ETV Bharat / state

জেমিথাঙত জাপানী উপাসক, জাপানৰ বৃহৎসংখ্যক লোকে জানে অসমৰ বিষয়ে - JAPANESE TOURIST IN TAWANG

জাপান-ভূটানৰ পৰ্যটকৰ আগমন অৰুণাচল প্ৰদেশৰ জেমিথাঙত অনুষ্ঠিত গৰ্জাম কোৰা উৎসৱস্থলীলৈ । জেমিথাঙৰ পৰা জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ৷

Japanese tourists at Gorjam Kora festival at Jemithang in Tawang
জেমিথাঙত জাপানী উপাসক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 28, 2025 at 8:42 PM IST

3 Min Read

জেমিথাং: জাপান-ভূটানৰ লগত ভাৰতৰ কি সম্পৰ্ক ? সদ্যহতে দুয়োখন দেশৰ পৰ্যটকক প্ৰায়েই লগ পোৱা যায় ভাৰতত । এই দুই দেশৰ পৰ্যটকৰ অসম আৰু অৰুণাচল প্ৰদেশৰ লগতো আছে এক সুকীয়া সম্পৰ্ক । অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জেমিথাঙত গৰ্জাম কোৰা উৎসৱলৈ আহিছে জাপানী পৰ্যটকো ।

জাপানী পৰ্যটক ইউচুকে তাচি বানাই ই টিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত কয় যে জাপান এখন বৌদ্ধ ধৰ্মাৱলম্বী দেশ । ভাৰতৰো বিভিন্ন ৰাজ্যত বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে আৰু লগতে ঐতিহাসিক বৌদ্ধ মঠসমূহত প্ৰায়েই তেওঁলোকে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে । যোৱা ১৯ মাৰ্চত ভাৰতত প্ৰৱেশ কৰা যুৱ জাপানী পৰ্যটকজনে দেশৰ পূব প্ৰান্তত থকা শেষ সীমান্ত জেমিথাঙৰ গৰ্জাম কোৰা উৎসৱত অংশগ্ৰহণ কৰে ।

জেমিথাঙত জাপানী উপাসক (ETV Bharat Assam)

তেওঁ কয়, "অৰুণাচল প্ৰদেশৰ লগতে বৌদ্ধ ধৰ্মৰ লোক বসবাস কৰা স্থানসমূহৰ লগত যেনেদৰে সম্পৰ্ক আছে একেদৰে অসমৰ লগতো জাপানৰ সম্পৰ্ক আছে । অসমৰ চাহ জাপানত প্ৰচলিত হৈ আছে আৰু সেই বাবেই অসমৰ বিষয়ে জাপানৰ লোকে ভালদৰে জানে ।" অসমৰ গুৱাহাটীত আহি গামোচা লৈ অৰুণাচল প্ৰদেশলৈ আহিছো বুলি তেওঁ কয় ।

আনহাতে ভুটানৰ প্ৰায় দুই শতাধিক লোকে এই গৰ্জাম কোৰা উৎসৱত অংশগ্ৰহণ কৰে । উৎসৱত অংশগ্ৰহণ কৰা ভূটানৰ এগৰাকী অভিনেতা আৰু বিখ্যাত গায়ক আৰু চলচ্চিত্ৰ প্ৰযোজকেও পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰে । এই উৎসৱৰ সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰে জিগমে নামগিয়েল । তেওঁ ভূটানৰ অন্ধ সংগীত কেন্দ্ৰ আৰু গৱেষণাৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক । ভূটানৰ পৰা অহা এই শিল্পীগৰাকী অন্ধ যদিও মঞ্চত গীত পৰিৱেশন কৰাৰ লগতে তেওঁৰ এখন সংগীত বিদ্যালয়ো আছে । য'ত তেওঁ পিতৃ-মাতৃহীন দুখীয়া লৰা-ছোৱালীক সংগীতৰ শিক্ষা দিয়ে । তেওঁলোকৰ খাদ্য আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰে ।

তেওঁ কয়, "গৰজাম কোৰা উৎসৱৰ দৰে একেধৰণৰ সংস্কৃতিসমূহ অন্বেষণ কৰিবলৈ মই অতিশয় উৎসাহিত ৷ কাৰণ ইয়াৰ লগত আমাৰো সাদৃশ্য আছে ।" আন এগৰাকী পৰ্যটক ভুটানৰ উগিয়েন ৱাংচুকে জনাই যে ভুটানৰ লগত অৰুণাচল প্ৰদেশৰ জেমিথাঙৰ ভাল সম্পৰ্ক আছে ।

জেমিথাঙৰ এই উৎসৱৰ মাত্ৰ ১০ দিনৰ পিছত একেটা উৎসৱে ভূটানত টাচি যাংটছে জিলাত গমকৰা নামেৰে উদযাপন কৰা হ'ব । তেওঁ কয়, "সাধাৰণতে ভূটান আৰু টাৱাঙত সাংস্কৃতিক সাদৃশ্যৰ বাবে বহুদিনৰ আগৰে পৰাই সাংস্কৃতিক কাৰ্যসূচীৰ আদান-প্ৰদান চলি আহিছে আৰু এই ধাৰাটো অব্যাহত থাকিব ।"

লগতে পঢ়ক: গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা কি প্ৰশ্নৰ উত্তৰ পোৱা নাই মন্ত্রী পীযুষ হাজৰিকাই - MINNISTER PIJUSH HAZARIKA

কেঁচুমতাৰ মাজত শিল্প, কলমৰ চিঁয়াহীৰে মনৰ ভাৱ: মনোজ-মণিকাৰ এই কাহিনী জানেনে আপুনি ? - MANOJ CHAKRABORTY MANIKA DEVEE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.