গুৱাহাটী: পহলগামৰ ঘটনা আৰু তাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী সময়ত অপাৰেশ্যন সেন্দূৰৰ যোগেদি ভাৰতৰ দ্বাৰা পাকিস্তানত প্ৰবল আক্ৰমণ আদি সমগ্ৰ বিষয় সামৰি গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ৷ বুধবাৰে প্ৰদৰ্শনীখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
উক্ত প্ৰদৰ্শনীত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক পল্লৱ লোচন দাসৰ উপৰিও বিজেপিৰ শতাধিক নেতা-কৰ্মী । এই প্ৰদৰ্শনীখনৰ জড়িয়তে দেশৰ সেনাবাহিনীৰ ৰণনীতি আৰু পৰাক্ৰমৰ এক প্ৰতিফলন দাঙি ধৰা হয় । উল্লেখ্য যে ভাৰতীয় বায়ুসেনাই বোমা বিস্ফোৰণ কৰিছিল পাক অধিকৃত কাশ্মীৰৰ উগ্ৰপন্থীৰ ঘাটিৰ লগতে পাকিস্তানৰ মুখ্য বিমান ঘাটিত ।
ইয়াৰোপৰি ভাৰতীয় প্ৰতিৰক্ষাৰ অস্ত্ৰ ভাণ্ডাৰৰ INS বিক্ৰান্ত, INS বিক্ৰমাদিত্য, S400 মিছাইল চিষ্টেম, আকাশ মিছাইল, ব্ৰহ্মোছ মিছাইল, ৰাফেল বিমান আদি ব্যৱহাৰ কৰা হৈছিল এই অভিযানত । এই প্ৰদৰ্শনীখনত এইসমূহ অস্ত্ৰৰ ফটো প্ৰদৰ্শন কৰা হয় । এই প্ৰদৰ্শনীখন প্ৰতিজন সাধাৰণ ৰাইজে যিকোনো সময়ত নিজৰ সময়-সুবিধা মিলাই চাবলৈ আহিব পাৰিব ।
প্ৰদৰ্শনীখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু ভাৰতীয় সেনা বাহিনীয়ে বীৰত্বৰে কেনেকৈ পাকিস্তানী সন্ত্ৰাসবাদী ঘাটিসমূহ ধ্বংস কৰা হ'ল তাৰ চিত্ৰ এই প্ৰদৰ্শনীৰ জড়িয়তে দেখা পাব । যদিওবা বিজেপিৰ কাৰ্যালয়ত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে, তথাপিও সকলো সাধাৰণ ৰাইজৰ বাবে মুকলি থাকিব এই বিশেষ প্ৰদৰ্শনী ।"
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "ইয়াৰোপৰি আজি মহানগৰীৰত প্ৰথমটো ত্ৰিৰংগা যাত্ৰা কৰা হৈছে । পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়ত, ব্লক পৰ্যায়ত আৰু বুথ পৰ্যায়তো কৰা হ'ব এই ত্ৰিৰংগা যাত্ৰা । ইয়াৰ লগতে সমূহ অসমবাসীক ত্ৰিৰংগা যাত্ৰাত অংশ লৈ সন্ত্ৰাসবাদ আৰু পাকিস্তানৰ বিৰুদ্ধে হোৱা ভাৰতৰ সেনাবাহিনীৰ দক্ষতা আৰু শৌৰ্য্য উদযাপন কৰিবলৈও অনুৰোধ জনাইছোঁ ৷"
আনহাতে ভাৰত-বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এই বিষয়টো বৈদেশিক পৰিক্ৰমা বিভাগৰ । আমি অসমে চিন্তা কৰিব নালাগে, যিহেতু এই বিষয়ত ভাৰত চৰকাৰে চিন্তা কৰে । তথাপিও বৰ্তমান ভাৰত-বাংলাদেশৰ সীমান্তত সকলো সতৰ্ক কৰি ৰখা হৈছে । তাৰোপৰি কোনোবা বাংলাদেশীয়ে ভাৰতত প্ৰৱেশ কৰিলে ঘূৰাই পঠিয়াবলৈ কাম কৰি থকা হৈছে । বৰ্তমান ভাৰত-বাংলাদেশ সীমান্ত সুস্থিৰ হৈ আছে আৰু মই ভাবো সুস্থিৰ হৈ থাকিব ।"