দৰ্শকে ছবিখন চাই ভাল পোৱা বুলি কৈছে: হিমাংশু প্ৰসাদ দাস
আজিৰে পৰা ৰাজ্যৰ ছবিগৃহত জয় হনুমেন । বহিঃৰাজ্যতো মুক্তি লাভ কৰিছে ছবিখনে । আশাবাদী পৰিচালক ।

By ETV Bharat Entertainment Team
Published : October 18, 2024 at 8:51 PM IST
গুৱাহাটী: বহু প্ৰতীক্ষাৰ অন্তত শুকুৰবাৰে মুক্তি পালে অসমীয়া ছবি 'জয় হনুমেন' । ৰাজ্য প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰিলে অসমীয়া ছবি 'জয় হনুমেন' এ । পুৱাৰে পৰা ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে ।
অসমৰ বিভিন্ন ঠাইত মুক্তি লাভ কৰাৰ লগতে দিল্লী, মুম্বাই, পুনে, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই, নয়ডা আৰু গোৱা চহৰতো মুক্তি লাভ কৰিছে ছবিখন ।
ছবিখন মুক্তিৰ দিনাই মহানগৰীৰ বহুকেইটা ছবিগৃহত দৰ্শকৰ কাষত থিয় হয় টীম 'জয় হনুমেন' । মহানগৰীৰ অনুৰাধা ছবিগৃহত 'জয় হনুমেন'ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে উপস্থিত হয় কয় ছবিখনৰ সন্দৰ্ভত কিছু কথা । 'জয় হনুমেন' ছবিখনৰ সন্দৰ্ভত পৰিচালকগৰাকীয়ে কয়,"প্ৰথম কথা হ'ল আজি মোৰ মুখত হাঁহি ওলাইছে । আজি বহুত দিনৰ পৰা মোৰ মুখত হাঁহি নাছিল, এটা চিন্তা আছিল যে কি হ'ব কি নহ'ব ।"
তেওঁ লগতে কয়,"আজি প্ৰথম দিন । প্ৰথম দিনটোত এইটো নহয় যে মানুহ হিলদল ভাঙি ছবিখন চাবলৈ আহিছে । যিমান মানুহে চাবলৈ আহিছে সকলোৱে ছবিখন চাই ভাল পোৱা বুলি কৈছে । এই কথাই আমাক অতি আনন্দিত কৰিছে যে আমি যি আশা কৰি ছবিখন বনাইছিলো ৰাইজক সিমানখিনি সুখ দিব পাৰিছো ।"
উল্লেখযোগ্য যে আজি মুক্তি লাভ কৰা ছবিখনত অভিনয় কৰিছে সিদ্ধাৰ্থ বড়ো, অমৃতা গগৈ, জয় কাশ্যপ, অনন্যা কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতিভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, জিণ্টু কুমাৰ কাশ্যপ আদিকে ধৰি কেবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে । আনহাতে ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ।

