ETV Bharat / state

শীঘ্ৰে আৰম্ভ হ'ব ভাৰত-ভূটান সংযোগী ঐতিহাসিক ৰে'লপথৰ নিৰ্মাণকাৰ্য !

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ইতিমধ্যে এই ঐতিহাসিক ৰে'লপথৰ ভূমি জৰীপ সম্পূৰ্ণ কৰিছে ।

Indian-Bhutan rail line
ভাৰত-ভূটান সংযোগী ঐতিহাসিক ৰে'লপথ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 1:10 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : যোগাযোগৰ ক্ষেত্ৰত ভাৰতৰ লগতে চুবুৰীয়া দেশ ভূটানৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ । কিয়নো দুয়োখন দেশৰ মাজত প্ৰথমবাৰৰ বাবে ৰে'লসেৱা আৰম্ভ হ'ব । অসমৰ কোকৰাঝাৰ আৰু ভূটানৰ গেলেফু চহৰক সংযোগ কৰাকৈ এটা ৰে'লপথৰ নিৰ্মাণ শীঘ্ৰে আৰম্ভ হ'ব । চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপে দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে ।

কোকৰাঝাৰ আৰু গেলেফুৰ মাজত ৰে'ল সেৱা

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই (এনএফআৰ) শনিবাৰে উল্লেখ কৰা মতে ৰে'লৱেই প্ৰকল্পটোৰ ওপৰত সক্ৰিয়ভাৱে কাম কৰি আছে আৰু তেওঁলোকে ইতিমধ্যে অসমৰ মাজেৰে ভাৰত আৰু ভূটানৰ মাজত ৰে'ল সংযোগ স্থাপনৰ বাবে চূড়ান্ত ভূমি জৰীপ সম্পূৰ্ণ কৰিছে ৷ ৰে'ল, তথ্য-সম্প্ৰচাৰ আৰু ইলেক্ট্ৰনিক্স মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হোৱা এডভাণ্টেজ আছাম ২.০ বিনিয়োগ সন্মিলনৰ সময়ত এই অভিলাষী প্ৰকল্পৰ কথা ঘোষণা কৰিছে ৷

Indian-Bhutan rail line
ভাৰত-ভূটান সংযোগী ঐতিহাসিক ৰে'লপথ (ETV Bharat)

উত্তৰ পূৱ সীমান্ত ৰে'লৱেই শনিবাৰে কয় যে ভাৰতীয় ৰে'লৱেই চুবুৰীয়া দেশসমূহৰ সৈতে যোগাযোগ উন্নত কৰাৰ বাবে কেইবাটাও নতুন ৰে'ল প্ৰকল্প সক্ৰিয়ভাৱে হাতত লৈছে । ৰে'লৱেই কৈছে, "এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰৰ পৰা গেলেফুলৈ অসমক ভূটানৰ সৈতে সংযোগ কৰা এক নতুন ৰে'লপথৰ প্ৰস্তাৱ দিয়া হৈছে যাতে সীমান্তৰ মাজেৰে সংযোগ উন্নত কৰা আৰু দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা হয় ।"

প্ৰকল্পটোৰ আনুমানিক ব্যয় ৩৫০০ কোটি টকা

এন এফ ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই শনিবাৰে কয় যে প্ৰস্তাৱিত ৬৯.০৪ কিলোমিটাৰ ৰে'লপথটোৱে অসমৰ কোকৰাঝাৰ ষ্টেচনক ভূটানৰ গেলেফুৰ সৈতে সংযোগ কৰিব । এই প্ৰকল্পৰ আনুমানিক ব্যয় হ'ব ৩,৫০০ কোটি টকা । প্ৰকল্পটোত ৬ টা নতুন ষ্টেচন যেনে বালাজন, গৰুভাচা, ৰুণিখাটা, শান্তিপুৰ, দাদগিৰি আৰু গেলেফুৰ নিৰ্মাণ আৰু বিকাশ অন্তৰ্ভুক্ত আছে । ইয়াৰ উপৰিও, আন্তঃগাঁথনি পৰিকল্পনাত দুখন গুৰুত্বপূৰ্ণ দলং, ২৯ খন মুখ্য দলং, ৬৫ খন সৰু দলং, এখন উৰণ সেতু, ৩৯ ৰোড আণ্ডাৰ ব্ৰীজ আৰু ১১ মিটাৰ দৈৰ্ঘৰ দুখন ভায়াডাক্ট (ওখ দলং) অন্তৰ্ভুক্ত আছে ।

তেওঁ কয়,"চূড়ান্ত ভূমি জৰীপ (এফএলএছ) সফলতাৰে সম্পূৰ্ণ হৈছে আৰু অধিক অনুমোদন আৰু প্ৰয়োজনীয় নিৰ্দেশনাৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) দাখিল কৰা হৈছে ।" তেওঁ লগতে কয় যে প্ৰস্তাৱিত ৰে'লপথটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত বাণিজ্য, পৰ্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধি কৰিব ।

ভাৰত-ভূটান সম্পৰ্ক

শৰ্মাই লগতে কয়, "এই যোগাযোগৰ উন্নয়নৰ দ্বাৰা ভূটানে প্ৰথম ৰে'ল সেৱা লাভ কৰিব । ইয়াৰ উপৰিও, ৰে'লপথটোৱে বড়োলেণ্ডক এক বাণিজ্যিক আৰু পৰিবহণ কেন্দ্ৰ কৰি তুলিব । যাৰ ফলত স্থানীয় ব্যৱসায় আৰু সম্প্ৰদায় উপকৃত হ'ব । সামগ্ৰিকভাৱে অসম-ভূটান ৰে'লপথটোৱে বড়োলেণ্ডৰ অৰ্থনীতি আৰু যোগাযোগৰ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে, যাৰ ফলত দীৰ্ঘম্যাদী পৰিৱৰ্তন আৰু বিকাশৰ পথ প্ৰশস্ত হ'ব ।"

লগতে পঢ়ক :ভাৰত-ইউৰোপীয় ইউনিয়নৰ বাণিজ্য আৰু প্ৰযুক্তি আলোচনাৰ গুৰুত্বৰ গতি লাভ - INDIA EU TRADE TALKS