ETV Bharat / state

উদ্বেগজনকভাৱে বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সমদল

বিজেপি শাসিত ৬ খন ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি । সৰ্বভাৰতীয় প্ৰগতিশীল নাৰী সন্থাৰ সদস্যাই প্ৰকাশ কৰিলে এই তথ্য় ।

INTERNATIONAL WOMENS DAY  IN NAGAON
নগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 7:08 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: শনিবাৰৰ দিনটোত সৰ্বত্ৰে পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস । ৰাজ্য়ৰ আন ঠাইৰ লগতে নগাঁৱতো এই দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শনিবাৰে নগাঁৱত বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি বিগত বৰ্ষত সংঘটিত নাৰী নিৰ্যাতনৰ তথ্য দাঙি ধৰে সৰ্বভাৰতীয় প্ৰগতিশীল নাৰী সন্থাই ৷

এই নাৰী দিৱসৰ দিনটোতেই দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো উদ্বেগজনকভাৱে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য দাঙি ধৰি নাৰীৰ সুৰক্ষাক লৈ উদ্বিগ্ন হৈ পৰে প্ৰগতিশীল নাৰী সন্থা । আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নগাঁৱত দুই শতাধিক মহিলাৰ উপস্থিতিত নেহৰুবালিৰ পৰা শ্বহীদ ভৱনলৈকে এক সমদল উলিয়াই নাৰী সুৰক্ষাৰ প্ৰসংগ উল্লেখ কৰি প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলাৰ সভানেত্ৰী পৰী কুমাৰ বৰুৱাই কয়, " ৮ মাৰ্চৰ দিনটোত সৰ্বত্ৰে চৰকাৰী তথা বে-চৰকাৰীভাৱে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰি অহা হৈছে যদিও আজিও সুৰক্ষাৰ পৰা বঞ্চিত নাৰী । বিশেষকৈ বিজেপি শাসিত ৰাজ্যসমূহত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে । উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশকে ধৰি দেশৰ বিজেপি শাসিত ৬ খন ৰাজ্যত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে ।"

নগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস পালন (ETV Bharat Assam)

বিগত বৰ্ষত অসমতো এহেজাৰৰো অধিক নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য দাঙি ধৰি পৰী কুমাৰ বৰুৱাই লগতে কয়, "নাৰী নিৰ্যাতন হ্ৰাস কৰাৰ উদ্দেশ্যে বিভিন্ন আইন প্ৰণয়ন কৰা হৈছে যদিও কোনো আইনেই যেন দিব পৰা নাই সুৰক্ষা ।" আনকি ইউ চি চিয়েও নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰিব পৰা নাই বুলিও উল্লেখ কৰি পৰী কুমাৰ বৰুৱাই কয়, "পুলিচৰাজক অগ্ৰাধিকাৰ দিয়াৰ বাবেই ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে নিৰ্যাতিত নাৰী ।"

এলাহবাদ আদালতে নাৰী নিৰ্যাতনক লৈ প্ৰদান কৰা এক ৰায়ক লৈয়ো একপ্ৰকাৰ সমালোচনা কৰে প্ৰগতিশীল নাৰী সন্থাৰ সভানেত্ৰীগৰাকীয়ে । ইপিনে, আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শনিবাৰে নগাঁৱত এক সমদল উলিওৱাৰ লগতে নগাঁও শ্বহীদ ভৱনত এখনি সভাৰো আয়োজন কৰে প্ৰগতিশীল নাৰী সন্থাই । এই সভাত পুনৰ পৰী কুমাৰ বৰুৱাক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰি নতুনকৈ সংগঠনটোৰ নগাঁও জিলা সমিতিখন গঠন কৰা হয় ।

লগতে পঢ়ক:কাঠফুলাৰ খেতিৰে স্বাৱলম্বী এগৰাকী নাৰীৰ কথাৰে... - INTERNATIONAL WOMENS DAY

গৃহিণীৰ পৰা দক্ষ শিপিনীলৈ; গ্ৰামাঞ্চলৰ মহিলাৰ জীৱনৰ পট পৰিৱৰ্তনৰ এক ইতিবাচক কাহিনী - INTERNATIONAL WOMENS DAY 2025