উন্নয়নৰ নামত জনগোষ্ঠীয় লোকসকলৰ ভূমি ধ্বংস কৰা হৈছে: জন ইংতি কাথাৰ - APHLC President John Ingti Kathar
APHLC President John Ingti Kathar: ডিমা হাছাও জিলাৰ উমৰাংচুত শিল্পায়ন আৰু উন্নয়নৰ নামত উপজাতি জনগোষ্ঠীৰ লোকসকলক কষ্ট দিয়াৰ অভিযোগ এ পি এইচ এল চি-ৰ সভাপতি জন ইংতি কাথাৰৰ । ডিমাছা, কাৰ্বি, কুকিসকলৰ ভূমি বেদখল কৰি দুখীয়া নকৰিবলৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক অনুৰোধ সভাপতিগৰাকীৰ ।

Published : August 11, 2024 at 10:54 AM IST
হাফলং, ১১ আগষ্ট: উন্নয়ৰ নামত ডিমা হাছাও জিলাত উপজাতি, জনগোষ্ঠীৰ মানুহৰ ভূমি কাঢ়ি লোৱা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে এ পি এইচ এলচিৰ সভাপতি জন ইংতি কাথাৰে । শনিবাৰে হাফলঙত এখন সংবাদমেল সম্বোধন কৰি জন ইংতি কাথাৰে কয়,"ডিমা হাছাও জিলাত বসবাস কৰা সকলো উপজাতি জনগোষ্ঠীৰ মানুহ হৈছে ইয়াৰ আদিম জাতি । এই কাৰণে তেওঁলোকৰ মাজতে কাজিয়া হোৱাটো আমি ভাল পোৱা নাই ।"
জনগোষ্ঠীয় লোকসকলক কষ্ট দিয়া হৈছে:
জন ইংতি কাথাৰে কয়,"ডিমা হাছাও জিলাৰ উমৰাংছুত শিল্পায়ন আৰু উন্নয়নৰ নামত উপজাতি জনগোষ্ঠীৰ লোকসকলক কষ্ট দিয়া হৈছে । উন্নয়নৰ নামত তেওঁলোকৰ ভূমি ধ্বংস কৰা হৈছে । কেৱল ইয়াতেই নহয় গোটেই ভাৰতবৰ্ষত এনে কাম চলি আছে, যাৰ বাবে বহুতে যুঁজ দি আছে । আমিও আজি এই কথাটো ক'ব লগা হৈছে যে, ইয়াত ডিমাছা, কাৰ্বিসকলৰ হাজাৰ হাজাৰ বিঘা ভূমি উন্নয়নৰ নামত নষ্ট কৰিছে । উপজাতি জনগোষ্ঠীৰ মানুহে ভূমিৰ মূল্য নাজানে আৰু ভূমি অধিগ্ৰহণৰ নামত ক্ষতিপূৰণ পোৱাৰ আশাত নিজৰ ভূমি পাহাৰ আৰু সংৰক্ষিত বনাঞ্চলত বসতি স্থাপন কৰে ।"
কিন্তু তেওঁলোকক ইয়াৰ পৰাও উচ্ছেদ কৰা হ'ব বুলি মন্তব্য কৰি জন ইংতি কাথাৰে ডিমাছা, কাৰ্বি, কুকিসকলৰ ভূমি বেদখল কৰি দুখীয়া নকৰিবলৈ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীক অনুৰোধ জনায় ।
তেওঁ কয়, "আমি কাৰ কাৰণে উন্নয়ন কৰিছো । উপজাতি জনগোষ্ঠীৰ মানুহৰ বাবে উন্নয়ন কৰিছো, সেয়া চিন্তা কৰিব লাগে । তেওঁলোকৰ ভূমি বেদখল কৰা উচিত নহয় । ডিমাছা, কাৰ্বি, মাৰ কুকিসকল খিলঞ্জীয়া মানুহ হয় ।"
কাথাৰে লগতে কয়, "আমি ইতিহাসৰ পৰা শিকিব পাৰো হাজাৰ বছৰ আগৰ পৰা উপজাতি জনগোষ্ঠীৰ লোকসকল বৰাইল ৰেঞ্জত বসবাস কৰি আহিছে । ১৮৩৬ চনত ডিমাছা জনগোষ্ঠীৰ লোকসকল ডিমাপুৰৰ পৰা মাইবঙলৈ আহি বসবাস আৰম্ভ কৰে ।"

