যোৰহাট : অসম সাহিত্য সভাৰ ২০২৫-২০২৭ কাৰ্যকালৰ বাবে কেন্দ্ৰীয় সমিতিয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাছত নতুন কাৰ্যনিৰ্বাহকৰ প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হয় যোৰহাটত । যোৰহাট সাহিত্য সভাৰ সহযোগত দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে ১১ বজাৰ পৰা আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয় ৷
অনুষ্ঠানটিৰ আঁত ধৰে যোৰহাট সাহিত্য সভাৰ সম্পাদক উত্তম কুমাৰ হাজৰিকাই ৷ বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটো অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে সঞ্চালনা কৰে । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ নৱ-মনোনীত সম্পাদক ডঃ জ্যোতিৰেখা হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰে ৷
সঞ্চালকৰ আসনৰ পৰা ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "মাতৃভাষাৰ জ্ঞানে শিশুৰ চিন্তা শক্তিৰ বিকাশত বিশেষ ভূমিকা গ্ৰহণ কৰে, মাতৃভাষাৰ যোগেদিহে জগত জিনিব পাৰি ৷" ডঃ গোস্বামীয়ে সামাজিক মাধ্যমত ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হ’বলৈও আহ্বান জনায় ৷
যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ পাপুমণি হাজৰিকা আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মহাশ্বেতা দেৱীয়ে অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশ গ্ৰহণ কৰে ৷ অসম সাহিত্য সভাৰ নৱ-মনোনীত ধনভঁৰালী, যোৰহাট চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মণিৰাম লাহন আৰু যোৰহাট জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৷
নিজৰ বক্তব্যত ডঃ পাপুমণি হাজৰিকাই মাতৃভাষাক ভাব প্ৰকাশৰ মাধ্যমৰ লগতে জ্ঞান আহৰণ, ভিন ভিন জাতি-জনগোষ্ঠীৰ মাজৰ সেতু, সাহিত্য সৃষ্টিৰ মাধ্যম হিচাপে অভিহিত কৰে ৷ তেওঁ অসমীয়া ভাষাৰ লগতে অসমৰ বিভিন্ন জাতি-জনজাতিৰ মাতৃভাষাকো সন্মান প্ৰদান কৰা উচিত বুলি মত প্ৰকাশ কৰে ৷
আনগৰাকী বক্তা ডঃ মহাশ্বেতা দেৱীয়ে তেওঁৰ বক্তব্যত কয়, "যোৱা পঁচিশটা বছৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস বিশ্বজুৰি পালন কৰি অহা হৈছে ৷ মাতৃগৰ্ভত থাকোঁতেই কাণত পৰা, জন্ম হৈ যিটো ভাষাত সপোন দেখা, ভাব প্ৰকাশ কৰা সেই আইৰ মুখৰ ভাষাৰ প্ৰতি সকলোৰে এক আৱেগ থাকে ৷ আন্তৰ্জাতিক মাতৃভাষা দিৱসে পৃথিৱীৰ সৰু-বৰ সকলো জাতি-জনগোষ্ঠীৰে মাতৃভাষাৰ আদৰ আৰু সংৰক্ষণত গুৰুত্ব আৰোপ কৰি আহিছে ৷"
বিশিষ্ট আবৃত্তিকাৰ নীহাৰিকা সোণোৱালৰ কণ্ঠত কবি হীৰেন ভট্টাচাৰ্যৰ 'মোৰ দেশ' কবিতাৰ আবৃত্তিয়ে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ আনহাতে, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱা, প্ৰাচ্যবিদ্যাৰ্ণৱ ডঃ মহেশ্বৰ নেওগ অসমতত্ত্ব গৱেষণা সংস্থানৰ সঞ্চালক ডঃ ৰাতুল চন্দ্ৰ বৰা, সাহিত্যিক পেঞ্চনাৰ যোগমায়া গগৈ, সাহিত্যসেৱী ডঃ ৰাজেন্দ্ৰ প্ৰসাদ দাস, ডঃ বীণাপাণি দেৱী, ধীৰেন্দ্ৰ নাথ গগৈ, মৃণালিনী গোস্বামী, ৰূপা নেওগ হাজৰিকা, নিজৰা লাহন, ৰণজিত গগৈ, যোৰহাট জিলা সাহিত্য সভা আৰু বিভিন্ন শাখা সভাৰ বিষয়ববীয়া আৰু সদস্যসকল, স্থানীয় বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰী প্ৰমুখ্যে শতাধিক ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে ৷