ETV Bharat / state

৩৩ কোটি দেৱতাক জীয়াই ৰাখিলেও দেৱভাষাক বিলোপ কৰিলো : মনোজ কুমাৰ গোস্বামী - INTERNATIONAL MOTHER LANGUAGE DAY

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস । মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সকলো ভাষা সংৰক্ষণৰ উদ্দেশ্যেই উদযাপন কৰা হয় এই দিৱস ।

International Mother Language Day
তেজপুৰ বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 21, 2025 at 7:17 PM IST

2 Min Read

তেজপুৰ: তেজপুৰ বিশ্ববিদ্যালয়ত শুকুৰবাৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ সভাগৃহত আয়োজিত এই কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত হয় বক্তৃতা আৰু অন্তৰংগ আলাপ অনুষ্ঠান ৷

এই অনুষ্ঠানটোত আমন্ত্ৰিত বক্তা হিচাপে অংশ লৈ বিশিষ্ট গল্পকাৰ,সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে কয়, "বিশ্বত সাত হাজাৰ ভাষা আছে ৷ দুজন বাঙালী ভদ্ৰলোকৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা ১৯৯৯ আৰু ২০০০ চনত আজিৰ দিনটো মাতৃভাষা দিৱস হিচাপে স্বীকৃতি লাভ কৰিলে । দেশৰ তামিলনাডুৰ মত্তুৰ নামৰ গাঁওখনত পাঁচ হাজাৰ লোকৰ মাজত সংস্কৃত ভাষা চলি আছে ৷ জটিল ব্যাকৰণ,সকলোকে ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল ৷ গতিকে ভাষাটো বিলোপ হ’ল ৷ সৰ্বমুঠ ৩৩কোটি দেৱতাক আমি জীয়াই ৰাখিছো,কিন্তু দেৱভাষাক আমি বিলোপ কৰিলো ৷"

তেজপুৰ বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন (ETV Bharat Assam)

বিশিষ্ট গল্পকাৰগৰাকীয়ে পুনৰ কয়, "সৃষ্টিশীলতা আৰু উদ্ভাৱনীৰ বাবে মাতৃভাষা খুবেই দৰকাৰ । ইংৰাজী ভালকৈ ক'ব জানিলেই ইংৰাজী ভাষাতো জনা নুবুজায়, সাহিত্য জানিছো নে নাই সেইটোও মন কৰিব লাগিব । আমি সকলো ভাষা জনাৰ দৰকাৰ যদিও নিজৰ মাতৃভাষাৰ লগতে অন্য ভাষা জনাৰো প্ৰয়োজন । মানুহে কয় ভাৰতত উদ্ভাৱনী ক্ষমতা, সৃষ্টিশীলতা কমি আহিছে । মই ভাবো এয়া আৰোপিত ভাষাৰ বাবে সেয়া হৈছে" ৷

International Mother Language Day
তেজপুৰ বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন (ETV Bharat Assam)

এই অনুষ্ঠানটোত বিদ্যায়তনিক পৰিক্ৰমাৰ ডীন অধ্যাপক ৰাজা ৰফিকুল হক, সমাজ বিজ্ঞানৰ ডীন অধ্যাপক ড৹ চন্দন কুমাৰ শৰ্মা, সাংবাদিকতা আৰু গণমাধ্যম বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপক অভিজিত বৰা আৰু অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান জুৰি দত্তই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:পৰৱৰ্তী প্ৰজন্মক শক্তিশালী কৰাৰ উদ্দেশ্যে তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্ভাৱন বুটকেম্প - IDE BOOTCAMP AT TU

সমালোচনাই ছাত্ৰ-ছাত্ৰীক জাতিৰ প্ৰতি থকা দায়িত্ব সোঁৱৰাই দিয়ে: ৰাজ্যপাল - TEZPUR UNIVERSITY CONVOCATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.