গান্ধীবস্তি হত্যাকাণ্ড; অভিযুক্তক ৰক্ষণাবেক্ষণ দিছে নেকি প্ৰশাসনে ?
গুৱাহাটীৰ ভাৰাঘৰত উদ্ধাৰ হৈছিল চিমেন চাপৰিৰ যুৱতীৰ মৃতদেহ । মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত বিলম্ব হোৱাক লৈ অসন্তুষ্ট স্থানীয় সংগঠন ।

Published : February 28, 2025 at 12:42 PM IST
জোনাই : যোৱা ২৬ জানুৱাৰীত গুৱাহাটীৰ গান্ধীবস্তিত জোনাইৰ চিমেন চাপৰিৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল । প্ৰেমিক ইন্দ্ৰজিৎ পাইটৰ ভাৰাঘৰৰ কোঠাত উদ্ধাৰ হৈছিল জন্মেশ্বৰী বসুমতাৰীৰ মৃতদেহ ।
লক্ষণীয়ভাৱে এই ঘটনা এমাহৰ পিছতো এতিয়া মৰণোত্তৰ পৰীক্ষা ফলাফল প্ৰকাশ কৰা হোৱা নাই । যাক লৈ ধেমাজিৰ বিভিন্ন দল-সংগঠন উদ্বিগ্ন হৈ পৰিছে । এই ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা কোনো সঁহাৰি লাভ নকৰাৰ অভিযোগ কৰিছে নিখিল বড়ো মহিলা পৰিষদে ।
কেৱল এয়াই নহয় ঘটনাটোৰ অভিযুক্ত ইন্দ্ৰজিৎ পাইটক প্ৰশাসনে ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে বুলিও সংগঠনটোৱে সন্দেহ কৰিছে । এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি নিখিল বড়ো মহিলা পৰিষদে ঘটনাৰ উচিত তদন্তৰ লগতে অভিযুক্তক কঠোৰ শাস্তিৰ দাবী জনায় ।
- মৰণোত্তৰ পৰীক্ষাৰ ফলাফলত বিলম্ব
এই ঘটনাৰ পিছতে যোৱা ২৯ জানুৱাৰীত বড়ো জনগোষ্ঠীৰ দল-সংগঠনৰ লগতে স্থানীয় বিভিন্ন সংগঠনৰ সহযোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল । প্ৰতিবাদৰ জৰিয়তে সংগঠনসমূহে দোষীক উচিত শাস্তিৰ দাবীত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল ।
১৫ দিনৰ ভিতৰত প্ৰশাসনে মৰণোত্তৰ পৰীক্ষাৰ ফলাফল পৰিয়ালক অৱগত কৰোৱাৰ আশ্বাস দিছিল যদিও ঘটনাৰ ৩০ দিন পাৰ হৈ যোৱাৰ পাছতো চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা নাহিল কোনো ধৰণৰ যোগাযোগ ।
ইফালে পৰিয়ালৰ লোকে প্ৰশাসনৰ সৈতে যোগাযোগ কৰাত যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল শূন্য বুলি জনাইছে । সংবাদমেলযোগে এই কথা জনাইছে ধেমাজি জিলাৰ নিখিল বড়ো মহিলা পৰিষদৰ সদস্যা শোভাৰাণী বসুমতাৰীয়ে ৷
যুৱতীগৰাকীৰ হত্যাৰ অভিযুক্ত ইন্দ্ৰজিৎ পাইটক সুৰক্ষা দিবলৈ চৰকাৰ তথা প্ৰশাসনৰ একাংশ উচ্চ পদস্থ বিষয়া জড়িত বুলি সন্দেহ কৰে সংগঠনটোৱে । এনে পৰিস্থিতিত ঘটনাৰ তদন্ত লেহেমীয়া কৰা বুলিও অভিযোগ কৰে নিখিল বড়ো মহিলা পৰিষদৰ সদস্যা শোভাৰাণী বসুমতাৰীয়ে ।
শোভাৰাণী বসুমতাৰীয়ে কয়, "গুৱাহাটীলৈ গৈ কি কাৰণত ৰিপ'ৰ্টটো পলম হৈ আছে সেই কথাখিনিৰ খবৰ লোৱাৰ পিছত আমি যদি তাৰ পৰা কোনো ভাল ফল পাব নোৱাৰো তেতিয়া বিভিন্ন সংগঠনক লগত লৈ জংগী আন্দোলন কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে ।"

