কিছুমান মানুহৰ স্মৃতিয়ে জীৱনক জীপাল কৰি ৰাখে: ড৹ হিতেশ ডেকা
Discussion on Book in Nagaon: নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'প্ৰিয় পাঠক' শীৰ্ষক লেখক -পাঠকৰ মতবিনিময় । শৰ্মিষ্ঠা প্ৰীতমৰ ৰং উপন্যাসৰ ইংৰাজী সংস্কৰণ 'বীনিথ দ্যা শিমলু ট্ৰী' প্ৰকাশৰ প্ৰাকক্ষণত আয়োজন কৰা হ'ল এক ব্য়তিক্ৰমী অনুষ্ঠানৰ ।

Published : February 18, 2024 at 10:04 PM IST
নগাঁও, ১৮ ফেব্ৰুৱাৰী: "লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ আকাশখন বৰ বিশাল । শৰ্মিষ্ঠাৰ শাৰীৰিক অক্ষমতা আছে যদিও হাজাৰ হাজাৰ মানুহতকৈ মানসিকভাবে বেছি সক্ষম ।" দেওবাৰে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত 'প্ৰিয় পাঠক' শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়াই বিশিষ্ট শিক্ষাবিদ তথা 'দৈনিক অসম' কাকতৰ সম্পাদক ড৹ হিতেশ ডেকাই ।
ছাইমন এণ্ড শ্বুষ্টাৰে প্ৰকাশ কৰা ৰঞ্জিতা বিশ্বাস অনুদিত শৰ্মিষ্ঠা প্ৰীতমৰ 'ৰং' উপন্যাসৰ ইংৰাজী সংস্কৰণ 'বীনিথ দ্যা শিমলু ট্ৰী' প্ৰকাশৰ প্ৰাকক্ষণত পাঠকলৈ কৃতজ্ঞতাৰে অনুষ্ঠিত 'প্ৰিয় পাঠক' শীৰ্ষক অনুষ্ঠিত অনুষ্ঠানটোত অংশগ্ৰহণ কৰি তেওঁ এইদৰে মন্তব্য় কৰে ।
ড৹ হিতেশ ডেকাই শৰ্মিষ্ঠা প্ৰীতমৰ সৈতে থকা ব্যক্তিগত সম্পৰ্কৰ কথা উল্লেখ কৰি কয়, ‘‘জীৱনত বহু ব্যক্তিক লগ পাইছো, কিন্তু কিছুমান মানুহৰ স্মৃতিয়ে জীৱনক জীপাল কৰি ৰাখে । শৰ্মিষ্ঠাক লগ নোপোৱা হ'লে জীৱনটো সম্পূৰ্ণ নহ'লহেতেন ।’’ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়, ‘‘কিতাপখনত মানৱতাৰ জয়গান গাইছে ।’’
শৰ্মিষ্ঠা প্ৰীতমৰ আত্মবিশ্বাসৰ বীজ সৰুৰে পৰাই আছে বুলি মন্তব্য কৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়, ‘‘বীজটোৱে যেতিয়া পুলি পোখা মেলি ডাঙৰ হৈছে তেতিয়া তেওঁ কৈছে জীৱনটো যুঁজিবৰ বাবে ।’’
- " class="align-text-top noRightClick twitterSection" data="">
এই অনুষ্ঠানটোত অতিথি হিচাপে অংশগ্ৰহণ কৰি ডাঃ মনালিছা গোস্বামী শৰ্মাই কয়, ‘‘অসমৰ শিল্পী,অসমৰ শিক্ষক, অসমৰ লেখকে বাহিৰত আদৰ নাপায় । কাৰণ নিজৰ মানুহখিনিক আমি সন্মান দিব জনা নাই । এই বিষয়টো হ'ব যেতিয়া লেখকৰ কিতাপ অনুবাদ হ'ব ।’’ অনুষ্ঠানটোত অৰ্ঘদীপ বৰুৱা, বুকনুকৰ স্বতাধিকাৰী বিজিত বৰঠাকুৰ, অঞ্জলী মহন্ত, থগিত মহন্ত, ৰূপালী দৈমাৰী, বৰষা তামুলীয়ে শৰ্মিষ্ঠা প্ৰীতমৰ গ্ৰন্থৰ ওপৰত পাঠক হিচাপে নিজৰ মতামত আগবঢ়ায় ।
আলিবাট প্ৰকাশন গোষ্ঠীৰ স্বতাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই আঁতধৰা অনুষ্ঠানটোত অনুভৱ ব্যক্ত কৰি লেখিকা শৰ্মিষ্ঠা প্ৰীতমে কয়, "পাঠকে এজন লেখকক জীয়াই ৰাখে । এই কথাষাৰ মোৰ জীৱনত বাস্তৱিকতে সত্য । পাঠকে কেৱল মোৰ লেখক সত্বাটোকে জীয়াই ৰখা নাই, মোৰ ঔষধৰ ব্যয় পাঠকেই আগবঢ়াইছে । তাৰ বাবে তেওঁলোকৰ ওচৰত কৃতজ্ঞ ।"
তেওঁ লগতে কয় , ‘‘মই লেখিছো হৃদয়ৰ তাড়নাত । মই নিজৰ সীমাবদ্ধতাক স্বীকাৰ কৰি আহিছো । মোৰ অসাধাৰণ প্ৰত্যাশা নাই । কিন্তু ভালকৈ লেখাটো নিজৰ দায়বদ্ধতা বুলি ভাবো ।’’ লেখাৰ আৰু পঢ়াৰ শেষ নাই বুলি মন্তব্য কৰি তেওঁ নিকট পৃথিৱীখনকে নিজৰ সৃষ্টিৰ আধাৰ কৰি ল'ব পাৰো বুলি কয় ।
লগতে পঢ়ক:অগ্নিবীৰৰ হৈ যুঁজিব কংগ্ৰেছে, লখিমপুৰত জয় জোৱান কাৰ্যসূচী মুকলি এনএছইউআইৰ

