ETV Bharat / state

কাজিৰঙাৰ পৰা বহু শিকিবলগীয়া আছে... উপলব্ধি কৰিছে বিশ্বই

'গঁড়ৰ অৰণ্য'লৈ আহিল ২৭ খন দেশৰ প্ৰতিনিধি ৷ কাজিৰঙাত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈছে বিগ কেট সম্পৰ্কীয় প্ৰথমখন দক্ষতা বৃদ্ধিৰ আন্তঃৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৷

Kaziranga National Park
কাজিৰঙাত ২৭ খন দেশৰ প্ৰতিনিধি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 11:21 AM IST

5 Min Read
Choose ETV Bharat

কাজিৰঙা : কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰাৰ ৫১ বছৰীয়া ঐতিহাসিক দিনটোতে আৰম্ভ হৈছে "বিগ কেট" সম্পৰ্কীয় প্ৰথমখন দক্ষতা বৃদ্ধিৰ পাঠ্যক্ৰম আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৷ ৬ দিনীয়াকৈ চলিবলগীয়া এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঠ্যক্ৰমত বিশ্বৰ ২৭ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

কাজিৰঙাত ২৭ খন দেশৰ ৪৪ গৰাকী প্ৰতিনিধি

কাজিৰঙাত ২৭ খন দেশৰ প্ৰতিনিধি (ETV Bharat)

উল্লেখ্য যে বিশ্বৰ সৰ্বাধিক এটা খৰ্গৰ গঁড়ৰ বাসস্থান তথা হাতী, এচিয়ান ম'হ, দুষ্প্ৰাপ্য দল হৰিণ, ঢেঁকীয়াপতীয়া অৰ্থাৎ একেখন অৰণ্যত একেলগে ৫ টাকৈ ডাঙৰ বন্যপ্ৰাণী বসবাস কৰা বিগ ফাইভ হিচাপে খ্যাতি লাভ কৰা জৈৱ বৈচিত্ৰৰে ভৰপূৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল বৰ্তমান বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ কাৰণে এক অধ্যয়নৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হৈছে । সংৰক্ষণৰ দিশত সকলোৰে আকৰ্ষণ কাঢ়িবলৈ সক্ষম হোৱা এইখন ৰাষ্ট্ৰীয় উদ্যানলৈ এতিয়া বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ পৰা আৰম্ভ কৰি সংৰক্ষক, বন বিষয়া, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বী আদি লোক আহিছে । সংৰক্ষণৰ দিশত সফলতাৰে শতবৰ্ষ গৰকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শিকিবলৈ বিশ্বৰ ২৭ খন দেশৰ ৪৪ গৰাকী প্ৰতিনিধি উপস্থিত হৈছেহি কাজিৰঙাত ।

বন্যপ্ৰাণী আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বৃদ্ধিৰ পাঠ্যক্ৰম

কাজিৰঙাত ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে বন্যপ্ৰাণী আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বৃদ্ধিৰ ৬ দিনীয়া পাঠ্যক্ৰম ৷ ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰালয়, ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ যৌথ উদ্যোগত কাজিৰঙাৰ ৰয়েল ডিকাছা নামৰ এখন ব্যক্তিগত পৰ্যটন অতিথিশালাত এই পাঠ্যক্ৰম তথা কৰ্মশালাৰ মুকলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ বিশ্বৰ ২৭ খন দেশৰ অংশগ্ৰহণকাৰীৰ উপস্থিতিৰে অনুষ্ঠিত পাঠ্যক্ৰমৰ মুকলি অনুষ্ঠানত ৰাজ্যৰ 'হ'ফ'(HoFF) তথা প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰে আদৰণি ভাষণ আগবঢ়ায় ৷

বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, "এটা খৰ্গযুক্ত গঁড়ৰ লগতে ঢেঁকীয়াপতীয়া, ম'হ, হৰিণ, অগণন দেশী-বিদেশী পক্ষীৰ বিচৰণ ভূমিত এই পাঠ্যক্ৰমে অংশগ্ৰহণকাৰীসকলক অনন্য অভিজ্ঞতা প্ৰদান কৰিব ৷" মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণকাৰীসকলক স্বাগতম জনাই কয়, "এই পাঠ্যক্ৰমে বন্যপ্ৰাণী আৰু সংৰক্ষণ কৰ্মীৰ দক্ষতা বৃদ্ধিত গভীৰ উপলব্ধি প্ৰদান কৰিব ৷"

