উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ লেখ আবেদন: কি কয় বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে ?
সুৰুঙাৰে সাৰি যাব নেকি শ্যামকানু মহন্ত ? মহন্তৰ লেখ আবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া অধিবক্তা নেকিবুৰ জামানৰ ।

Published : October 4, 2025 at 6:55 PM IST
গুৱাহাটী: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰা নিজক বচাবলৈ শ্যামকানু মহন্তই গ্ৰেপ্তাৰৰ পূৰ্বেই আইনী প্ৰক্ৰিয়া আৰম্ভ কৰি দিছিল । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতে উচ্চতম ন্যায়ালয়ত ক্ৰিমিনেল লেখ আৱেদন কৰিছিল 'জুবিন হত্যা’ গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তই ৷ এই অভিযোগৰ পৰা নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ গ্ৰেপ্তাৰৰ পূৰ্বেই ৩০ ছেপ্টেম্বৰত ছিংগাপুৰৰ পৰাই উচ্চতম ন্যায়ালয়ত আৱেদন কৰিছিল শ্যামকানু মহন্তই ।
৩০ ছেপ্টেম্বৰত ছিংগাপুৰৰ পৰা ন’টাৰীৰ জৰিয়তে শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত ৰাজ কমল নামৰ এজন অধিবক্তাৰ জৰিয়তে মুঠ ১৭২ পৃষ্ঠাৰ এখন লেখ আৱেদন (ক্ৰিমিনেল) দাখিল কৰিছিল । ইয়াৰ পিছতে দিল্লীত গ্ৰেপ্তাৰ হৈছিল শ্যামকানু মহন্ত । জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰুজু হোৱা অসম আৰক্ষীৰ গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত বৰ্তমান ১৪ দিনৰ আৰক্ষীৰ জিম্মাত আছে । এই শ্যামকানু মহন্তই গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই ছিংগাপুৰৰ পৰা ভাৰতলৈ উভতি অহাৰ আগতে এক কৌশলগত আইনী পদক্ষেপ গ্ৰহণ কৰি দেশৰ উচ্চতম ন্যায়ালয়ত লেখ আৱেদন কৰিছিল ।
কি উদ্দেশ্যৰে শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত এই লেখ আৱেদন (ক্ৰিমিনেল) দাখিল কৰিছিল । এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত বহুকেইটা দিশ উল্লেখ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে । জ্যেষ্ঠ অধিবক্তাগৰাকীৰ সাক্ষাৎকাৰৰ ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
শ্যামকানু মহন্তই উচ্চতম ন্যায়লয়ত দাখিল কৰা লেখ আৱেদনৰ (ক্ৰিমিনেল) প্ৰসংগত অধিবক্তা নেকিবুৰ জামানে কয়,"জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৬০ খনৰো অধিক এজাহাৰ দাখিল হৈছে আৰু ইতিমধ্যে গোচৰো ৰজু হৈছে । ইয়াৰ তদন্তৰ ভাৰ এছ আই টিৰ হাতত অৰ্পণ কৰা হৈছে । এছ আই টিৰ তদন্ত চলি থকাৰ সময়তে হঠাতে শ্যামকানু মহন্তই উচ্চতম ন্যায়ালয়ত এখন লেখ আৱেদন দাখিল কৰে । আৱেদনখন উচ্চতম ন্যায়ালয়ত এতিয়ালৈকে শুনানি হোৱা নাই । গ্ৰহণ কৰিছে নে নাই, কাৰণ সেইখন ডিফেক্টভত পৰি আছে । সোমবাৰে উচ্চতম ন্যায়ালয় খুলিব আৰু সিদিনা সিদ্ধান্ত ল'ব । আৱেদনখনৰ শুনানি হোৱাৰ পাছত গ্ৰহণ কৰিব নে নাই তাৰ কোনো নিশ্চয়তা নাই আৰু গ্ৰহণ নকৰিব যে তাৰো নিশ্চয়তা নাই ।"
তেওঁ লগতে কয়,"এতিয়া প্ৰশ্ন হৈছে যে শ্যামকানু মহন্তই দাখিল কৰা লেখ আৱেদন ক্ৰিমিনেলত উত্থাপন কৰিছে যে অসম আৰক্ষী তথা চি আই ডি নাইবা এছ আই টিৰ পৰা তেওঁ নিৰপেক্ষ তদন্ত নাপাব । দ্বিতীয়তে অসমৰ অধিবক্তাসকলে গোচৰ লোৱাৰ বাবে অস্বীকাৰ কৰাৰ কথা শ্যামকানু মহন্তই উল্লেখ কৰিছে । আনহাতে তেওঁৰ বিৰুদ্ধে একপক্ষীয়ভাৱে ষড়যন্ত্র ৰচনা কৰা বুলিও শ্যামকানু মহন্তই আৱেদনত উল্লেখ কৰিছে । তদুপৰি সংবাদ মাধ্যমৰ ভূমিকাৰ কথাও উল্লেখ কৰিছে । এই সকলোবোৰ দিশ সন্নিবিষ্ট কৰি শ্যামকানু মহন্তই চি বি আই, নিয়া আদি সংস্থাৰ দ্বাৰা গোচৰটোৰ তদন্ত হোৱাটো বিচাৰিছে ।"
জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে লগতে কয়,"শ্যামকানু মহন্তই অভিযোগসমূহ সন্নিবিষ্ট কৰি দাখিল কৰা আৱেদন উচ্চতম ন্যায়ালয়ে যে গ্ৰহণ কৰিব তাৰ সন্দেহ আছে । কাৰণ প্ৰতিটো গোচৰে যদি তলৰ আদালতৰ পৰা উচ্চ আদালতলৈ ৰাজ্যখনৰ ভিতৰত গ্ৰহণ নকৰে বা আবেদন নকৰে তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ে পৰোক্ষভাৱে আৱেদন কেতিয়াও গ্ৰহণ নকৰে । কিন্তু এই গোচৰটোত শ্যামকানু মহন্তই অধিবক্তা নথকা, সংবাদ মাধ্যমৰ প্ৰসংগ, একপক্ষীয়ভাৱে তদন্ত কৰি থকাৰ অভিযোগ আনিছে । এতিয়া উচ্চতম ন্যায়ালয়ে শুনানিৰ পাছত স্থিৰ সিদ্ধান্ত ল'ব । এই মুহৰ্তত সেই সিদ্ধান্তৰ কথা কোৱাটো কঠিন ।"
তেওঁ কয়,"বিগত সময়ত তদন্তৰ গাফিলতিৰ বাবে বহু অপৰাধী বাচি যাবলৈ সক্ষম হোৱা আমি দেখিছোঁ । এতিয়া কথা হৈছে যে শ্যামকানু মহন্তই জামিন লোৱাৰ চেষ্টা কৰিব । কিন্তু এতিয়ালৈকে জামিন বিচৰা নাই । ইয়াত অধিবক্তা নাথাকিলেও আৰক্ষীয়ে শ্বাৰ্জশ্বিট ৯০ দিনৰ ভিতৰত দাখিল নকৰিলে শ্যামকানু মহন্তই নিজেই ৯০ দিনৰ পাছত জামিনৰ বাবে আৱেদন কৰিব পাৰিব । যদি শ্বাৰ্জশ্বিট সময়মতে দাখিল কৰে তেতিয়া আদালতে সিদ্ধান্ত ল'ব যে এনে লোকক জামিন দিব পাৰি নে নোৱাৰি ।"
তেওঁ পুনৰ কয়,"শ্যামকানু মহন্তই ইয়াত তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি থকাৰ কথা কৈছে । যাৰ বাবে তেওঁ চুবুৰীয়া ৰাজ্যত গোচৰটো চলোৱাৰ কথা কৈছে । পূৰ্বতে গোচৰটোত হত্যাকাণ্ডৰ ১০৩ ধাৰাটো নাছিল । এই ধাৰা যোগ কৰাৰ আগতে কিন্তু মুখ্যমন্ত্রীয়ে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি কৈছিল । গৃহ বিভাগৰ দায়িত্বত থকা বাবে মুখ্যমন্ত্রীৰ হাতত সকলো খবৰ আছে আৰু যাৰ বাবে তেওঁ ক'বলৈ সুবিধা পাইছে । গতিকে জুবিন গাৰ্গক হত্যা কৰাৰ কথাটো আদালতত প্ৰমাণ কৰাৰ দায়িত্ব মুখ্যমন্ত্রীৰো আছে ।"
তেওঁ লগতে কয়, "গোটেই ঘটনাটোৰ লগত জড়িতসকলক ইতিমধ্যে সাক্ষ্য গ্ৰহণৰ বাবে মাতি জেৰা কৰি থকা হৈছে । আৰক্ষীয়ে সকলোৰে সাক্ষ্য লোৱাৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে সকলো তদন্ত সম্পূৰ্ণ কৰি ৯০ দিনৰ ভিতৰত শ্বাৰ্জশ্বিট দাখিল কৰাটো মূল বিষয় । জামিন পোৱা বা নোপোৱাটো মূল বিষয় নহয় । জামিন পোৱা মানেই গোচৰৰ পৰা মুক্তি পোৱাটো নুবুজায় । বিচাৰ প্ৰক্ৰিয়াত তেওঁলোক দোষী সাব্যস্ত হ'লে ধাৰা অনুসৰি তেওঁলোকৰ যাৱজ্জীৱন কাৰদণ্ডও হ'ব পাৰে নাইবা মৃত্যুদণ্ডও হ'ব পাৰে ।"
"কাৰণ তদন্ত প্ৰক্ৰিয়া আগুৱাই গ'লে বহু নতুন কথা ওলাব আৰু নতুন নতুন ধাৰা যোগ হ'ব । গুৰুত্বপূৰ্ণ কথাটো হৈছে যে চৰকাৰ বা তদন্তকাৰী গোটে গোটেই ঘটনাটো লক্ষ্য ৰাখি সুক্ষ্মভাচে পৰ্যৱেক্ষণ কৰিব লাগিব । ৰাইজো সদা সচেতন হৈ থাকিব লাগিব । যাতে জুবিন গাৰ্গে ন্যায় পায় । সাক্ষ্য আৰু নথিপত্রৰ ওপৰত আদালতে ৰায়দান কৰিব । বিচাৰ কেৱল নথিপত্র, সাক্ষ্য আৰু তথ্যৰ ভিত্তিত হ'ব ।"
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত তেওঁ কয়, "মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদালতৰ অনুমতি লাগিব আৰু আদালতলৈ পঠিয়াব লাগিব । তদন্তকাৰী গোটে প্ৰতিবেদন সংগ্ৰহ কৰাৰ পিছত আদলতলৈ পঠাব । আদালতৰ পৰা চাৰ্টিফাইড কপি ওলাব পাৰিলে প্ৰকাশ কৰিব পাৰে । আজি জুবিন গাৰ্গৰ পত্নীৰ হাতত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দি দিয়া হৈছে । তাৰ মানে পাব্লিক ডকুমেণ্ট হৈ গ'ল ।"

