ETV Bharat / state

পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জিতেন গগৈৰ, কিন্তু কিয় ?

ভোটাৰ তালিকাত জীৱিত মৃত্যু হোৱা লোক । বাদ পৰিল পুত্ৰ-বোৱাৰীৰ নাম । বিসংগতিপূৰ্ণ ভোটাৰ তালিকাৰ বাবে নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জনালে কোনে ?

Jitan Gogoi apeal to postponement of panchayat election due to inconsistent Voter list
পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জিতেন গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 8, 2025 at 5:22 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: আসোঁৱাহ পূৰ্ণ ভোটাৰ তালিকা, ভোটাৰ তালিকাত মৃত মানুহৰ নাম অন্তৰ্ভুক্ত, জীৱিত লোকৰ নাম কৰ্তন কৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ওলাইছে ৰাজ্যৰ নিৰ্বাচন আয়োগ আৰু চৰকাৰ । এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে গোলাঘাট জিলাৰ বোকাখাত সমজিলাত ।

কেৱল এখন পঞ্চায়ততে নহয়, প্ৰায় সংখ্যক পঞ্চায়ততে এনে ধৰণৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে । নিৰ্বাচনৰ মনোনয়ন পত্ৰ সংগ্ৰহ কৰিবলৈ আহি ভোটাৰ তালিকা পৰীক্ষা কৰোতেহে ভোটাৰ তালিকাত নাম নথকা কথাটো পোহৰলৈ আহে ।

পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জিতেন গগৈৰ (ETV Bharat Assam)

এই লৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজাসকলৰ মাজত হাহাকাৰ লাগিছে । ভোটাৰ তালিকাত নাম নথকাৰ বাবে এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হোৱাত অনিশ্চয়তাই দেখা দিছে । বোকাখাত সমজিলাৰে কুৰুৱাবাহী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ প্ৰায় ১০০ জন ভোটাৰৰ নাম ভোটাৰ তালিকাত নাম নথকাৰ তথ্যও পোহৰলৈ আহিছে ।

ইয়াৰ উপৰিও পাঁচ বছৰৰ পূৰ্বে মৃত্যু হোৱা গাঁও প্ৰধানৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাকলৈও কৌতুহলৰ সৃষ্টি হৈছে । কিন্তু তাৰ বিপৰীতে নিৰ্বাচন খেলিবৰ বাবে প্ৰস্তুত হোৱা বোৱাৰীয়েকৰে নাম ভোটাৰ তালিকাত নাই । এই লৈ বোকাখাতৰ প্ৰাক্তন নিৰ্দলীয় বিধায়ক তথা বৰ্তমান অসম জাতীয় পৰিষদৰ নেতা জিতেন গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ কয়, "এইটো চৰকাৰক দৃষ্টিগোচৰ কৰাটো অতি প্ৰয়োজন । মোৰ ফালৰ পৰাও মই চৰকাৰক আহ্বান জনাইছো । বিভিন্ন দল-সংগঠন, কেৱল ৰাষ্ট্ৰীয় বা আঞ্চলিক দল বুলিয়েই নহয়, কেউটা ৰাষ্ট্ৰীয় দল, কেউটা আঞ্চলিক দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বাবে আজি দুই তিনি মাহৰ পৰা পূৰ্ণগতিত এটা প্ৰচেষ্টা আগবাঢ়িছে ।"

তেওঁ লগতে কয়, "এইটো কোনো এটা দল-সংগঠনৰ সমস্যা নহয়, এইটো সমস্যা হ'ল প্ৰকৃতাৰ্থত আমাৰ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ, ভোটাৰৰ । গতিকে ভোটাৰ লিষ্টৰ পৰা যেতিয়া নাম বাদ পৰে আৰু মৰা মানুহৰ নাম যেতিয়া সন্নিৱিষ্ট হয়, জীয়া মানুহৰ নাম যেতিয়া বাদ পৰি থাকে, এইখন ভোটাৰ তালিকা অশুদ্ধ ভোটাৰ তালিকা বুলিয়েই কয় ।"

ইয়াৰোপৰি গগৈয়ে কয়, "আমি দেখিছো যে গোটেই ২০ টা পঞ্চায়ততে বিসংগতি । কেৱল যে এটা ঠাইত হৈছে তেনে নহয় । সাধাৰণ মানুহৰ কথা বাদ দিছো গাঁও প্ৰধান কেইগৰাকীমানৰ, এগৰাকীৰ ইতিমধ্যে ৫-৬ বছৰমান পূৰ্বে মৃত্যু হৈছে, তেওঁৰ ডেথ চাৰ্টিফিকেটো আছে । কিন্তু তেওঁ এতিয়া জীৱিত ! তেওঁৰ পুত্ৰ-বোৱাৰীৰ কিন্তু নাম নাই । এইটো এটা জলন্ত উদাহৰণ, তেনে বহু উদাহৰণ আছে ।"

"এইটো হয়তো আমাৰ ইয়াতেই নহয় সমগ্ৰ অসমতে হ'ব । গতিকে চৰকাৰে এই বিষয়টো খুব গুৰুত্ব সহকাৰে ল'ব লাগে, সকলো দল-সংগঠনে গুৰুত্ব সহকাৰে ল'ব লাগে । ইলেকচন কমিছনে গুৰুত্বসহকাৰে ল'ব লাগে প্ৰয়োজনত এই নিৰ্বাচন কিছুদিনলৈ স্থগিত কৰি, শুদ্ধ ভোটাৰ তালিকাৰে এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে ।" গগৈয়ে কয় ।

লগতে পঢ়ক: বিজেপিৰ প্ৰতাৰণা-দুৰ্নীতি হ'ব পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ইছ্যু : দেৱব্ৰত শইকীয়া - PANCHAYAT ELECTIONS 2025

হিমন্ত বিশ্ব শৰ্মাৰ অতপালি ৰোধ কৰিবলৈ বিৰোধী ঐক্যমঞ্চই একেলগে নিৰ্বাচন খেলিব লাগিব : অখিল গগৈ - PANCHAYAT ELECTIONS 2025