পাঠ্যক্ৰম মুকলি অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সৰ সঞ্চালক সত্য প্ৰকাশ যাদৱ, প্ৰকল্প সঞ্চালক সৌমিত্ৰ দাসগুপ্তা, ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাক্তন সঞ্চালক তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্য বন সংৰক্ষক নিৰঞ্জন কুমাৰ বাসু, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক সোণালী ঘোষ আদি উপস্থিত থাকে । ইফালে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ অহা বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিসকলক ভিডিঅ' বাৰ্তাযোগে আদৰণি জনায় ৷ নিজৰ বাৰ্তাত তেওঁ কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষকৈ সংৰক্ষণৰ দিশত সফলতা লাভ কৰাৰ গুণ-গৰিমা সৰ্বজনবিদিত ৷

ইফালে এই অনুষ্ঠানৰ উদ্যোক্তাই কয়, "ইৰাণ, আফ্ৰিকা, ভূটান, মালয়েছিয়া, শ্ৰীলংকা, কেনিয়া আদিকে ধৰি ২৭ খন দেশৰ প্ৰতিনিধি কাজিৰঙাত থাকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ ব্যৱস্থা, চোৰাং চিকাৰী ৰোধ, গৱেষণাৰ পদ্ধতি, পানী ধৰি ৰখাৰ ব্যৱস্থা, বৈজ্ঞানিক পদ্ধতিৰে কৰা সংৰক্ষণ আদিত হাতে-কামে প্ৰশিক্ষণ ল'ব । আনহাতে আন আন বিভিন্ন বিষয়ত ইতিপূৰ্বে দক্ষতা বৃদ্ধিৰ পাঠ্যক্ৰম তথা ক্ষেত্ৰ অধ্যয়ন অনুষ্ঠিত হ'লেও বিগ কেট সম্বন্ধীয় পাঠ্যক্ৰম এইবাৰেই প্ৰথম ৷"

মুকলি অনুষ্ঠানত উপস্থিত থাকি দেশী-বিদেশী অংশগ্ৰহণকাৰীসকল যথেষ্ট আনন্দিত দেখা গৈছে । এগৰাকী প্ৰতিনিধিয়ে কৈছে, "কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত এই পাঠ্যক্ৰমৰ যোগেদি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিবলৈ সুযোগ পাই অতিশয় আনন্দিত হৈছো ৷ ইয়াৰে প্ৰাকৃতিক পৰিৱেশ, খাদ্য সম্ভাৰ, মানুহৰ আচৰণ সকলো যথেষ্ট ভাল ।"

ৰাষ্ট্ৰীয় উদ্যান হিচাপে কাজিৰঙাৰ ৫১ বছৰ সম্পূৰ্ণ

উল্লেখ্য যে ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰা কাজিৰঙাই ৫১ বছৰ সম্পূৰ্ণ কৰে ৷ এই বিশেষ দিনটোত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাৰ যোগেদি বিভিন্ন দেশৰ প্ৰতিনিধিসকলৰ মাজত কাজিৰঙাৰ বিভিন্ন দিশ প্ৰতিফলিত হ'ব বুলিও বিভিন্নজনে মত ব্যক্ত কৰে ৷ অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, জ্যেষ্ঠ সাংবাদিক ড° বাবুলাল ম'ৰ, গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিং, জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতা, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ সভাপতি স্বপন নাথ, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি নীলপদ্ম শৰ্মা, চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙাৰ প্ৰতিনিধি, সমাজকৰ্মী দেৱপ্ৰদীপ বৰা, ফটিক বৰা, বিমল শৰ্মা, ৰেহান আলি, কাজিৰঙা অধ্যয়ন চক্ৰৰ প্ৰতিনিধি, চাহ জনগোষ্ঠীয় সাহিত্য সভাৰ প্ৰতিনিধি, বন বিভাগৰ লোক, বেচৰকাৰী সংগঠন দ্য কৰবেট ফাউণ্ডেচন আদিকে ধৰি বিভিন্ন স্থানীয় প্ৰতিনিধি উপস্থিত থাকে ৷

লগতে পঢ়ক :ছিংগাপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা: ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ সৈতে বিশেষ সাক্ষাৎ - ADVANTAGE ASSAM 2