বহিৰাগতলৈ ৰঙা দলিচা ! নিযুক্তিৰ ক্ষেত্ৰত প্ৰয়োজন নহ’ব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ - DIRECTORATE OF HIGHER EDUCATION
PRC : মহাবিদ্যালয়ৰ অধ্যাপক, লাইব্ৰেৰীয়ান আদি পদত নিযুক্তিৰ বাবে বাধ্যতামূলক নহয় পি আৰ চি ৷ আনকি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰতো নালাগে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ ৷ ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুমিত্ৰা দেৱৰ পত্ৰক লৈ ব্যাপক প্ৰতিক্ৰিয়া ৷

Published : July 9, 2024 at 10:38 PM IST
গুৱাহাটী, ৯ জুলাই : এতিয়াৰে পৰা পি আৰ চি অৰ্থাৎ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নোহোৱাকৈ অসমৰ উচ্চ শিক্ষাৰ চাকৰিত আবেদন কৰিব পৰা যাব ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই স্বাভাৱিকতে সকলোকে আচৰিত কৰি তুলিছে ৷ অসম চৰকাৰৰ এই সিদ্ধান্তক বহুতে অসম বিৰোধী চক্ৰান্ত আখ্যা দিছে ৷

চৰকাৰৰ এই সিদ্ধান্তৰ ফলত বাহিৰৰ ৰাজ্যৰ প্ৰাৰ্থীয়েও চাকৰিৰ বাবে আবেদন কৰিব পাৰিব ৷ কাৰণ উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনষ্ঠ চাকৰিত এতিয়াৰে পৰা প্ৰযোজ্য নহয় স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ৷
লগতে পঢ়ক: অসমৰ শিক্ষিত নিবনুৱাক গিনিপিগ নসজাবলৈ চৰকাৰক কোনে কৰিলে আহ্বান ? - RECRUITMENT IN ASSAM
ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক সুমিত্ৰা দেৱে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, লাইব্ৰেৰীয়ান, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ সময়ত বাধ্যতামূলক নহয় পি আৰ চি তথা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ৷ নিৰ্দেশনা অনুসৰি পি আৰ চি অবিহনেই অন্যান্য প্ৰয়োজনীয় নথিসমূহ পৰীক্ষা কৰি প্ৰস্তাৱ দাখিল কৰিবলৈ কোৱা হৈছে ৷
উচ্চ শিক্ষা সঞ্চালকে পি ডি ইউ এ এম/জি এম চি/প্ৰভিন্সিয়েলাইজড মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ লিখা পত্ৰখনত উল্লেখ কৰা হৈছে যে, পি ডি ইউ এ এম, জি এম চি, প্ৰভিন্সিয়েলাইজড মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, লাইব্ৰেৰীয়ান আৰু গ্ৰেড-৩ আৰু গ্ৰেড-৪ পদৰ নিযুক্তিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় ৷
পত্ৰখনত এই বিষয়টোত অতি জৰুৰী বুলি গণ্য কৰি মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, লাইব্ৰেৰীয়ান আৰু গ্ৰেড-৩, গ্ৰেড-৪ পদত নিযুক্তিৰ বাবে নিৰ্ধাৰিত চেকলিষ্ট অনুসৰি প্ৰস্তাৱ দাখিল কৰিবলৈ অনুৰোধ কৰা হৈছে ৷ এই সিদ্ধান্তৰ দ্বাৰা স্বাভাৱিকতে উক্ত চাকৰিৰ বাবে বহিৰাজ্যৰ প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব ৷ ইয়াৰ পূৰ্বে এই চাকৰিৰ বাবে স্থায়ী বাসিন্দা হোৱাটো বাধ্যতামূলক আছিল ৷ কিন্তু এই নিৰ্দেশনাৰ যোগেদি কাৰ্যত এই চাকৰিসমূহ ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীৰ বাবেও মুকলি কৰি দিয়া হ'ল ৷
ভয়াৱহ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত বুজন পৰিমাণৰ উচ্চশিক্ষিত নিবনুৱা আছে ৷ তেনেস্থলত এই সিদ্ধান্তই ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলক নিশ্চয়কৈ চাকৰি লাভৰ পৰা বঞ্চিত কৰিব ৷ লক্ষণীয় বিষয় যে, বিজেপি চৰকাৰে সময়ে সময়ে নিযুক্তিৰ ক্ষেত্ৰত খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰি আহিছে আৰু যাক লৈ ৰাজ্যজুৰি প্ৰতিবাদো হৈছে ৷ এইবাৰ চৰকাৰে উচ্চশিক্ষাৰ অন্তৰ্গত পদসমূহৰ ক্ষেত্ৰতো অসম বিৰোধী স্থিতি গ্ৰহণ কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

