সীমান্তত সেনা অতন্ত্ৰ প্ৰহৰী হোৱা বাবেই দেশবাসীয়ে শান্তিৰে শুব পৰিছে : ৰাজ্য়পাল
ভেটেৰান্স স্বাভিমান ৰেলী ২০২৫ত বীৰ শ্বহীদ জোৱানৰ পত্নী তথা পৰিয়ালক সাহাৰ্য আৰু উপহাৰ প্ৰদান ।

Published : October 12, 2025 at 6:32 PM IST
গুৱাহাটী : "সেনা জোৱানসকলৰ বাবেই দেশৰ পতাকা উচ্চ শিখৰত উৰি আছে । দেশৰ সীমান্তত অতন্ত্ৰ প্ৰহৰী হিচাপে সেনাই কাম কৰাৰ বাবেই দেশবাসীয়ে শান্তিৰে শুব পৰিছে।" এই মন্তব্য় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ।
ভেটেৰান্স স্বাভিমান ৰেলী ২০২৫ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে সেনাৰ প্ৰশংসাত পঞ্চমুখ হৈ এইদৰে মন্তব্য় কৰে । গুৱাহাটীৰ সাতগাঁওস্থিত সেনা শিবিৰৰ ২২২ এব অ’ ডি খেলপথাৰত দেওবাৰে ভেটেৰান্স স্বাভিমান ৰেলী ২০২৫ অনুষ্ঠিত হয় । এই ৰেলী আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ।
অনুষ্ঠানটোত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বীৰ শ্বহীদ জোৱানৰ পত্নী তথা পৰিয়ালৰ লোকক আৰু আঘাতপ্ৰাপ্ত সেনা জোৱানসকলক আৰ্থিক সাহাৰ্য আৰু উপহাৰ প্ৰদান কৰে । এই অনুষ্ঠানটোত আঘাতপ্ৰাপ্ত সেনা জোৱান সকলৰ লগত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মত বিনিময় কৰে ।
উল্লেখ্য যে, বীৰ শ্বহীদ জোৱানৰ পৰিয়াল আৰু অৱসৰ প্ৰাপ্ত সেনাৰ সমস্যা সমাধানৰ উদ্দেশ্য এই ভেটেৰান্স স্বাভিমান ৰেলী ২০২৫ আয়োজন কৰা হয় । মূলতঃ অসম তথা চুবুৰীয়া অঞ্চলৰ প্ৰবীণ সৈনিকৰ বিশিষ্ট সেৱা আৰু ত্যাগক সন্মান জনোৱাৰ উদ্দেশ্যে এইচ কিউ ইষ্টাৰ্ণ কমাণ্ডৰ তত্বাৱধানত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
এই সমাৱেশত প্ৰবীণ সমাজৰ কল্যাণ আৰু মৰ্যাদাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্ৰদৰ্শন কৰা হয় । অসম আৰু চুবুৰীয়া অঞ্চলৰ প্ৰবীণ সৈনিকৰ সেৱা আৰু বলিদান এই সমাৱেশত প্ৰবীণ সমাজৰ কল্যাণ আৰু মৰ্যাদাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্ৰদৰ্শন কৰা হয় ।
এই অনুষ্ঠানটোত ভাষণ প্ৰসংগত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কয়,"দেশৰ সুৰক্ষাই সেনা জোৱানসকলে জীৱনৰ মূল উদ্দেশ্য বুলি কাম কৰে ।" সেনা জোৱানসকলৰ বাবেই দেশৰ পতাকা উচ্চ শিখৰত উৰি থকা বুলি উল্লেখ কৰি ৰাজ্যপাল আচাৰ্যই কয়, "দেশৰ সীমাত অতন্ত্ৰ প্ৰহৰী হিচাপে সেনাই কাম কৰাৰ বাবেই দেশবাসীয়ে শান্তিৰে শুব পৰিছে ।"
অনুষ্ঠানটোত নাৰেংগী সেনা শিবিৰৰ ৫১ নং ছাব এৰিয়া মেজৰ জেনেৰেল এ কে শৰ্মা, এয়াৰ মাৰ্চেল এ কে গগৈ, অৱসৰপ্ৰাপ্ত সেনা বিষয়া ৰাণা প্ৰতাপ কলিতাকে ধৰি ভালেমান শীৰ্ষ বিষয়া উপস্থিত থাকে ।
ইয়াৰ পিচতেই সংবাদ মাধ্যমৰ আগত ৰাজ্যপালগৰাকী কয়, "প্ৰথমে এই পূৰ্ব সৈনিক ৰেলী আয়োজন কৰা বাবে আয়োজক সকলৰ প্ৰতিগৰাকীকে ধন্যবাদ জনাইছো । এই অনুষ্ঠানৰ যোগেদি সমাজ আৰু দেশৰ প্ৰতি কৰ্তব্য আগবঢ়োৱা সকলো সৈনিকক একত্ৰিত কাৰোৱা এটা মহান কাম । পূৰ্ব সৈনিক সকলৰ গৌৰৱ, আত্মবিশ্বাস বৃদ্ধি কৰা, চিকিৎসা কেম্প তথা আত্মনিৰ্ভশীলতা,সামগ্ৰী তথা আৰ্থিক সাহাৰ্য প্ৰদান কৰাক লৈ মই সুখ অনুভৱ কৰিছো ।"

