ETV Bharat / state

গদগদ হৈ পৰিছে অসমীয়াৰ বুকু, জয়নাচৰণ বাথাৰী আৰু অনিল কুমাৰ বড়োলৈ পদ্মশ্ৰী বঁটা - PADMA SHRI AWARD 2025

সোমবাৰে দেশৰ 71 গৰাকী কৃতী ব্যক্তিক প্ৰদান কৰা হয় পদ্ম বঁটা ৷ তাৰ ভিতৰত আছিল দুগৰাকীকৈ অসমীয়াও ৷

Padma Shri award 2025
বঁটা গ্ৰহণৰ মুহূৰ্তত অনিল কুমাৰ বড়ো(বাওঁফালে) আৰু জয়নাচৰণ বাথাৰী (সোঁফালে) (@rashtrapatibhvn)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 12:05 PM IST

Updated : April 29, 2025 at 12:52 PM IST

4 Min Read

হাফলং: সোমবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দুগৰাকীকৈ গৌৰৱী অসমীয়াই লাভ কৰিলে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা ৷ ৰাজধানী চহৰখনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুগৰাকীকে অসমীয়াক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷

চলিত বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰা দুয়োগৰাকী অসমীয়া হৈছে ক্ৰমে- ডিমা হাছাওৰ জয়নাচৰণ বাথাৰী আৰু বড়ো কবি তথা লোককথাবিদ, অধ্যাপক অনিল কুমাৰ বড়ো ৷ দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ সফলতাত গদগদ হৈ পৰিছে প্ৰতিগৰাকী অসমীয়াৰ বুকু ৷

জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী বঁটা (ETV Bharat Assam)

বাথাৰীৰ দক্ষতা

কলা আৰু লোক সংগীতত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে জয়নাচৰণ বাথাৰীয়ে লাভ কৰে পদ্মশ্ৰী বঁটা । ৮৪ বছৰীয়া জ্যেষ্ঠ নাগৰিক তথা ডিমাছা জনগোষ্ঠীৰ ধ্বজাবাহক জয়নাচৰণ বাথাৰীৰ জন্ম হৈছিল মাহুৰৰ জোৰাই বাথাৰী গাঁৱত । ডিমাছা জনজাতীয় লোক সংগীতৰ পৰম্পৰাগত শিল্পৰ পৰা আৰম্ভ কৰি উত্তৰ-পূৱ ভাৰতৰ ডিমাছা জনগোষ্ঠীয় সম্প্ৰদায়ৰ চহকী সাংস্কৃতিক প্ৰকাশৰ বাবে পৰিচিত এইগৰাকী ব্যক্তি ৷

তেখেত ডিমাছা লোক সংগীত আৰু বাদ্যযন্ত্ৰ (খৰ্ম মানে ড্ৰাম আৰু মুৰি মানে বাঁহী) বজোৱাতো দক্ষ । জয়নাচৰণ বাথাৰীয়ে বান্দৰ আৰু কাছৰ গল্পটোত নতুনৰ ৰং ঢালি পুনৰ সৃষ্টি কৰিছিল । বান্দৰ আৰু কাছৰ কাহিনীটোত তেওঁ কৰা অভিনয়ে এই শিল্পক ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় কৰি তুলিছিল ।

আন এগৰাকী বঁটাপ্ৰাপক অনিল কুমাৰ বড়ো

বড়ো কবি আৰু লোককথাবিদ, অধ্যাপক অনিল কুমাৰ বড়ো হৈছে বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককথা গৱেষণা বিভাগৰ মুৰব্বী ৷ অধ্যাপক বড়োক সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে ।

সাহিত্যলৈ অৱদান

বড়ো সাহিত্যৰ লোককথাক বিশ্ব মঞ্চলৈ অনাত অনিল কুমাৰ বড়োৱে অৰিহণা যোগাইছে । বৰ্তমানলৈকে কবিতা, সাহিত্য, সমালোচনা, উপন্যাস, শিশু সাহিত্য, ভ্ৰমণ কাহিনী, লোককথা অধ্যয়নকে ধৰি তেখেতৰ প্ৰায় ৩০ খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ পাইছে ।

বড়োৰ ল্যাণ্ডমাৰ্ক গ্ৰন্থ যেনে- ফক লিটাৰেচাৰ অৱ দ্য বডোছ: এণ ইনট্ৰডাকচন, এ হিষ্ট্ৰী অৱ বডো লিটাৰেচাৰ, দ্য ফ্লুট এণ্ড দ্য হাৰ্প, ডেলফিনি অনথাই ম্ৱদাই আৰৱ গুহুন ক্ৰুবুন খোন্থাই আদিয়ে আধুনিক বড়ো সাহিত্যিক এক সুনিৰ্দিষ্ট ৰূপত গঢ় দিয়াত সহায় কৰিছে ।

