ETV Bharat / state

ফুলৰে মেলাতে... নীৰৱে পুষ্প বিপ্লৱত মগ্ন এগৰাকী মহিলা, দেখুৱাইছে স্বনিয়োজনৰ পথ

ৰাণীত পুষ্প বিপ্লৱ এগৰাকী মহিলাৰ । ফুলৰ খেতিৰে জয়ন্তী ৰাভা নামৰ মহিলাগৰাকীয়ে যুৱপ্ৰজন্মক দেখুৱাইছে আদৰ্শ ।

Rani woman Floriculture
নিৰৱে পুষ্প বিপ্লৱত মগ্ন এগৰাকী মহিলা, দেখুৱাইছে স্বনিয়োজনৰ পথ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 8:57 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : 'ফুলৰে মেলাতে, পখীয়ে গীত গায়...' এই গীতটি নুশুনা মানুহ হয়তো খুব কমেই ওলাব । একক কণ্ঠৰ গৰাকী কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ এই মনপৰশা গীতটোৱে সকলোকে আহ্লাদিত কৰে । মন উৰি যায় এক সপোন সপোন লগা মনোৰম জগতলৈ ।

অৱশ্যে আজিৰ এই প্ৰতিবেদন ফুলৰ সৌন্দৰ্য কিম্বা পুলক বেনাৰ্জীৰ গীতক লৈ নহয় । আজিৰ প্ৰতিবেদনৰ বিষয়বস্তু হৈছে আমাৰ মন ৰঙীয়াল কৰা এই ফুলৰ বাণিজ্যিক দিশটোহে । ফুলৰ খেতিৰে যে এগৰাকী ব্যক্তি স্বাৱলম্বী হ'ব পাৰে, উপাৰ্জনৰ মূল উৎস হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত এই প্ৰতিবেদন । আৰু আজিৰ বিষয়বস্তুৰ প্ৰধান চৰিত্ৰ হৈছে এগৰাকী মহিলা, যিয়ে পুষ্প বিপ্লৱেৰে আন বহুতৰ বাবে আদৰ্শ দাঙি ধৰিছে ।

নিৰৱে পুষ্প বিপ্লৱত মগ্ন এগৰাকী মহিলা, দেখুৱাইছে স্বনিয়োজনৰ পথ (ETV Bharat Assam)

ফুলৰ খেতিৰে বিপ্লৱ আনিছে এগৰাকী মহিলাই

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী অঞ্চলৰ এগৰাকী মহিলা হৈছে জয়ন্তী ৰাভা । জয়ন্তী ৰাভাই বৃহত্তৰ ৰাণী অঞ্চলত ফুলৰ খেতিৰে গঢ়ি তুলিছে পুষ্প বিপ্লৱ । বছৰজুৰি একাগ্ৰতাৰে এই কামত লাগি থকা আৰু নিজৰ কামত কোনোপধ্যেই আপোচ নকৰা জয়ন্তী ৰাভাই ফুলৰ মাজতেই জীৱনক উপলব্ধি কৰে ।

বিগত প্ৰায় তিনি বছৰ ধৰি জয়ন্তী ৰাভাই ৰাণী অঞ্চলত ফুলৰ খেতিৰে এক নতুন দিগন্তৰ সূচনা কৰা পৰিলক্ষিত হৈছে । সমান্তৰালভাৱে ফুলৰ খেতি কৰি স্বাৱলম্বনৰ এক নতুন বাট মুকলি কৰি উঠি অহা প্ৰজন্মক উৎসাহিতও কৰিছে ।

Rani woman Floriculture
নিৰৱে পুষ্প বিপ্লৱত মগ্ন এগৰাকী মহিলা, দেখুৱাইছে স্বনিয়োজনৰ পথ (ETV Bharat Assam)

কেনেদৰে আগবাঢ়িছে জয়ন্তী ৰাভা

নাৰ্জী, ৰজনীগন্ধাকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ ফুল আৰু বিভিন্ন প্ৰকাৰৰ অৰ্কিডৰ ব্যৱসায়েৰে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিছে জয়ন্তী ৰাভাই । প্ৰায় এক বিঘা মাটিত নাৰ্জী ফুলৰ খেতিৰে এই যাত্ৰা আৰম্ভ কৰা জয়ন্তী ৰাভাই গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত ফুলৰ যোগান ধৰি আহিছে ।

পশ্চিম গুৱাহাটীৰ আজাৰাস্থিত কাঁহিকুছি উদ্যানশস্য গৱেষণা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ পৰা যথেষ্ট দিহা-পৰামৰ্শ, সহায়-সহযোগিতা লাভ কৰি বৈজ্ঞানিক পদ্ধতিৰে ফুলৰ খেতি কৰি অধিক উৎপাদন কৰিবলৈ তেওঁ সক্ষম হৈছে ।

বিশেষকৈ বজাৰত নাৰ্জী, ৰজনীগন্ধা আৰু অৰ্কিডৰ বিপুল চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ তথা তেওঁৰ লগত এই কামত জড়িত থকা কেইবাগৰাকীও লোকে দুগুণ উৎসাহৰে এই ফুলকেইবিধৰ খেতি কৰি আহিছে ।

