ETV Bharat / state

নিৰ্বাচন আহে আৰু যায়, কিন্তু চৰকাৰৰ অভিলাষী আঁচনিয়ে ঢুকি নাপায় এই গাঁওখনক - PANCHAYAT ELECTIONS 2025

সমাগত পঞ্চায়ত নিৰ্বাচন । কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত উজনি লেকু জেলম গাঁৱৰ উন্নয়নৰ দৃশ্য এয়া । ৰাইজে কি কয় ?

Panchayat Elections 2025
চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা জোনাইৰ এখন গাঁও (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 21, 2025 at 2:38 PM IST

3 Min Read

জোনাই: চৰকাৰৰ অভিলাষী আঁচনিয়েও ঢুকি নোপোৱা জোনাইৰ এখন গাঁও ৷ নিৰ্বাচন আহে আৰু যায়, ৰৈ যায় মাথোঁ প্ৰতিশ্ৰুতিহে ৷ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ ৰাইজক এশ এবুৰি আশ্বাস দিয়ে বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাসকলে ৷ কিন্তু শেষত জনতাৰ সমস্যা সমস্যা হৈয়ে ৰৈ যায় ৷ নোলায় কোনো সমাধানৰ পথ ৷

এয়া জোনাই সদৰৰ কাষতে থকা তথা কেমি জেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁৱৰ দৃশ্য । আজিও এশ এবুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে এই উজনি লেকু গাঁও ৷ গাঁওখনত নাই খোৱাপানী, নাই সুচল যাতায়াত, নাই চৰকাৰী আবাস যোজনাৰ আঁচনি ৷ এনে সময়তে আকৌ পালেহি পঞ্চায়ত নিৰ্বাচন ৷ কিন্তু বিগত নিৰ্বাচনত উজনি লেকু গাঁৱৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিহে নহ’ল পূৰণ ৷

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা জোনাইৰ এখন গাঁও (ETV Bharat Assam)

অথচ ভোট বিচাৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতা পুনৰ উপস্থিত জনতাৰ পদূলিয়ে পদূলিয়ে ৷ কিন্তু অন্তহীন সমস্যাৰে জৰ্জৰিত জোনাইৰ উজনি লেকু গাঁৱৰ ৰাইজৰ প্ৰতি নাই কাৰোৰে কাণসাৰ ৷ জোনাই সমজিলা সদৰৰ পৰা প্ৰায় ২-৩ কিলোমিটাৰ নিলগত অৱস্থিত উজনি লেকু গাঁওখনক আজিও ঢুকি পোৱা নাই গ্ৰাম্য উন্নয়নৰ আঁচনিয়ে ৷

উজনি লেকু গাঁৱত আজিও নাই কোনো সুচল যাতায়াতৰ ব্যৱস্থা ৷ তেনেদৰে গাঁওখনৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকাত নদ-নদী, নাদ আদিৰ লেতেৰা পানীকে খাই বছৰ বছৰ ধৰি দুখজনক জীৱন কটাই আহিছে ৷

উল্লেখ্য যে গাঁওখনত জলজীৱন মিছন আঁচনিৰ কেইটামান পানীৰ টেপ যোৱা প্ৰায় এক-ডেৰ বছৰ পূৰ্বে স্থাপন কৰিলে যদিও আজিও যোগান নধৰিলে এটুপিও খোৱাপানী ৷ তেনেদৰে গাঁওখনৰ দৰিদ্ৰ পৰিয়ালসমূহে আজিও লাভ কৰিবলৈ সক্ষম নহ'ল চৰকাৰী আবাস যোজনাৰ ঘৰ ৷ তেনে সময়তে আকৌ আহিল পালেহি পঞ্চায়ত নিৰ্বাচন ৷

ৰাইজৰ পদূলিত আকৌ উপস্থিত হৈছেগৈ নেতা-পালিনেতা ৷ ৰাইজক দিছে পুনৰ নতুন আশ্বাস ৷ হয়, নিৰ্বাচন অহাৰ দৰে আকৌ যাব, কিন্তু পুনৰ ৰৈয়ে যাব ৰাইজৰ সমস্যাবোৰহে ৷ আদিম যুগৰ দৰে বহিৰ্জগতৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে জোনাইৰ কেমি জেলম গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ উজনি লেকু জেলম অঞ্চলবাসীয়ে । সদাব্যস্ত পথৰ দুৰৱস্থা, খোৱাপানীৰ সমস্যাই বছৰ বছৰ ধৰি জীয়াতু ভোগাইছে অঞ্চলটোৰ ৰাইজক । বাৰিষাতো দূৰৈৰ কথা খৰালিতো পানীৰ সমস্যাকে ধৰি পথছোৱাৰ জৰাজীৰ্ণ বাঁহৰ দলঙেদি অহা-যোৱা কৰাত যমৰ যাতনা ভুগি আহিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত সীমান্তৱৰ্তী জনতাৰ - ASSAM NAGALAND BORDER
লগতে পঢ়ক :উন্নয়নৰ পোহৰ নেদেখা ডিমৌ কিনাৰ বঙালী গাঁওবাসীৰ হাহাকাৰ - LACK OF DEVELOPMENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.