ETV Bharat / state

যদি উন্নতি কৰিবৰ মন- এনেই সময় নষ্ট নকৰি খেতিত লাগক ! এই কথাই শিকাইছে তিনি যুৱকে

চাকৰি নালাগে এতিয়া কৃষিয়ে যথেষ্ট । জোনাইৰ ৩ বন্ধুৱে ভোট জলকীয়া খেতিৰে বিভিন্নজনৰ আদৰ্শ হৈ পৰিছে ।

Farming
ভোট জলকীয়া খেতিৰে স্বাৱলম্বী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 15, 2025 at 3:23 PM IST

|

Updated : May 15, 2025 at 4:23 PM IST

2 Min Read
Choose ETV Bharat

জোনাই : প্ৰতি বছৰে লাখ লাখ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি বা সংস্থাপনৰ বাবে সংগ্ৰাম কৰি আছে । কোনোৱে আকৌ বহিঃৰাজ্যলৈও নিযুক্তিৰ সন্ধানত গৈছে । কিন্তু চাকৰিৰ পিছত দৌৰি নুফুৰি স্নাতক উত্তীৰ্ণ হৈয়ে কৃষিকৰ্মত জড়িত হৈ পৰিছে জোনাইৰ কেইবাজনো শিক্ষিত যুৱক ।

আনকি কৃষিকৰ্মৰ জৰিয়তে বছৰি লাখ লাখ টকাও উপাৰ্জন কৰিছে যুৱকসকলে । তাৰ ভিতৰত অন্যতম জোনাইৰ ললাদ গাঁৱৰ চৱন টায়ে আৰু তেওঁৰ দুই বন্ধু ক্ৰমে হেমন্ত মিলি আৰু ধৰ্মকান্ত বৰি । তিনিওগৰাকী শিক্ষিত যুৱকে ৰায়াং নদীৰ পাৰত প্ৰায় ৪ বিঘা ভূমিত ভোট জলকীয়াৰ খেতি কৰিছে ।

ভোট জলকীয়া খেতিৰে স্বাৱলম্বী (ETV Bharat Assam)

চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য নোপোৱাকৈ নিজৰ হাতৰ ধন খৰচ কৰি ৩ বছৰ পূৰ্বে আৰম্ভ কৰা এই ভোট জলকীয়া খেতিৰ জৰিয়তে যুৱককেইজনৰ পৰিয়াল স্বাৱলম্বী হৈছে । বছৰি তেওঁলোকে কেৱল ভোট জলকীয়া বিক্ৰী কৰিয়ে লাখ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । কেৱল তেওঁলোকেই নহয় উক্ত ভোট জলকীয়ৰ খেতিৰ পৰা ওচৰৰ কেইবাটাও পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলি হৈছে ।

Farming
ভোট জলকীয়া খেতিৰে স্বাৱলম্বী (ETV Bharat Assam)

অৱশ্যে বৰ্তমান ভোট জলকীয়াৰ বজাৰ নিম্নগামী হৈছে । যাৰ বাবে যুৱকেইজন কিছু পৰিমাণে হতাশ হৈছে । এই ক্ষেত্ৰত চৱন টায়েই কয়, "উৎপাদন ভালে আছিলে কিন্তু এইবাৰ ৰেট কম । মোৰ ইয়াৰ ৪ বিঘা আছে । ছিজন হিচাপত ৬ লাখতকৈ বেছি হয় । চাকৰি বিচাৰিছিলো কিন্তু নাপালো যেতিয়া খেতিতে লাগিলো । মই চাহ খেতি কৰিছো, তাৰ মাজত তামোল খেতি । তাৰ পিছত লাগিলো জলকীয়া খেতি ।"

Farming
ভোট জলকীয়া খেতিৰে স্বাৱলম্বী (ETV Bharat Assam)

চাকৰিৰ পিছত দৌৰি সময় নষ্ট কৰা একাংশ যুৱক-যুৱতীক উদ্দেশ্যি তেওঁ কয়, "মই যুৱসকলক কৈছো এনেই সময় নষ্ট কৰি নাথাকি, বেলেগ ঠাইলৈ নোযোৱাকৈ নিজৰ ঠাইতো মনে বিচাৰে একাগ্ৰতা থাকে তেতিয়াহ'লে খেতিত লাগক, তেতিয়া ভাল ফল পাব ।"

তেওঁ জনোৱা মতে এই খেতিত তেওঁলোকে ৮০ শতাংশ জৈৱিক সাৰ ব্যৱহাৰ কৰে । ইফালে যুৱককেইজনৰ এই প্ৰচেষ্টাক অঞ্চলটোৰ বিভিন্নজনে প্ৰশংসা কৰিছে । বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে আদৰ্শও হৈছে তেওঁলোক ।

লগতে পঢ়ক :ভোকৰ ভাতসাঁজ মাত্ৰ ৫ টকাত: এই মহঙা দিনত ক'ত পাব উদৰ পূৰাই খাবলৈ ? - RICE AT RS 5 IN GUWAHATI

Last Updated : May 15, 2025 at 4:23 PM IST