মৰিগাঁও: জাগীৰোডত তীব্ৰ গতিত চলি আছে টাটা ছেমিকণ্ডাক্টৰৰ নিৰ্মাণ কাৰ্য । ইয়াৰ মাজতে বৃহস্পতিবাৰে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত উপস্থিত হয় জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে এটা প্ৰতিনিধিৰ দল । ৰাষ্ট্ৰদূতগৰাকীৰ সৈতে প্ৰতিনিধিৰ দলটোৱে পৰিদৰ্শন কৰে টাটা ছেমিকণ্ডাক্টৰ এচেম্বলি এণ্ড টেষ্ট প্ৰকল্প ।
এতিয়া জাগীৰোডত দিনে নিশাই পূৰ্ণ গতিত নিৰ্মাণকাৰ্য চলি আছে টাটা ছেমিকণ্ডাক্ট প্ৰকল্পৰ কাম । টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বুজ লবলৈ লগতে পৰিদৰ্শন কৰিবলৈ কেতিয়াবা উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী আন কেতিয়াবা আকৌ কেন্দ্ৰীয় মন্ত্ৰী । বৃহস্পতিবাৰে অতি ক্ষিপ্ৰতাৰে জাগীৰোডত নির্মাণকাৰ্য চলি থকা টাটা ছেমিকণ্ডাক্টৰ এচেম্বলি এণ্ড টেষ্ট প্ৰকল্প পৰিদৰ্শন জাপানৰ ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধি দলৰ ।
দলটোক নেতৃত্ব প্ৰদান কৰিছে ভূটান আৰু ভাৰতৰ যুটীয়া ৰাষ্ট্ৰদূত কেইচিঅ’ ন’ৰে । কেইচিঅ’ ন’ৰেৰ সৈতে বহুকেইটা কোম্পেনীৰ শীৰ্ষ বিষয়ববীয়াও উপস্থিত থাকে । এই পৰিদৰ্শন কালত যে অসমৰ উদ্যোগ ক্ষেত্ৰত যে এক বৃহৎ বিনিয়োগৰ সম্ভাৱনা কঢ়িয়াই আনিব সেইয়া নুই কৰিব নোৱাৰি । ইয়াৰ পিছতে জাপানৰ ৰাষ্ট্ৰদূতৰ লগতে প্ৰতিনিধি দলটোৱে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ।

ইফালে মহানগৰীৰ ভিভাণ্টা হোটেলত অনুষ্ঠিত হয় পঞ্চম ভাৰত-জাপান বৌদ্ধিক সন্মিলন । শিক্ষা, প্ৰযুক্তি আৰু জৈৱ প্ৰক্ৰিয়াৰ সমসৃষ্টিৰ বাবে কৰা হয় আলোচনা ।
Visited the TATA Semiconductor Assembly and Test site in Jagiroad, Assam. Looking forward to seeing Japanese technology and expertise being utilized in the future. 🚀 #TechInnovation #IndiaJapan pic.twitter.com/FNUtuZCVEX
— ONO Keiichi, Ambassador of Japan (@JapanAmbIndia) February 6, 2025
উল্লেখ্য যে, ২০২৪ চনৰ ১৩ মাৰ্চত জাগীৰোডত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্ছুৱেলী শিলান্যাস কৰিছিল পোন প্ৰথমবাৰৰ বাবে অসমত নিৰ্মাণ কৰিবলৈ ওলোৱা টাটা ছেমিকণ্ডাক্টৰ এচেম্বলি এণ্ড টেষ্ট প্ৰকল্পৰ । তাৰ পিছতে ৩ আগষ্ট ২০২৪ ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা কোম্পানীৰ মুখ্য প্ৰবন্ধক নৱৰাজন চন্দ্ৰ শেখৰে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন কৰিছিল ।

২৭ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে এই বৃহৎ প্ৰকল্প । এই প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'লে প্ৰায় ১৫ হাজাৰ দক্ষ যুৱক-যুৱতীয়ে কর্মসংস্থাপন পাব টাটা ছেমিকণ্ডাক্ট প্ৰকল্পত । ইয়াৰ মাজতে জাপানৰ প্ৰতিনিধিৰ দলটোৰ উপস্থিতিয়ে কঢ়িয়াইছে আশাৰ ৰেঙণী ।