ETV Bharat / state

সংৰক্ষণ বিজ্ঞানী ড৹ বিভৱ তালুকদাৰক “দ্য হেৰী মেছেল” বঁটা প্ৰদান

সংৰক্ষণ বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰলস অৱদানৰ স্বীকৃতি স্বৰূপে ড৹ তালুকদাৰলৈ এই সন্মান ৷

Dr Bibhab Talukdar
সংৰক্ষণ বিজ্ঞানী ড৹ বিভৱ তালুকদাৰক “দ্য হেৰী মেছেল” বঁটা প্ৰদান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : October 26, 2024 at 8:28 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰখনত একনিষ্ঠভাবে কাম কৰি থকা অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংৰক্ষণ বিজ্ঞানী তথা অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণ সংস্থা "আৰণ্যক"ৰ সচিব প্ৰধান আৰু মুখ্য কাৰ্যবাহী বিষয়া ড৹ বিভৱ কুমাৰ তালুকদাৰক আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (আই ইউ চি এন)ৰ “স্পেচিচ চাৰ্ভাইভেল কমিশ্যন”(এছ এছ চি)ৰ “দ্য হেৰী মেছেল” সংৰক্ষণ নেতৃত্ব বঁটা প্ৰদান কৰা হৈছে ।

"আৰণ্যক"ৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে,"আবু ধাবিত জৈৱ বৈচিত্ৰ আৰু জলবায়ু পৰিবৰ্তনৰ অংগাংগী সংকট মোচনৰ উপায় বিষয়ক আলোচনাৰ বাবে বিশ্বৰ প্ৰায় ৩০০ সংৰক্ষণ বিশেষজ্ঞ সমবেত হোৱা পঞ্চম “আই ইউ চি এন এছ এছ চি লীডাৰ্চ” বৈঠকত শুকুৰবাৰে ড৹ তালুকদাৰক এই বঁটা প্ৰদান কৰা হয় । “স্পেচিচ চাৰ্ভাইভেল কমিশ্যন”ৰ কৰ্মৰ অংশ হিচাপে বিভিন্ন প্ৰজাতিৰ সংৰক্ষণৰ দিশত নেতৃত্ব বহন কৰি আগবঢ়োৱা ক্ষেত্ৰভিত্তিক অৱদানৰ স্বীকৃতি স্বৰূপে ড৹ তালুকদাৰক এই বঁটা প্ৰদান কৰা হৈছে । উল্লেখ্য যে এছীয় গঁড়ৰ তিনিটা প্ৰজাতিৰ সংৰক্ষণৰ বাবে গ্ৰহণ কৰা শক্তিশালী উদ্যোগৰ অংশ হিচাপে ড৹ তালুকদাৰে তিনিখন “এছিয়ান ৰাইনো ষ্টেটছ” সন্মিলন অনুষ্ঠিত কৰাত সময়োচিত আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল ।

ইয়াৰে প্ৰথমখন ইণ্ডোনেছিয়াৰ বন মন্ত্ৰালয়ৰ সহযোগত দেশখনৰ বন্দৰ লামপুঙত অনুষ্ঠিত হৈছিল । দ্বিতীয়খন ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ সহযোগত নতুন দিল্লীত আৰু তৃতীয়খন নেপাল চৰকাৰৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী বিভাগৰ সহযোগত ছিটৱান ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা হৈছিল । এই সন্মিলনত এছীয় গঁড়ৰ তিনিটা প্ৰজাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ অৰ্থে যুটীয়া ঘোষণাপত্ৰ প্ৰকাশ কৰা হৈছিল । গঁড় সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰলস অৱদানৰ স্বীকৃতি স্বৰূপে আই ইউ চি এনে ২০০৮ চনত ড৹ তালুকদাৰক ইয়াৰ এছীয় গঁড় বিশেষজ্ঞ গোটৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰে ।

অসমৰ সংৰক্ষণবিদে লাভ কৰা এইটো এটা বিৰল স্বীকৃতি । অতি বিপন্ন জাভা আৰু সুমাত্ৰাৰ গঁড়ৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহায় কৰাৰ বাবে ইণ্ডোনেছিয়াৰ সংৰক্ষণ সংস্থাসমূহেও ড৹ তালুকদাৰক আমন্ত্ৰণ কৰিছিল । তেওঁ ২০০৭ চনৰ জুলাইৰ পৰা ২০১০ চনৰ মে’ পৰ্যন্ত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ স্থায়ী সমিতিৰ, ২০১০ৰ পৰা ২০১২ লৈ হস্তী প্ৰকল্প কৰ্ণধাৰ সমিতিৰ সদস্য আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী কৰ্ম আঁচনি ২০১৭-৩১ প্ৰস্তুতি সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

তেওঁ অসম চৰকাৰক “ইণ্ডিয়ান ৰাইনো ভিছন ২০২০”ৰ কাৰ্যকৰীকৰণত সহায় কৰিছিল আৰু এই প্ৰকল্পৰ জৰিয়তে ২০০৮ আৰু ২০২২ চনৰ ভিতৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ২২ টা গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সফলতাৰে স্থানান্তৰ কৰা হৈছিল । ড৹ তালুকদাৰে ৭০ খনৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: বিশ্ব গঁড় দিৱসত বিশেষ প্ৰতীকীৰে সজাগতা ৰেলী