ETV Bharat / state

চন্দ্ৰপুৰত ইছৰ'ৰ অধ্যক্ষ: পৰিদৰ্শন কৰিলে অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ প্ৰকল্পস্থলী - ISRO NETRA PROJECT IN ASSAM

চন্দ্ৰপুৰত অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ 'আছামছেট'ৰ প্ৰস্তুতি । ইছৰ'ৰ অধ্যক্ষই পৰিদৰ্শন কৰিলে প্ৰস্তাৱিত 'নেট্ৰা প্ৰকল্প'স্থলী ।

ISRO NETRA project in Assam
চন্দ্ৰপুৰত ইছৰ'ৰ অধ্যক্ষ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 6:15 PM IST

3 Min Read

গুৱাহাটী : চন্দ্ৰপুৰৰ ২০০ বিঘা মাটিত স্থাপন হ'বলগীয়া ইছৰ'ৰ 'নেট্ৰা প্ৰকল্প'স্থলী বুধবাৰে পৰিদৰ্শন কৰে ইছৰোৰ নৱনিযুক্ত অধ্যক্ষ ড০ ভি নাৰায়ণনে । অধ্যক্ষগৰাকীক সংগ দিয়ে অসম চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।

ইতিমধ্যে চন্দ্ৰপুৰৰ মৃতপ্ৰায় তাপবিদ্যুৎ প্ৰকল্পৰ পৰিত্যক্ত ভূমিত অসমৰ নিজা কৃত্ৰিম উপগ্ৰহ 'আছামছেট'ৰ নিৰ্মাণৰ বাবে চৰকাৰে ভূমিৰ আবণ্টন দিছে । এইবাৰ বাজেটত এই প্ৰকল্পৰ বাবে চৰকাৰে পৰ্যাপ্ত ধন ধাৰ্য কৰাৰ কথাও ব্যক্ত কৰিছে তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।

উল্লেখ্য যে ২০২২ বৰ্ষত চৰকাৰৰ প্ৰস্তাৱিত এই 'নেত্ৰা প্ৰকল্প'ৰ কামৰ বাবে প্ৰাৰম্ভিক কুচকাৱাজ আৰম্ভ হৈছিল । পৰৱৰ্তী সময়ত ২০২৪ বৰ্ষৰ মাৰ্চ মাহত তদানীন্তন ইছৰ'ৰ অধ্যক্ষ ডঃ এছ সোমনাথ গুৱাহাটীলৈ আহি প্ৰকল্পটোৰ বুজ লয় ।

চন্দ্ৰপুৰত ইছৰ'ৰ অধ্যক্ষ (ETV Bharat Assam)

লক্ষণীয় কথা এই যে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মতে, ৰাষ্ট্ৰীয় মহাকাশ সম্পদ সুৰক্ষাৰ বাবে পৰ্যবেক্ষণ, তালিকাভুক্তি, মহাকাশ পৰিস্থিতিৰ মূল্যাঙ্কন আৰু সময়মতে এছ এছ এ তথ্য প্ৰচাৰৰ বাবে এক কেন্দ্ৰীভূত প্ৰণালী স্থাপন কৰা, পৰ্যায়ক্ৰমে ৰাডাৰৰ জৰিয়তে ২০০০ কিলোমিটাৰ পৰ্যন্ত পৰিসৰত ১০ চেঃমিঃ পৰিসৰৰ মহাকাশৰ বস্তু চিনাক্ত কৰিবলৈ সক্ষম হ'ব ।

উল্লেখ্য যে ইছৰ'ৰ এই টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কৰ জৰিয়তে পৰিচালনা কৰা হৈছে । চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্পৰ ২০০ বিঘা ভূমিত স্থাপন হ'বলগীয়া এই প্ৰকল্পৰ ২০২৫ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত প্ৰথমটো কাম আৰম্ভ কৰা হ'ব বুলিও সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ইছৰ'ৰ অধ্যক্ষগৰাকীয়ে ।

ইছৰ'ৰ অধ্যক্ষগৰাকীয়ে প্ৰকল্পটোৰ ভিতৰত থকা গছ-গছনি নকটাকৈ পাৰিপাৰ্শ্বিক পৰিৱেশটো অটুট ৰাখি প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ আহ্বান জনাই নেত্ৰা প্ৰকল্পৰ বিষয়াসকলক ।

সংবাদ মাধ্যমৰ আগত ইছৰ'ৰ অধ্যক্ষ ডঃ ভি নাৰায়ণনে কয়, "প্ৰথম কথা হ'ল অসমত এনেধৰণৰ প্ৰকল্পৰ বাবে প্ৰকল্পস্থলী পৰিদৰ্শন কৰিবলৈ পাই মই অত্যন্ত গৌৰৱান্বিতবোধ কৰিছো । মই অত্যন্ত সুখী যে অসম চৰকাৰে প্ৰথমবাৰৰ বাবে সমাজৰ উন্নয়নৰ কাৰণে সমাজৰ অগ্ৰগতিৰ কাৰণে যথেষ্ট কাম কৰিছে বিভিন্ন ক্ষেত্ৰত । উদাহৰণ স্বৰূপে জল ব্যৱস্থাপনা আৰু দুৰ্যোগ ব্যৱস্থাপনা আৰু ইয়াৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত কাৰ্যব্যৱস্থা হাতত লৈছে ।"

আনহাতে, তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই কয়, "তেখেতসকলে বহুত গৱেষণা কৰি ঠিক কৰিছে এই ঠাই টুকুৰা নেটৱৰ্কৰ কাৰণে উপযুক্ত ঠাই । সেইকাৰণে তেওঁলোকে পাৰ্টিকুলাৰ এই জাগাটোৰ আমাক প্ৰস্তাৱ দিছিল, বিচাৰিছিল । তেওঁলোকে বহু ওপৰৰ ধৰণৰ ছাৰ্ভে কৰিছে আৰু সকলোধৰণৰ চোৱা-চিতা কৰাৰ পিছত এই ঠাইটুকুৰাৰ ভিজিবিলিটি আছে বুলি ঠিক কৰিছে ।"

লগতে পঢ়ক :মোদীৰ সাহসী পদক্ষেপত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হ'ব: যোৰহাটত মুখ্যমন্ত্ৰী - ASSAM CM VISIT JORHAT
লগতে পঢ়ক :দিছপুৰত ইছৰ'ৰ অধ্যক্ষ ড০ ভি নাৰায়ণনৰে অসম চৰকাৰৰ বৈঠক - ISRO CHAIRMAN IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.