ETV Bharat / state

নম্ৰতা বৰাৰ ৰহস্যময় মৃত্যু: নৱপ্ৰজন্মক সতৰ্ক হ'বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ - NAMRATA BORA ACCIDENT CASE

নিশাৰ মাতাল মহানগৰীত চলে কি ? অধিবক্তাৰ মৃত্য়ুৱে জোঁকাৰিছে ৰাজ্য় ।

Assam CM on NAMRATA BORA ACCIDENT Case
নম্রতা বৰাৰ মৃত্য়ু সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 7, 2025 at 2:22 PM IST

2 Min Read

নলবাৰী: গুৱাহাটী মহানগৰী নিশা হৈ পৰে মায়ানগৰী । এই মায়ানগৰীতেই ৰঙীন হৈ পৰে যুৱপ্ৰজন্ম । মাতাল হৈ পৰে একাংশ যুৱক-যুৱতী । ক্ৰমাৎ উশৃংখল পৰিৱেশে আৱৰি ধৰা মহানগৰীত শেহতীয়াভাৱে সংঘটিত ঘটনা প্ৰৱাহে চিন্তিত কৰি তুলিছে সচেতন নাগৰিকক ।

কেৱল গুৱাহাটী মহানগৰীতেই নহয়, ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত এই ছবিখন লাহে লাহে প্ৰকট হৈ উঠাত সাধাৰণ জনতাৰ কথা বাদেই, উদ্বিগ্ন হৈ পৰিছে স্বয়ং মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা । সেয়েহে সকলোকে এইক্ষেত্ৰত সতৰ্ক হ'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

নম্রতা বৰাৰ মৃত্য়ু সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

বন্ধুৰ সৈতে নিশা শ্বিলঙলৈ ফুৰিবলৈ গৈ মৃত্যুক সাবটি লোৱা অধিবক্তা নম্রতা বৰাৰ ঘটনাই লৈছে নতুন মোৰ । এই ঘটনাত ইতিমধ্যে নাম সাঙোৰ খোৱা কেইবাগৰাকীকো মেঘালয় আৰক্ষীয়ে সোধাপোছা আৰম্ভ কৰিছে । মেঘালয়ৰ নংপো আৰক্ষীয়ে শুকুৰবাৰে নিশা নম্ৰতাৰ নৈশ ভ্ৰমণৰ সংগীকেইগৰাকীক কেইবাঘণ্টাজুৰি জেৰা চলায় ৷ বুধবাৰে পুৱতি নিশা মেঘালয়ৰ ৰি-ভই জিলাৰ চাংবাংলা অঞ্চলত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল নম্ৰতাৰ । এই ঘটনাক লৈ ৰাজ্য়জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তেই নৱপ্ৰজন্মক সতৰ্ক হ'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

শনিবাৰে নলবাৰীত মুখ্য়মন্ত্ৰীগৰাকীয়ে অসমৰ সকলো অভিভাৱক, যুৱক-যুৱতীক সচেতন হোৱাৰ আহ্বান জনাই কয়, "মই কেৱল এটাই অনুৰোধ কৰিম যিবিলাক কথা সমাজত আলোচনা হৈ থাকে অকণমান আমাৰ অভিভাৱকৰ পৰা ডেকা ল'ৰা-ছোৱালীলৈকে যাতে অলপ সচেতন হওঁ, সাৱধান হওঁ, সতৰ্ক হৈ থাকো । সামাজিক ক্ষেত্ৰতো এই বিষয়ত কাম কৰাৰ প্ৰয়োজন আছে । প্ৰত্যেকটো ঘটনাৰ পৰা আমি শিকিব লাগে ।"

ইপিনে, নম্ৰতা বৰাৰ মৃত্য়ুৰ তদন্ত অসম আৰক্ষীয়ে কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্য়মন্ত্ৰীয়ে কয়,"তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত কোনো পদক্ষেপ ল'ব নোৱাৰে । কেৱল মেঘালয় আৰক্ষীক অসম আৰক্ষীয়ে সহায়হে কৰিব পাৰে ।"

লগতে পঢ়ক:নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাত সাঙোৰ খাইছে এ আই ইউ ডি এফৰ যুৱনেতাৰ নাম: পৰিয়ালে বিচাৰিলে তদন্ত - NAMRATA BORA ACCIDENT CASE

গভীৰ ষড়যন্ত্ৰৰ বলি হৈছিল নম্ৰতা; পৰিয়ালৰ অভিযোগ - NAMRATA BORA ACCIDENT CASE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.