সম্পাদক হিচাপে তেওঁ দ্য বডো কোৱাৰ্টাৰলি, জাৰ্ণেল অৱ ফ’ক’ৰিষ্টছ আৰু অনুবাদমূলক অনলাইন আলোচনী থুনছলাইকে ধৰি উল্লেখযোগ্য সাহিত্য সংকলন আৰু আলোচনীসমূহৰ পৰিচালনাত পালন কৰিছে গুৰুত্বপূৰ্ণ ভূমিকা ।

কবি আৰু লোককথাবিদ হোৱাৰ উপৰিও অনিল কুমাৰ বড়ো এজন বিশিষ্ট অনুবাদক, শিক্ষাবিদ আৰু সাহিত্য সমালোচক, যিয়ে বড়ো সাহিত্যৰ শ্ৰীবৃদ্ধি আৰু বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছে ।

শিক্ষাগত অৰ্হতা আৰু ব্যক্তিগত জীৱন

১৯৬১ চনৰ ৯ ডিচেম্বৰত বাক্সা জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কাছিতামাত জন্মগ্ৰহণ কৰা বড়োৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে ৷ ইয়াৰ পিছতে তেখেতে লোককথা গৱেষণা বিভাগৰ পৰা লাভ কৰে পি এইচ ডি ডিগ্ৰী ।

সম্প্ৰতি গুৱাহাটীৰ বাসিন্দা অনিল কুমাৰ বড়োৰ সৈতে পৰৱৰ্তী সময়ত বিবাহপাশত আৱদ্ধ হয় অঞ্জলি বড়ো ৷ দুগৰাকী কন্যা ক্ৰমে মৃদুস্মিতা বড়ো আৰু কাবেৰী বড়োৰ সৈতে তেওঁলোকৰ এতিয়া সুখৰ সংসাৰ ৷

কৰ্মজীৱন

১৯৮৮ চনত ডিমৰিয়া কলেজত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত অনিল কুমাৰ বড়োৱে ২০০০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককথা গৱেষণা বিভাগৰ মুৰব্বী হিচাপে যোগদান কৰে ।

সাহিত্যত অৱদানৰ বাহিৰেও অধ্যাপক বড়োৱে মাতৃভাষা শিক্ষাৰ প্ৰসাৰ আৰু বড়োলেণ্ডত ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ ৰূপায়ণৰ বাবে ব্যাপকভাৱে কাম কৰি আহিছে ।

সামাজিক জীৱন

বড়ো সাহিত্য সভাকে ধৰি সাহিত্য সংগঠনসমূহত সক্ৰিয় অৱদান আগবঢ়োৱাৰ লগতে ২০২১ চনৰ পৰা কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ আয়োজনত যথেষ্ট অৰিহণা যোগাই আহিছে এইগৰাকী ব্যক্তিয়ে ।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত তেওঁৰ অংশগ্ৰহণে বড়ো সাহিত্য আৰু লোককথাক বিশ্বব্যাপী মঞ্চত চিনাকী কৰাই দিয়াত সহায় কৰিছে ৷ তদুপৰি তেওঁ গ্ৰীচ, ইটালী, লিথুৱেনিয়া, ডেনমাৰ্ক আৰু চীনৰ শৈক্ষিক আৰু সাহিত্য মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিছে । বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু সন্মিলনতো কৰিছে অংশগ্ৰহণ ।

বিভিন্ন বঁটা-সন্মান

বড়ো সাহিত্য আৰু লোককথালৈ আগবঢ়োৱা অৱদানৰ বাবে অধ্যাপক বড়োক সন্মানীয় সাহিত্য অকাডেমী বঁটা (২০১২), ৰংছাৰ সাহিত্য বঁটা আৰু সাহিত্য সাধনা বঁটা (২০২৪)ৰে সন্মানিত কৰা হৈছে ।

উল্লেখ্য যে, ২০২৫ চনৰ বাবে ৰাষ্ট্ৰপতিয়ে ১৩৯ টা পদ্ম বঁটা ঘোষণা কৰিছিল ৷ এই তালিকাত আছে ৭ টা পদ্ম বিভূষণ, ১৯ টা পদ্মভূষণ আৰু ১১৩ টা পদ্মশ্ৰী বঁটা । (এ এন আই ইনপুটৰ সৈতে)

লগতে পঢ়ক: ফুলৰে মেলাতে... নীৰৱে পুষ্প বিপ্লৱত মগ্ন এগৰাকী মহিলা, দেখুৱাইছে স্বনিয়োজনৰ পথ

Last Updated : April 29, 2025 at 12:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.