Rani woman Floriculture
নিৰৱে পুষ্প বিপ্লৱত মগ্ন এগৰাকী মহিলা, দেখুৱাইছে স্বনিয়োজনৰ পথ (ETV Bharat Assam)

ফুলৰ চাহিদা

বৰ্তমান বজাৰত ফুলৰ চাহিদা লাহে লাহে বৃদ্ধি পাই আহিছে । বিয়া-সবাহ, পূজা-পাৰ্বণকে ধৰি যিকোনো মাংগলিক কাৰ্য, বিভিন্ন সভা-সমিতি আদিত প্ৰয়োজন হোৱা ফুল বহু লোকে তেওঁলোকৰ পৰা সংগ্ৰহ কৰি আহিছে । বৈজ্ঞানিক পদ্ধতিৰে চন পৰি থকা পতিত মাটিত থলুৱাভাৱে ফুলৰ খেতি কৰি যে আৰ্থিকভাৱে লাভৱান হ'ব পাৰি তাৰ নিদৰ্শন দেখুৱাইছে ৰাণীৰ জয়ন্তী ৰাভাই ।

কেনেদৰে আগবাঢ়িছিল জয়ন্তী ৰাভা

এই সন্দৰ্ভত জয়ন্তী ৰাভাই কয়, "বাহুপাৰা বন্ধন কেন্দ্ৰত আমি নাৰ্ছাৰীৰ প্ৰশিক্ষণ লৈ ফুলৰ খেতি কৰিও যে স্বাৱলম্বী হ'ব পাৰি সেই কথাটো জানিছিলোঁ । বন্ধন কেন্দ্ৰৰ কেইবাগৰাকীও সদস্যই মুখ্যমন্ত্ৰীৰ ফ্ল'ৰিকালচাৰ আঁচনিৰ (Chief Minister Floriculture Mission) অধীনত পোৱা নাৰ্জী ফুলৰ পুলিৰে ৰাণীৰ বাটাবাৰী, ৰাঙাপাৰা, আন্ধেৰীজুলিত ৪-৫ বিঘা মাটিত খেতি কৰা হৈছে । মই নিজাববীয়াকৈ ৰাণী বাহুপাৰাত প্ৰায় এবিঘা মাটিত নাৰ্জী ফুলৰ খেতি কৰিছোঁ । তদুপৰি, প্ৰায় দুবিঘা মাটিত ৰজনীগন্ধা ফুলৰ খেতি কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছোঁ ।"

তেওঁ লগতে কয়, "প্ৰায় তিনি বছৰ ধৰি শীতকালত নাৰ্জী ফুলৰ খেতি কৰি আহিছিলোঁ যদিও এইবাৰ প্ৰথমবাৰ এই সময়খিনিত ফুলৰ খেতি কৰিছোঁ । প্ৰায় এবিঘা মাটিত কৰা ফুলৰ খেতিৰ পৰা দৈনিক ২০০০-৪০০০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন হয় ।"

Rani woman Floriculture
নিৰৱে পুষ্প বিপ্লৱত মগ্ন এগৰাকী মহিলা, দেখুৱাইছে স্বনিয়োজনৰ পথ (ETV Bharat Assam)

জয়ন্তী ৰাভাৰ কৰ্মই অনুপ্ৰাণিত কৰিছে আন বহুতকে

এই সন্দৰ্ভত তেওঁ কয়, "ফুলৰ খেতি কৰি মই স্বাৱলম্বী হোৱা দেখি বহু মহিলা ফুলৰ খেতি কৰিবলৈ আগ্ৰহী হৈছে । ফুলৰ চাহিদা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক সময়ত যদি বিভাগীয় কৰ্তৃপক্ষই পৰ্যাপ্ত পৰিমাণৰ ফুলৰ পুলি যোগান ধৰিব পাৰে তেতিয়া আমাৰ এই ৰাণী অঞ্চলত ঘৰে ঘৰে ফুলৰ খেতি হ'ব । ইয়াৰ লগত জড়িত হৈ বহু মহিলা, যুৱপ্ৰজন্ম আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব । কিয়নো পশ্চিমবংগই ফুল উৎপাদনৰ ক্ষেত্ৰত উল্লেখযোগ্য স্থান লাভ কৰিছে আৰু তাৰ উৎপাদিত ফুলবোৰে অসমৰ বজাৰ দখল কৰিছে ।"

লগতে পঢ়ক :ৰসাল ষ্ট্ৰবেৰীৰ মেলা, মেঘালয়ত দুদিনৰ বাবে আয়োজন হ'ব ষ্ট্ৰবেৰী উৎসৱ ২০২৫ - STRAWBERRY FESTIVAL 2025
লগতে পঢ়ক :বালিৰে পৰিপূৰ্ণ পথাৰত সেউজীয়া সপোন ৰচিছে চাৰি ভাতৃয়ে - WATERMELON CULTIVATION