী । এইক্ষেত্ৰত প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ কথা স্বীকাৰ কৰিলে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ।

স্মাৰ্ট আৰক্ষীৰ কাম-কাজক লৈ ক্ষুদ্ধ হৈ পৰিছে শাসকীয় দলৰ জ্যেষ্ঠ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী । বিধায়কগৰাকীৰ অভিযোগ যে যোৰহাট আৰক্ষীয়ে জনসাধাৰণৰ লগত সম্পৰ্ক নাৰাখে । ড্ৰাগছ আৰু অন্যান্য অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ বাবে ৰাইজৰ লগতে স্থানীয় বিধায়কে কোৱাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নলয় আৰক্ষীয়ে । ফলত ড্ৰাগছৰ লগতে বিভিন্ন অপৰাধমূলক ঘটনাৰ হটস্পট হৈ পৰিছে যোৰহাট । যাৰ বাবে স্মাৰ্ট আৰক্ষীৰ বিৰুদ্ধে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে অভিযোগ দিব গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আৰু যোৰহাট আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈও তেওঁ আহ্বান জনাব ।

শাসকীয় বিধায়কে দিলে প্ৰশাসনৰ ব্যৰ্থতাৰ ইংগিত (ETV Bharat)

ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ

শেহতীয়াকৈ যোৰহাটত বিহুৰ অনুষ্ঠানত হোৱা কাজিয়া ভাঙিবলৈ যোৱাৰ বাবেই স্থানীয় যুৱক বেদাংগ ভূষণ বৰুৱাক এদল নিচাসক্ত যুৱকে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল । ফলত চিকিৎসাধীন অৱস্থাতে নিৰীহ যুৱকজনে মৃত্যুক আঁকোৱালি লয় । এই ঘটনাই যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বৃহস্পতিবাৰে ড্ৰাগছৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল একাংশ স্থানীয় লোক । আৰক্ষীলৈ ৰৈ নাথাকি ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ মানসেৰে পুৰুষ-মহিলাই আয়োজন কৰিলে প্ৰতিবাদী সভাৰ । লগতে নিৰীহ যুৱকৰ হত্যাত জড়িত অপৰাধীক কঠোৰ শাস্তিৰো দাবী জনালে লোকসকলে । প্ৰশাসনৰ ভূমিকাক লৈও স্থানীয় লোকসকলে প্ৰশ্ন কৰে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীক ।

আৰক্ষীক কঠোৰ সমালোচনা শাসকীয় দলৰ বিধায়কৰ

যোৰহাটবাসীৰ সুৰতে সুৰ মিলালে স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে । তেওঁ কয়, "ড্ৰাগছৰ ৰেকেট চলি থকাটো যোৰহাটৰ কাৰণে নতুন কথা নহয়, আজি ৬-৭ মাহৰ ভিতৰত ড্ৰাগছৰ বেহা অধিক হৈছে । এই বিলাক কথাত মই নিজেও ভুক্তভোগী ।" যোৰহাট আৰক্ষীক লক্ষ্য কৰি বিধায়কে কয়, "আৰক্ষীয়ে জনসাধাৰণৰ লগত যিধৰণে সম্পৰ্ক গঢ়ি তুলিব লাগে তেওঁলোকে তাৰ পৰা বহু আঁতৰত আৰু থানাৰ ভিতৰতে আৰক্ষী বিষয়াসকল নীৰৱে বহি থাকে ।"

বিধায়ক গোস্বামীয়ে কয়, "মোৰ ঘৰৰ ওচৰতেই ড্ৰাগছৰ বেচা-কিনা চলা কথা ভিডিঅ' আকাৰে আৰক্ষীক দিয়াৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।" আনহাতে যিসকল ড্ৰাগছ পেডলাৰক আৰক্ষীয়ে ধৰি আনে তেওঁলোকক বিভিন্ন অজুহাতত আৰক্ষীয়ে এৰি দিয়ে বুলি বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰে । তেওঁ কয়, "জনসাধাৰণৰ লগত কোনো সম্পৰ্ক নৰখা আৰক্ষীৰ মোৰ লগতো সম্পৰ্ক নাই । আজিলৈকে যোৰহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক মই চিনিয়ে নাপাওঁ ।" যোৰহাট আৰক্ষী অধীক্ষকৰ কাম-কাজক লৈও ক্ষুদ্ধ হৈ পৰে বিধায়কগৰাকী । সেয়েহে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি যোৰহাট আৰক্ষীৰ বিৰুদ্ধে অভিযোগ দিয়াৰ কথাও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :পুনৰ গৰজিল আৰক্ষীৰ বন্দুক, পিছে এইবাৰ কালৈ লক্ষ্য কৰি আৰক্ষীয়ে ফুটালে গুলী - JORHAT MOB LYNCHING CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.